Thursday, 05 November 2026
লগইন
ব্ৰেকিং

১০ কোটিৰো অধিক টকা আৱণ্টন দিয়াৰ পিছতো সম্পূৰ্ণ নহ'ল দলং। ঘটনাক লৈ ৰাইজৰ ক্ষোভ

'অতি শীঘ্ৰে দলঙৰ কাম আৰম্ভ কৰক'

নিউজ ডেস্ক : ১০ কোটিৰো অধিক টকা আৱণ্টন কৰাৰ পিছতো তিনি বছৰ ধৰি সম্পূৰ্ণ নহ'ল পকী দলং। নিৰ্মাণকাৰ্য আধৰুৱা হৈ থকাক লৈ ক্ষুভিত স্থানীয় ৰাইজ। নিৰ্মাণকাৰ্য বন্ধ হৈ থকাক কেন্দ্ৰ কৰি ক্ষোভিত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ।

উল্লেখ্য যে, দক্ষিণ শালমাৰাত দলং নিৰ্মাণক লৈ উত্তাল প্ৰতিবাদ। দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ শালকাটা–ধেনাৰকুটি–ফুলবাৰী সংযোগী পকী দলংখনৰ নিৰ্মাণকাৰ্য দীৰ্ঘদিন ধৰি বন্ধ হৈ থকাৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলবাসী। যাৰ বাবে অৱশেষত প্ৰতিবাদত নামি পৰে স্থানীয় ৰাইজ।

প্ৰতিবাদস্থলীত 'লোকনিৰ্মাণ বিভাগ হায় হায়', 'ইউনিকোন প্ৰজেক্ট প্ৰাইভেট লিমিটেড হায় হায়', 'বিভাগীয় এছ ডি অ' নুৰ ইছলাম হায় হায়', 'অতি শীঘ্ৰে দলঙৰ কাম আৰম্ভ কৰক আৰু এছ ডি অ'ক নিলম্বন কৰক' আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলে প্ৰতিবাদকাৰীসকলে।

তথ্য অনুসৰি, ২০২৩–২৪ বিত্তীয় বৰ্ষত মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত জৰিয়তে দলংখন নিৰ্মাণৰ বাবে চৰকাৰে ১০ কোটি ৩৮ লাখ ৮ হাজাৰ ৭০০ টকা আৱণ্টন দিয়া হৈছিল। নিৰ্মাণৰ ঠিকা লাভ কৰিছিল ইউনিকোন প্ৰজেক্ট প্ৰাইভেট লিমিটেডে। আনহাতে দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল স্থানীয় বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে।

কিন্তু স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ২০২৪ চনত নিৰ্মাণকাৰ্য আৰম্ভ কৰাৰ পিছত দলংখনৰ দুয়োটা মূৰত মাত্ৰ দুখন খুঁটাৰ কাম কৰিয়েই বন্ধ কৰি দিয়ে নিৰ্মাণকাৰ্য। ইয়াৰ পিছৰে পৰা প্ৰায় তিনি বছৰ ধৰি দলংখনৰ কাম বন্ধ হৈ থকাত চৰম যাতায়াতৰ সমস্যাত ভুগিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ।

কোটি কোটি টকা আৱণ্টন হোৱাৰ পিছতো দলংখনৰ নিৰ্মাণকাৰ্য কিয় সম্পূৰ্ণ নহ'ল, তাক লৈ ঠিকাদাৰী প্ৰতিষ্ঠান আৰু বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

প্ৰতিবাদকাৰীসকলৰ স্পষ্ট দাবী, অতি শীঘ্ৰে দলংখনৰ নিৰ্মাণকাৰ্য পুনৰ আৰম্ভ কৰি সম্পূৰ্ণ কৰিব লাগিব আৰু দায়িত্ব পালনত অৱহেলা কৰা বিভাগীয় বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

এতিয়া প্ৰশ্ন হৈছে, স্থানীয় ৰাইজৰ এই প্ৰতিবাদৰ পিছত লোকনিৰ্মাণ বিভাগে কেতিয়া গ্ৰহণ কৰিব ব্যৱস্থা? কেতিয়া সম্পূৰ্ণ হ'ব বহুদিনীয়া প্ৰতীক্ষিত এই দলংখন?
##bigupdate #newsupdate #protest #southsalmara #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।