দেশখনৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই শুকুৰবাৰে জনোৱা মতে, এখন বিমানক লক্ষ্য কৰি চলোৱা আক্ৰমণত এজন বিমান চালকসহ তিনিজন চৌদি নাগৰিক নিহত হয়। এই আক্ৰমণত কেইবাজনো লোক আহত হৈছে । নিহতসকলৰ ভিতৰত কেপ্টেইন হামুদ আলী আলকালথামীও আছিল বুলি চৌদিয়া আৰৱ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে ।
চৌদি আৰৱ আৰু চুবুৰীয়া য়েমেন চৰকাৰে বিগত সপ্তাহত য়েমেনৰ ইৰাণ সমৰ্থিত হুথী বিদ্ৰোহীৰ বিৰুদ্ধে এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিছিল । যাৰ বাবে বৃহস্পতিবাৰে হুথী বিদ্ৰোহীয়েও চৌদি আৰৱত আক্ৰমণ চলাই ।
শুকুৰবাৰে নিশা ইৰাণ সমৰ্থিত হুথী বিদ্ৰোহীয়ে চৌদি আৰৱৰ ৰিয়াদৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত আক্ৰমণ কৰে । ভিন্ন সংবাদ সংস্থাই দাবী কৰা অনুসৰি এই আক্ৰমণত বৰ্তমানলৈকে প্ৰায় ১২ জন লোকৰ মৃত্যু হৈছে বুলি উল্লেখ কৰিছে ।
ফ্লাইট ট্ৰেকিং ছাইট FlightAware-ৰ তথ্য অনুসৰি, এদিনৰ পূৰ্বে শ শ বিমান বাতিল হোৱাৰ পিছত শুকুৰবাৰে বিয়লি ভাগলৈ অতি কমেও ১২৪খন বিমান বাতিল কৰা হৈছিল । চৌদি আৰৱৰ বিবৃতিত কোৱা হৈছে যে, বৃহস্পতিবাৰৰ প্ৰথমটো আক্ৰমণত বিমান বন্দৰৰ সা-সুবিধাসমূহক লক্ষ্য কৰা হৈছিল ।
আনহাতে দ্বিতীয়টো আক্ৰমণত বিমানখনত আঘাত কৰা হৈছিল । ইয়াত এই আক্ৰমণৰ বাবে কোন দায়ী সেইটো স্পষ্ট কৰা হোৱা নাই, যদিও হুথীসকলে বেলিষ্টিক মিছাইলেৰে বিমান বন্দৰটোক লক্ষ্য কৰি লোৱা বুলি দাবী কৰিছে দেশখনৰ চৰকাৰে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই আক্ৰমণক 'ভয়ংকৰ' বুলি অভিহিত কৰি এক্স যোগে কয়,"অতি সোনকালে চৌদি আৰৱৰ নেতা যুৱৰাজ মহম্মদ বিন চলমানৰ সৈতে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কথা পাতিব । হুথীসকলৰ বিৰুদ্ধে যুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰই যোগদান কৰা উচিত নে নহয়, সেই সন্দৰ্ভত শীঘ্ৰে নিৰ্ণয় লোৱা হ'ব।
আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ই কয় যে হুথীৰ আক্ৰমণত এজন আমেৰিকান নাগৰিকৰ মৃত্যু হৈছে আৰু তেওঁ এই আক্ৰমণ বন্ধ কৰাৰ আহ্বান জনায় এক্সত লিখে, “আমি চৌদি আৰৱ আৰু ইয়াৰ জনসাধাৰণৰ সৈতে আছো ।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।