Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ৰাছিয়াৰ ক’লা সাগৰত ড্ৰোন আক্ৰমণ! আক্ৰমণৰ ফলত জুইৱে আৱৰি ধৰিলে এখন তেলবাহী টেংকাৰক

ৰাছিয়াৰ ক’লা সাগৰত ড্ৰোন আক্ৰমণ!

৬ অক্টোবৰ, মঙলবাৰে উদ্ধাৰকাৰী দলে ৰাছিয়াৰ কৃষ্ণ সাগৰৰ উপকূলত এখন চালকবিহীন জাহাজৰ আক্ৰমণৰ বলি হৈ অগ্নিদগ্ধ হোৱা লাইবেৰিয়াৰ পতাকাযুক্ত 'আফ্ৰামেক্স ৰিঅ'' নামৰ টেংকাৰখন উদ্ধাৰ কৰা হয়। জাহাজখনত থকা ২৩ জনীয়া ক্ৰূ দলটোক উদ্ধাৰ কৰে বুলি ৰাছিয়াৰ পৰিবহন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।

মন্ত্ৰণালয়ে টেলিগ্ৰামযোগে প্ৰকাশ কৰা অনুসৰি, কৰ্মচাৰীসকলৰ সকলোৱেই ভাৰতীয় নাগৰিক আছিল। এই আক্ৰমণত কোনো লোক হতাহতি বা আহত হোৱা নাই।

মন্ত্রণালয়ৰ তৰফৰ পৰা জনায় যে, জুইৰ প্ৰাবল্য বা তীব্ৰতা কম হোৱাৰ পিছত অগ্নি নিৰ্বাপক বাহিনীৰ হাতত সেই জুই নিয়ন্ত্ৰণ কৰিবলৈ পৰ্যাপ্ত সা-সুবিধা আছিল।

ছিৰিয়াছ নামৰ বসতিস্থলৰ ৰাছিয়াৰ আঞ্চলিক কৰ্তৃপক্ষই ইয়াৰ পূৰ্বে টেংকাৰখনত জুই লগাৰ খবৰ দিছিল। কৰ্তৃপক্ষই জনোৱা মতে, ৰাছিয়াৰ দক্ষিণ ক্ৰাছনোদাৰ অঞ্চলৰ এই বসতিস্থলৰ সাগৰীয় তীৰসমূহ জনসাধাৰণৰ বাবে বন্ধ কৰি দিয়া হৈছে।
##bigupdate #newsupdate #internationalnews #russia #dronettack #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।