Thursday, 05 November 2026
লগইন
ব্ৰেকিং

প্ৰতিবাদ দমন কৰিবলৈ এখন দেশ সাজু কৰিছে ৭০,০০০ আৰক্ষী, সেনা

প্ৰতিবাদ দমনৰ বাবে ৭০,০০০ আৰক্ষী, সেনা নিয়োগ

নিউজ ডেস্ক : ফ্ৰান্সত স্কুলৰ পুঁজি, মজুৰি আৰু আকাশলংঘী জীৱন ধাৰণৰ ব্যয় বৃদ্ধিৰ প্ৰতিবাদত সমগ্ৰ দেশজুৰি বিয়পি পৰাৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ফ্ৰান্স চৰকাৰে এক বিশাল নিৰাপত্তা বাহিনী মোতায়েন কৰে । এসপ্তাহ পূৰ্বে হোৱা হিংসাত্মক অশান্তিয়ে দোকান-পোহাৰ লুণ্ঠন, গাড়ী অগ্নিসংযোগ আৰু ৰাজহুৱা ভৱনসমূহৰ ক্ষতিসাধন কৰি থৈ গৈছিল ।

প্ৰতিবাদ আৰম্ভ হোৱাৰ পূৰ্বেই মন্ত্ৰী লৰেণ্ট নুনেজে জনাইছিল যে সমগ্ৰ দেশজুৰি ৭০,০০০ পৰ্যন্ত আৰক্ষী বিষয়া মোতায়েন কৰা হ'ব । যাৰ সহায়ৰ বাবে হেলিকপ্টাৰ, গাড়ী আৰু ৱাটাৰ কেনন সাজু ৰখা হ'ব । যোৱা শনিবাৰে আধা নিযুততকৈও অধিক লোকে ৰাজপথলৈ ওলাই অহাৰ পিছত পেৰিছ আৰু অন্যান্য প্ৰধান চহৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছিল।

বিগত সপ্তাহৰ শেষৰফালে হোৱা অশান্তিৰ সময়ত সমগ্ৰ ফ্ৰান্সত প্ৰায় ৩,০০০ দোকান ক্ষতিগ্ৰস্ত বা লুণ্ঠিত হোৱাৰ প্ৰেক্ষাপটত এই বৃহৎ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সোমবাৰে নুনেজে স্বীকাৰ কৰে যে হিংসাত্মক পৰিস্থিতিৰ সময়ত কিছুমান চহৰত আৰক্ষীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল। তেওঁ পদত্যাগৰ প্ৰস্তাৱ দিছিল যদিও ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে তাক প্ৰত্যাখ্যান কৰে।
##bigupdate #newsupdate #internationalnews #france #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।