Thursday, 05 November 2026
লগইন
ব্ৰেকিং

বিশ্ব বজাৰত নিয়ন্ত্ৰণ হ'ব বৰ্তমান ইন্ধনৰ মূল্য মূল্য। G7 ভুক্ত দেশসমূহে গ্ৰহণ কৰিছে ডাঙৰ সিদ্ধান্ত!

বিশ্ব বজাৰত নিয়ন্ত্ৰণ হ'ব বৰ্তমান ইন্ধনৰ মূল্য মূল্য

গ্রুপ অৱ চেভেন (G7) দেশসমূহে তেওঁলোকৰ জৰুৰীকালীন ভাণ্ডাৰৰ পৰা ১০০ নিযুত বেৰেল খাৰুৱা তেল আৰু ডিজেল মুকলি কৰিবলৈ সন্মত হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ তীব্ৰ চাপৰ পিছত আকাশলংঘী ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ উদ্দেশ্যে কেইবামাহো ধৰি এই পদক্ষেপ গ্ৰহণ কৰা হ'ব।

উল্লেখ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলৰ ইৰাণৰ সৈতে হোৱা যুদ্ধ, লগতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ বাবে বিশ্বজুৰি তেল আৰু ডিজেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে।

"G7 ৰ সদস্যৰাষ্ট্ৰসমূহৰ জৰুৰীকালীন মুক্তিয়ে মূল্যৰ ওপৰত, বিশেষকৈ৬ বিশ্বজুৰি ডিজেলৰ দামৰ ওপৰত কিছু নিম্নমুখী চাপ পেলাব। অৱশ্যে, যোগানৰ নাটনিৰ বাবে ই কেৱল এটা সাময়িক সমাধান হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ প্ৰভাৱ হ্ৰস্বম্যাদী হ'ব," কেপিটেল ইক’নমিক্সৰ জলবায়ু আৰু পণ্য অৰ্থনীতিবিদ হামাদ হুছেইনে এইদৰে এটা সংবাদ সুত্ৰৰ আগত প্ৰকাশ কৰে।

বৃহস্পতিবাৰে তেলৰ মূল্য যথেষ্ট বৃদ্ধি পায় আৰু প্ৰতি বেৰেলত ৪ ডলাৰতকৈও অধিক ওপৰত হ্ৰাস হয়। তথ্য অনুসৰি, শুক্ৰবাৰে বিশ্বজুৰি ডিজেলৰ মূল্যই অভিলেখ উচ্চতা স্পৰ্শ কৰে, য’ত প্ৰতি গেলন (৩.৭৯ লিটাৰ) ডিজেলৰ গড় মূল্য হ’ল ৬.৫০ ডলাৰ, যিটো এক মাহৰ আগৰ ৫.৬১ ডলাৰৰ তুলনাত অধিক।

বৃহস্পতিবাৰে দিয়া এক বিবৃতিত G7- .য়ে কয় যে, "প্ৰথম ২০ দিনৰ ভিতৰত এক যথেষ্ট পৰিমাণৰ ডিজেল মুকলি " কৰা হ'ব আৰু অনাগত দিনবোৰত প্ৰয়োজন সাপেক্ষে অতিৰিক্ত ডিজেল মুকলি কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব।"

G7 দেশসমূহৰ শেহতীয়া জৰুৰীকালীন ইন্ধন মুকলিৰ সিদ্ধান্তই গোলকীয় বজাৰত হ্ৰস্বম্যাদী সকাহ দিব পাৰে, কিন্তু দীৰ্ঘম্যাদী সুস্থিৰতা এতিয়াও নিশ্চিত কৰা নাই।

G7 ভুক্ত দেশসমূহে কি ঘোষণা কৰিছে?

শুক্ৰবাৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰঁৰ পৌৰোহিত্যত অনুষ্ঠিত G7 নেতাসকলৰ এক ভিডিঅ' কনফাৰেন্সৰ পিছত গোটটোৱে এক যুটীয়া বিবৃতিত কয়: “ইতিমধ্যে পূৰণ কৰা প্ৰতিশ্ৰুতিসমূহক বিবেচনা কৰি, আমি আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা (IEA)-ৰ জৰিয়তে ১০০ নিযুত বেৰেল তেলৰ এক সমন্বিত মুক্তিৰ সৈতে আমাৰ প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণ কৰিম।”

