Saturday, 07 November 2026
লগইন
ব্ৰেকিং

জামিন লাভ সন্দীপন গাৰ্গৰ

মুকলি আকাশৰ তললৈ আহিব সন্দীপন

নিউজ ডেস্ক: মহা ষষ্ঠীৰ দিনাই, জামিন লাভ কৰিলে সন্দীপন গাৰ্গে ৷ শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব সন্দীপন গাৰ্গ ।

ইতিমধ্যে, জুবিন গাৰ্গৰ সন্দেহজনক হত্যাৰ গোচৰত বিগত এবছৰৰো অধিক সময় বাক্সাৰ নিকাচীৰ কাৰাগাৰত কাৰাবন্দী হৈ আছিল সন্দীপন গাৰ্গ ৷ জুবিন গাৰ্গৰ হত্যাৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি থকা বিচাৰ প্ৰক্ৰিয়াত জামিন প্ৰদান কৰিলে সন্দীপনক ৷

উল্লেখ্য যে,মাত্ৰ ছয়দিনৰ পূৰ্বে একেটা গোচৰতে কাৰাবন্দী হৈ থকা অমৃতপ্ৰভা মহন্তক চৰ্ত সাপেক্ষে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল ৷ শুকুৰবাৰে ন্যায়ালয়ে সন্দীপন গাৰ্গক জামিন প্ৰদান কৰাৰ পাছতে ৰাজ্যৰ চৌদিশে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

আছুৰ সভাপতি উৎপল শৰ্মাই কয়,"অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ বাবে প্ৰয়োজনীয় আইনী পদক্ষেপ গ্ৰহণ কৰক । জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ পাছত এতিয়া সন্দীপন গাৰ্গেও জামিন লাভ কৰিলে আৰু অসমবাসীয়ে অসহায় হৈ চাই ৰ'বলগীয়া হৈছে । এয়া জাতিটোৰ বাবে দুখৰ কথা ।"

তেওঁ লগতে কয়,"SIT-ৰ চাৰ্জশ্বীটৰ আধাৰত গোচৰটো ফাষ্টট্ৰেক আদালতত চলি আছে । এই গোচৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীয়ে চাৰ্জশ্বীটৰ ভিত্তিত ৰাজহুৱাভাৱে উল্লেখ কৰা জুবিন গাৰ্গৰ হত্যাৰ সৈতে জড়িত কথাবোৰ আদালতৰ মজিয়াত তথ্য-প্ৰমাণসহকাৰে প্ৰতিষ্ঠা কৰাৰ দায়িত্ব গ্ৰহণ কৰক।আদালতৰ বিষয় হোৱা বাবে ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব পৰা নাই। অমৃতপ্ৰভা, সন্দীপনৰ জামিন প্ৰত‍্যাখ‍্যান কৰাই পুনৰ জেলত ভৰোৱাৰ ব্যৱস্থা কৰক ।"
##assam #newsupdate #justiceforzubeengarg #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।