Thursday, 05 November 2026
লগইন
ব্ৰেকিং

"ইউক্ৰেইন সংঘাতৰ পাৰস্পৰিক সমাধানক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত অতি উত্তম ধাৰণা আছে" : পুটিন

"ইউক্ৰেইন সংঘাতৰ পাৰস্পৰিক সমাধানক লৈ প্ৰধানমন্ত্ৰী মোদীৰ ওচৰত অতি উত্তম ধাৰণা আছে"

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুতিনে কয় যে, ইউক্ৰেইন সংঘাতৰ পাৰস্পৰিক সমাধানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত 'অতি উত্তম ধাৰণা' আছে আৰু তেওঁ প্ৰতিখন বৈঠকতে এই বিষয়টো উত্থাপন কৰে। তথ্য অনুসৰি ১ অক্টোবৰ, বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা 'ভালদাই আন্তঃৰাষ্ট্ৰীয় আলোচনা ক্লাব' ৰ বাৰ্ষিক বৈঠকত পুটিনে এই মন্তব্য কৰে। 

পুটিনে উল্লেখ কৰে যে, “প্ৰধানমন্ত্ৰী মোদীৰ যুদ্ধ সমাপ্ত কৰাৰ স্থিতিৰ সন্দৰ্ভত মই ক’ব পাৰোঁ যে আমাৰ অতি ভাল, আনকি ব্যক্তিগত পৰ্যায়তো বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকাৰ পিছতো, তেওঁ হৈছে এনে এজন বিশ্বনেতা যিয়ে ক্ৰমাগতভাৱে এই বিষয়টো উত্থাপন কৰি আহিছে আৰু ইউক্ৰেইনৰ সংঘাত সমাপ্ত কৰাৰ বাবে প্ৰশ্ন কৰি আহিছে"। তাৰোপৰি ৰাছিয়ান ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, "আমাৰ প্ৰতিখন বৈঠকতে প্ৰধানমন্ত্ৰী মোদীয়ে এই বিষয়বোৰ উত্থাপন কৰে আৰু এইবোৰৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰে।"তাৰোপৰি পুটিনে "পৰস্পৰ গ্ৰহণযোগ্য সমাধান বিচাৰি উলিওৱাৰ লক্ষ্যৰে তেওঁৰ ওচৰত অতি ভাল ধাৰণা আছে" বুলি উল্লেখ কৰে।

বিগত মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া 'ব্ৰিকছ' সন্মিলনৰ পূৰ্বে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত এক বৈঠক অনুষ্ঠিত হয়। এই আলোচনাত ৰাছিয়াৰ নেতাজনে প্ৰধানমন্ত্ৰী মোদীক ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ হোৱা ইউক্ৰেইন যুদ্ধৰ সামগ্ৰিক পৰিস্থিতি আৰু চলি থকা শান্তিপূৰ্ণ প্ৰচেষ্টাসমূহৰ বিষয়ে অৱগত কৰে। 

উল্লেখ্য যে, তাৰ কেইদিনমান পূৰ্বে, ক্ৰেমলিনৰ মুখপাত্ৰ ডিমিট্ৰী পেস্কোভে কয় যে, ইউক্ৰেইন সংঘাতৰ অন্ত পেলাবলৈ ভাৰতে কৰা যিকোনো শান্তি প্ৰচেষ্টাক ৰাছিয়াই আদৰণি জনাব। লগতে তেওঁ উল্লেখ কৰে যে, আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধানৰ ক্ষেত্ৰত মস্কোৰ ৰণনীতি নতুন দিল্লীৰ স্থিতিৰ সৈতে বহু পৰিমাণে মিল আছে।

বুধবাৰে অনুষ্ঠিত এখন মঞ্চত ৰাষ্ট্ৰপতি পুটিনে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু একতাৰ বাবেও প্ৰশংসা ব্যক্ত কৰে। তেওঁ কয় যে, "ভাৰতবৰ্ষই ইয়াৰ বিশালতা আৰু বৈচিত্ৰ্যৰে বিস্ময়চকিত নকৰাকৈ থাকিব নোৱাৰে"।

উল্লেখ্য যে, পুটিনে কয়, "এই কথাষাৰ বহুত কম মানুহেহে জানে, কিন্তু মোদীয়ে মোক কৈছিল যে, ১.৫ বিলিয়ন জনসংখ্যাৰ ভিতৰত ৬০০ নিযুত ভাৰতীয়ই তেওঁলোকৰ মাতৃভাষা হিন্দী কয়, আনহাতে সৰহসংখ্যকে নিজ নিজ ভাষা কয়, আৰু তেওঁলোক সকলোৱে একেলগে বসবাস কৰে—এয়া সঁচাকৈয়ে আচৰিত"।

এই বিষয়টোৱে সকলোৰে প্ৰশংসা লাভ কৰাৰ সন্দৰ্ভত পুটিনে জোৰ দি কয়, "ভাৰতীয় সংস্কৃতিৰ মাজত এনে এক অনন্য বৈশিষ্ট্য আছে, যি নিশ্চিতভাৱে বৈচিত্ৰ্য আৰু একতা কেনেকৈ একেলগে বৰ্তি থাকিব পাৰে তাৰ এক উদাহৰণ হ’ব পাৰে। ই নিশ্চিতভাৱে ইয়াৰ পৰা শিকিবলগীয়া কথা।"
##newsupdate#bigupdate#PMmodi#vladimirputin#lastestupdate#ukraineconflict

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।