আন্তঃৰাষ্ট্ৰীয় শক্তি সংস্থা (IEA)-ৰ কাৰ্যবাহী সঞ্চালক ফাতিহ বিৰোলে চলিত সপ্তাহৰ আৰম্ভণিতে জনায় যে, সদস্য দেশসমূহে ৪০০ নিযুত বেৰেলৰ চুক্তিটোৰ প্ৰায় দুই-তৃতীয়াংশ মুকলি কৰিছে।

G7-ৰ শক্তি মুকলি প্ৰক্ৰিয়া লগে লগে আৰম্ভ হ’ব আৰু চাৰি মাহলৈ চলিব, য’ত ২০ দিনৰ বাবে বৃহৎ পৰিমাণৰ ডিজেল মুকলি কৰাটো অন্তৰ্ভুক্ত থাকিব। গোটটোৰ প্ৰতিটো সদস্য দেশে কিমান তেল আৰু ডিজেলৰ মজুত মুকলি কৰিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

“প্ৰয়োজন অনুসৰি অতিৰিক্ত ডিজেল মুকলি কৰাৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰিবলৈ আমি অহা দিনবোৰত আই.ই.এ. (IEA)-ৰ প্ৰেক্ষাপটত মিলিত হ’ম,” বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

“একেলগে যাতে উৎপাদন ক্ষমতা বন্ধ হৈ নাযায় তাৰ বাবে আমি G7 ৰিফাইনেৰীসমূহৰ মেৰামতিৰ সময়সূচীসমূহৰ মাজত সমন্বয় ৰক্ষা কৰিম আৰু য’ত সম্ভৱ হয় অস্থায়ীভাৱে ব্যৱহাৰৰ হাৰ বৃদ্ধি কৰিম,” বুলি সংস্থাটোৱে প্ৰকাশ কৰে।

G7 এ সদস্য দেশসমূহক নিজৰ মাজত শক্তিজাত সামগ্ৰীৰ ওপৰত ৰপ্তানি বাধা আৰোপ কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায়।

এই সপ্তাহৰ আৰম্ভণিতে, ট্ৰাম্প প্ৰশাসনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজেল ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ ভাবুকি দিছিল আৰু ডিজেলৰ আকাশলংঘী মূল্য হ্ৰাস কৰাত সহায় কৰিবলৈ ইউৰোপক ইয়াৰ জৰুৰীকালীন ডিজেল মজুত মুকলি কৰি দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

পেট্ৰ’ল আৰু ডিজেলৰ মূল্য অত্যাধিক বৃদ্ধি হোৱাৰ প্ৰধান কাৰণসমূহ কি?

ইউক্ৰেইনৰ দ্বাৰা ৰাছিয়াৰ শক্তি প্ৰকল্পসমূহৰ ওপৰত চলোৱা আক্ৰমণ আৰু ইয়াৰ সমান্তৰালকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা ইজৰাইলৰ ইৰাণৰ সৈতে চলি থকা যুদ্ধৰ ফলত উপসাগৰীয় অঞ্চলৰ পৰা শক্তি ৰপ্তানি ব্যাহত হৈ পৰিছে, যাৰ বাবে বিশ্বজুৰি ইন্ধনৰ মূল্য অতিমাত্ৰা বৃদ্ধি পাইছে।

আন্তৰ্জাতিক শক্তি সংস্থাৰ তৈল উদ্যোগ আৰু বজাৰ বিভাগৰ প্ৰাক্তন মুৰব্বী নীল এটকিনছনে জানিবলৈ দিয়ে যে, বিশ্বব্যাপী ডিজেলৰ যোগান হ্ৰাস হোৱাৰ অন্তৰালত তিনিটা মুখ্য কাৰক আছে।

প্ৰথমতে, মধ্যপ্ৰাচ্যৰ পৰা ইউৰোপলৈ ডিজেল অহা নাই, আৰু ইউৰোপে চৌদি আৰৱ আৰু কুৱেইটৰ পৰা যথেষ্ট পৰিমাণৰ ডিজেল লৈছিল।

দ্বিতীয়তে, ইউক্ৰেইনৰ ড্ৰোণ আক্ৰমণৰ বাবে নিজৰ তেল শোধনাগাৰসমূহ ক্ষতিগ্ৰস্ত হোৱাৰ পিছত দেশৰ ভিতৰত ইন্ধনৰ নাটনি দূৰ কৰিবলৈ ৰাছিয়াই ডিজেল ৰপ্তানি সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে।

তাৰোপৰি তেওঁ কয় যে, "চীনে এতিয়া ডিজেল ৰপ্তানি কৰা নাই। আমি এনে এটা পৰিস্থিতিত উপনীত হৈছোঁ য'ত চাহিদা তুলনামূলকভাৱে অধিক হৈ আছে আৰু কৃষিৰ চপোৱা বতৰৰ বাবে এই চাহিদা বেছি হৈ থকাৰে সম্ভাৱনা আছে।"

