Thursday, 05 November 2026
লগইন
ব্ৰেকিং

হুথি আক্ৰমণত বিপৰ্যস্ত চৌদি আৰৱৰ আকাশপথ, বাতিল ৪ হাজাৰতকৈও অধিক বিমানৰ উৰণ

বিপৰ্যস্ত চৌদি আৰৱৰ আকাশপথ

নিউজ ডেস্ক: য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণৰ ফলত প্ৰায় দুসপ্তাহ ধৰি বন্ধ হৈ থকাৰ পিছত দেওবাৰৰ পৰা পুনৰ চৌদি আৰৱৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমান চলাচল আৰম্ভ হৈছিল। কিন্তু তাৰ পিছতে পুনৰ আক্ৰমণ সংঘটিত হ’ল!

ইৰানৰ সমৰ্থিত শিয়া বিদ্ৰোহীসকলৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণৰ ফলত ছৌদি আৰৱৰ আকাশপথত ইতিমধ্যে বৃহৎ বিপৰ্যয়ৰ সৃষ্টি হৈছে। বাতিল কৰা হৈছে ৪ হাজাৰতকৈও অধিক বিমানৰ উৰণ। বিমান পৰিবহণ সম্পৰ্কীয় তথ্য বিশ্লেষক প্ৰতিষ্ঠান চিৰিয়ামে সোমবাৰে এই তথ্য প্ৰকাশ কৰিছে।

তথ্য অনুসৰি, , ৮ অক্টোবৰৰ পৰা ২৫ অক্টোবৰলৈকে ৰিয়াদৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা নিৰ্ধাৰিত মুঠ ৪,৭৩৬খন বিমানৰ ভিতৰত ৪,০৭১খনৰ উৰণ বাতিল কৰা হৈছে।

আনহাতে, হুথি বিদ্ৰোহীসকলৰ দাবী অনুসৰি, সোমবাৰে তেওঁলোকে পুনৰ ৰিয়াদ বিমানবন্দৰলৈ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে। উল্লেখ্য যে, অক্টোবৰৰ আৰম্ভণিতে ইৰানৰ সমৰ্থিত বিদ্ৰোহী সংগঠনটোৱে এক বিবৃতিৰ জৰিয়তে সকলো বিমান পৰিবহণ সংস্থাক সতৰ্ক কৰি দিছিল। চৌদি আৰৱৰ বিমানবন্দৰ আৰু আকাশমাৰ্গ ব্যৱহাৰ নকৰিবলৈ ‘পৰামৰ্শ’ দিছিল সংগঠনটোৱে। লগতে সদৰী কৰে যে, পবিত্ৰ চহৰ মক্কা আৰু মদিনাৰ বিমানবন্দৰকেইটা বাদ দি চৌদি আৰৱৰ প্ৰতিটো বিমানবন্দৰকে ‘ৰণক্ষেত্ৰ’ত পৰিণত কৰা হ’ব।
##bigupdate #newsupdate #internationalnews #saudiarab #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।