নিউজ ডেস্ক : পশ্চিমবংগৰ বক্সা ব্যাঘ্ৰ প্ৰকল্পৰ পৰা ওলাই আহি অসমত ১০০ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰা বাঘিনীক অৱশেষত সুৰক্ষিতভাৱে কৰায়ত্ত কৰে বন বিভাগে। পশ্চিমবংগ আৰু বড়োলেণ্ড আঞ্চলিক ক্ষেত্ৰ (BTR) ৰ বন বিষয়া, স্থানীয় প্ৰশাসন, আৰক্ষী আৰু স্থানীয় ৰাইজৰ এক যুটীয়া আৰু সমন্বিত অভিযানৰ অন্তত বাঘিনীজনীক ধৰিবলৈ সক্ষম হয়।
তথ্য অনুসৰি, BT1 বুলি চিনাক্ত কৰা বাঘিনীজনীক ২০২৬ চনৰ ২ অক্টোবৰত বক্সা ব্যাঘ্ৰ প্ৰকল্পত বন্য পৰিৱেশত মুকলি কৰি দিয়া হৈছিল। বন বিষয়াসকলে জনোৱা মতে, পিছলৈ এই বাঘিনীজনীয়ে অসমৰ সীমান্ত অতিক্ৰম কৰি BTR ৰ অন্তৰ্গত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান লাভ কৰে।
২৩ অক্টোবৰৰ পৰা বাঘিনীজনীয়ে বনাঞ্চলৰ মাজেৰে চলাচল কৰি অৱশেষত অসমৰ কোকৰাঝাৰ জিলাৰ জনবসতিপূৰ্ণ অঞ্চলৰ কাষ চাপিছিল, যাৰ ফলত স্থানীয় বাসিন্দা আৰু প্ৰাণীটো দুয়োৰে নিৰাপত্তাৰ বাবে উদ্বেগৰ সৃষ্টি হৈছিল। এই ঘটনাটো শেহতীয়াকৈ পশ্চিমবঙ্গৰ বক্সা ব্যাঘ্ৰ প্ৰকল্প ৰ পৰা ১০০ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰি অসমৰ কোকৰাঝাৰ জিলাৰ ৰায়মোনা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰা ৰয়েল বেংগল বাঘিনী 'BT1'ৰ সৈতে জড়িত। বাঘিনীজনীক পিছলৈ বন বিভাগৰ যুটীয়া অভিযানৰ অন্তত সুৰক্ষিতভাৱে ট্ৰেনকুলাইজ কৰি উদ্ধাৰ কৰা হয়।
উল্লেখ্য যে, জিলা প্ৰশাসন, আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত পশ্চিম বংগ আৰু বড়োলেণ্ডৰ বন বিভাগে এক যুটীয়া নিৰীক্ষণ আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। দলবোৰে বাঘিনীজনীৰ গতিবিধি সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছিল আৰু তাইক নিৰাপদে কৰায়ত্ত কৰাটো নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে।
বিষয়াগৰাকীয়ে কয় যে ,এই অভিযানে প্ৰশাসনিক পৰিসীমাৰ ভিতৰত বন্যপ্ৰাণীৰ চলাচল নিয়ন্ত্ৰণ কৰা আৰু মানুহ-প্ৰাণীৰ সম্ভাব্য সংঘাত হ্ৰাস কৰাৰ ক্ষেত্ৰত আন্তঃৰাজ্যিক সহযোগিতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
অসমৰ পৰিৱেশ আৰু বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই অভিযানত জড়িত দলসমূহৰ প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু ইয়াক আন্তঃৰাজ্যিক সমন্বয় তথা বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি থকা এক উমৈহতীয়া প্ৰতিশ্ৰুতিৰ এক উল্লেখযোগ্য উদাহৰণ হিচাপে অভিহিত কৰে।
মন্ত্ৰীগৰাকীয়ে বাঘিনীজনীৰ সুৰক্ষা সফলতাৰে নিশ্চিত কৰাৰ বাবে বংগ আৰু বড়োলেণ্ডৰ বনকৰ্মীসকলকো অভিনন্দন জনায়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।