যৌথ সংস্থা ডেটা ইনিশিয়েটিভ আৰু পেট্ৰ’লিয়াম ৰপ্তানি কৰা দেশসমূহৰ সংগঠন (OPEC)-ৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ ডিজেল উৎপাদনকাৰী আৰু ৰপ্তানি কৰা দেশ। এই দেশে প্ৰতিদিনে প্ৰায় ২৪০.৫ নিযুত টন ডিজেল উৎপাদন কৰে আৰু প্ৰায় ১.২৬ নিযুত বেৰেল ডিজেল ৰপ্তানি কৰে।

ৰাছিয়া হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ডিজেল ৰপ্তানিকাৰী দেশ, যিয়ে গোলকীয় বজাৰত দৈনিক ৭,৮৩,৪০০ বেৰেল ডিজেল যোগান ধৰে। আনহাতে, চৌদি আৰৱ ৫৮.৪ নিযুত টন উৎপাদনৰে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ ডিজেল উৎপাদনকাৰী দেশ,কিন্তু ই নিজৰ উৎপাদিত ডিজেলৰ এক বুজন অংশ ঘৰুৱাভাৱে ব্যৱহাৰ কৰে।

G7 দেশসমূহৰ জৰুৰীকালীন ইন্ধন মুকলিৰ সিদ্ধান্তই বিশ্ব বজাৰত তেলৰ মূল্য হ্ৰাস কৰাত সহায় কৰিছে নে?

G7ৰ ঘোষণাৰ অন্তত, বৈঠকখনৰ সহ-সভাপতিত্ব কৰা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে কয় যে, সংস্থাটোৱে তেল মুকলি কৰাৰ এই পদক্ষেপে পেট্ৰ’লিয়ামজাত সামগ্ৰী, বিশেষকৈ ডিজেলৰ মূল্য হ্ৰাস কৰিব।

G7-ৰ ঘোষণাৰ পিছত আন্তঃৰাষ্ট্ৰীয় মানদণ্ড ব্ৰেণ্ট ক্ৰুডৰ মূল্য কিছু সময়ৰ বাবে প্ৰতি বেৰেলত ১০০ ডলাৰৰ তললৈ নামি গৈছিল, কিন্তু সন্ধিয়ালৈ ই প্ৰায় ১০২ ডলাৰলৈ বৃদ্ধি পায়।

Zaye Capital Markets-ৰ মুখ্য বিনিয়োগ বিষয়া নাঈম আছলামে আল প্ৰকাশ কৰে যে, G7-ৰ শক্তি মুকলি কৰাৰ সিদ্ধান্তটো অত্যন্ত প্ৰয়োজনীয়" আছিল, কিন্তু সংস্থাটোৰ এই ঘোষণা কেৱল শক্তি বজাৰৰ চাপ হ্ৰাস কৰাৰ বাবেহে আছিল।

তাৰোপৰি বিনিয়োগকাৰীগৰাকীয়ে প্ৰকাশ কৰে যে, “হাইড্ৰ’কাৰ্বন বা শক্তি খণ্ডৰ শ্বেয়াৰসমূহ কোনে মুকলি কৰিব আৰু ক’ত কেনেকৈ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব, সেই সন্দৰ্ভত প্ৰকৃত গাঁথনিগত পৰিৱৰ্তনসমূহ বজাৰখনৰ বাবে এটা গুৰুত্বপূৰ্ণ উপাদান হৈ থাকিব।” 

"দেওবাৰৰ নিশাৰ ভিতৰত, বিশেষকৈ বজাৰ খোলাৰ পূৰ্বে, শক্তিৰ মূল্যৰ ওপৰত থকা অতিৰিক্ত চাপ কমি যাব। কিন্তু সোমবাৰৰ ৰাতিপুৱালৈ গতি কৰিলে আমি সম্ভৱতঃ বজাৰত এক ওলোটা পৰিৱৰ্তন (reversal) দেখিবলৈ পাব পাৰোঁ।"

শক্তি বিশেষজ্ঞ অ্টকিনসনে কয় যে, "G7 ৰ ইন্ধন মুকলি কৰাৰ সিদ্ধান্তটো আদৰণীয় যদিও ই বিশ্বজুৰি যোগান স্বাভাৱিকতকৈ কম হৈ থকাৰ মূল সমস্যাটো দূৰ নকৰে।"

 “মধ্যপ্ৰাচ্যত এই যুদ্ধ আৰম্ভ হোৱাৰ সাত মাহ পাছতো আমি এতিয়াও এনে এক পৰিস্থিতিত আছোঁ য’ত খাৰুৱা তেল বা উৎপাদিত সামগ্ৰীৰ গোলকীয় যোগান যুদ্ধৰ পূৰ্বৰ স্তৰতকৈ যথেষ্ট কম হৈয়েই আছে। আমি এতিয়া এনে এক পৰিস্থিতিত আছোঁ য'ত সামগ্ৰীৰ অন্তিম ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিয়া হৈছে, প্ৰধানকৈ ডিজেল, যিটোৰ বিষয়েই আমি ইয়াত কথা পাতি আছোঁ।"

ট্ৰাম্পে কি কয়?

ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি ট্ৰাম্প প্ৰশাসন আৰু ৰিপাব্লিকানসকলৰ বাবে উত্তেজনাৰ কাৰণ হৈ পৰিছে, ই নৱেম্বৰৰ মধ্যৱৰ্তীকালীন নিৰ্বাচনত তেওঁলোকৰ ভোট হ্ৰাস কৰিব বুলি তেওঁলোকৰ আশংকাৰ কাৰণ হৈ পৰিছে।

উল্লেখ্য যে, ট্ৰাম্পে ইউক্ৰেইনক যুদ্ধৰ মাজতে ৰাছিয়াৰ ডিজেল প্ৰকল্পসমূহৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল।

তাৰ পিছতে চলিত সপ্তাহৰ বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, তেওঁৰ প্ৰশাসনে ইউৰোপীয় দেশসমূহক ডিজেলৰ মজুত মুকলি কৰিবলৈ অনুৰোধ কৰিব পাৰে। ইয়াৰ অলপ সময়ৰ আগতে ট্ৰেজাৰী সচিব স্কট বেচেণ্টে ইউৰোপক তেওঁলোকৰ সংৰক্ষিত ভাণ্ডাৰ তৎক্ষণাৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল।

তাৰোপৰি যদিহে ইউৰোপে জৰুৰীকালীন ডিজেল মজুত মুকলি কৰি নিদিয়ে তেন্তে ট্ৰাম্পে আমেৰিকাৰ ডিজেল ৰপ্তানি নিষিদ্ধ কৰাৰো ভাবুকি দিছিল।

কিন্তু শুক্ৰবাৰে ট্ৰাম্পে হোৱাইট হাউচত সংবাদ মাধ্যমৰ আগত ৱাশ্বিংটনে প্ৰকাশ কৰে যে, ডিজেল ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা আৰোপ নকৰে। তেওঁ কয় যে, এই পৰিকল্পনাটো আচলতে কেতিয়াও আলোচনা হোৱা নাছিল।

"ইউৰোপৰ ওচৰত প্ৰচুৰ পৰিমাণে ডিজেল আছে,আৰু তেওঁলোকে বিশ্বলৈ এক ডাঙৰ অৱদান আগবঢ়াবলৈ প্ৰস্তুত হৈছে আৰু আমি ৰপ্তানি নিষিদ্ধ কৰিবলৈ ওলোৱা নাই। আমি যিটো কৰা উচিত তাকেই কৰিম।"

উল্লেখ্য যে, ট্ৰাম্প ৬ ডলাৰৰ ওপৰৰ ডিজেলৰ মূল্যক লৈ শংকিত,যিটো তেওঁ যুদ্ধ আৰম্ভ কৰাৰ পূৰ্বৰ তুলনাত ৭০ শতাংশ অধিক। ১৯৮২ চনত ৰেকৰ্ড আৰম্ভ হোৱাৰ পিছৰে পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডিজেলৰ মজুত আটাইতকৈ কম ঋতুভিত্তিক স্তৰত থকাৰ বাবে পৰিস্থিতি আৰু অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে।

'মিডল ইষ্ট কাউন্সিল অন গ্লবেল এফিয়াৰ্ছ'ৰ এজন অনা-আৱাসিক জ্যেষ্ঠ ফেলো ফ্ৰেডেৰিক শ্নাইডাৰে শুক্ৰবাৰে প্ৰকাশ কৰে,"ইৰাণৰ বিৰুদ্ধে আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ বাবে যদি পৰ্যাপ্ত পৰিমাণৰ ডিজেল উৎপাদন নহয় আৰু ডিজেলৰ সঞ্চিত ভাণ্ডাৰো শেষ হৈ যায়, তেন্তে আমেৰিকাৰ বজাৰলৈ অধিক ডিজেল অনাৰ একমাত্ৰ উপায় হ’ল কমকৈ ৰপ্তানি কৰা।"

G7-ৰ ঘোষণাৰ পিছত, ট্ৰাম্পে তেওঁৰ Truth Social প্লেটফৰ্মত লিখিছিল- “ইউৰোপে তেওঁলোকৰ প্ৰচুৰ পৰিমাণে মজুত থকা ডিজেল তেলৰ এক বৃহৎ অংশ মুকলি কৰিবলৈ সন্মত হৈছে। এই প্ৰক্ৰিয়াটো লগে লগে আৰম্ভ হ’ব।”

ৰয়টাৰ্ছ সংবাদ সংস্থাক এই প্ৰক্ৰিয়াটোৰ সৈতে পৰিচিত দুজন ব্যক্তিয়ে জনোৱা মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত অভিলেখ পৰিমাণে বৃদ্ধি পোৱা ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ হোৱাইট হাউচে এটা কাৰ্যবাহী নিৰ্দেশ প্ৰস্তুত কৰি আছে, যিটো অহা সপ্তাহৰ ভিতৰতে প্ৰকাশ কৰা হ’ব পাৰে।

শ্নাইডাৰে উল্লেখ কৰে যে, দেশসমূহ শক্তিৰ উচ্চ মূল্যক লৈও চিন্তিত, কিয়নো ডিজেল আৰু পেট্ৰ’ল অৰ্থনীতিৰ বাবে গুৰুত্বপূৰ্ণ আৰু ইহঁতে বিভিন্ন ভূমিকা পালন কৰে।

য’ত পেট্ৰ’লে গাড়ী চলায়, ডিজেলে ট্ৰাক, মালবাহী ৰে’ল, জাহাজ, ট্ৰেক্টৰ, হাৰ্ভেষ্টাৰ, নিৰ্মাণ কাৰ্যত ব্যৱহৃত যন্ত্ৰপাতি, খনিৰ সঁজুলি আৰু বেকআপ জেনেৰেটৰ আদি সকলোতে ইন্ধন যোগায়। ইয়াৰ অৰ্থ হ’ব যে পেট্ৰ’ল গ্ৰাহকসকলে বেছিকৈ ব্যৱহাৰ কৰে, আনহাতে ডিজেল বেছিভাগ ক্ষেত্ৰতে উৎপাদকসকলে ব্যৱহাৰ কৰে; ফলস্বৰূপে ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰভাৱ আন প্ৰায় সকলো বস্তুৰ মূল্যৰ ওপৰত পৰে, বিশেষকৈ খাদ্য সামগ্ৰী, নিৰ্মাণ সামগ্ৰী আৰু ট্ৰাকৰ জৰিয়তে যোগান ধৰা যিকোনো বস্তুৰ ওপৰত।

হৰমুজ প্ৰণালী বন্ধ হৈ পৰাৰ বাবে ডিজেল আৰু সাৰ উভয়ৰে দাম বৃদ্ধি পাইছে, যাৰ ফলত কৃষকসকল দুগুণ সমস্যাৰ সন্মুখীন হৈছে।

“গতিকে ডিজেলৰ বৰ্ধিত মূল্যে উৎপাদন আৰু পৰিবহন ব্যৱস্থাৰ ওপৰত আৰোপ কৰা এটা কৰৰ দৰে কাম কৰে, আনহাতে গেছোলিনৰ বৰ্ধিত মূল্যই পোনপটীয়াকৈ গ্ৰাহকৰ ওপৰত কৰৰ দৰে প্ৰভাৱ পেলায়। গেছোলিনৰ বৰ্ধিত মূল্যৰ দৰেই, ডিজেলৰ বৰ্ধিত মূল্যেও মুদ্ৰাস্ফীতি বৃদ্ধি কৰাৰ লগতে পৰিবহন আৰু কৃষি খণ্ডৰ লাভৰ পৰিমাণ সংকুচিত কৰি ‘ষ্টেগফ্লেচন’ৰ বিপদাশংকা কঢ়িয়াই আনে। ইয়াৰ অৰ্থ হৈছে কেন্দ্ৰীয় বেংকসমূহ সুতৰ হাৰ হ্ৰাস কৰা, যিয়ে উৎপাদকসকলক সহায় কৰিব আৰু সুতৰ হাৰ বৃদ্ধি কৰা যিয়ে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰিব—এই দুয়োটাৰ মাজত এক উভয়সংকটত পৰে" বুলি শ্লাইডাৰে উল্লেখ কৰে।
##bigupdate#newsupdate#latestupdate#patroldieselprice

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।