Thursday, 05 November 2026
লগইন
ব্ৰেকিং

হুথি বিদ্ৰোহীৰ আক্ৰমণৰ পাছত কেইবাখনো দেশৰ সতৰ্কবাণী জাৰি

চৌদি আৰৱ ভ্ৰমণ নকৰিবলৈ সতৰ্কবাণী জাৰি!

নিউজ ডেস্ক: চৌদি আৰৱৰ বিমান বন্দৰসমূহত হুথী বিদ্ৰোহীৰ ধাৰাবাহিক আক্ৰমণৰ পিছতে বিশ্বৰ কেইবাখনো দেশে নিজৰ নাগৰিকসকলক চৌদি আৰৱ ভ্ৰমণ নকৰিবলৈ সতৰ্কবাণী জাৰি কৰিছে। সোমবাৰে, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, ব্ৰিটেইন, দক্ষিণ কোৰিয়া আৰু জাপানৰ অনুৰূপ সতৰ্কবাণীৰ পিছত, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডেও এই সাম্ৰাজ্যখনলৈ ভ্ৰমণ নকৰিবলৈ শেহতীয়াকৈ পৰামৰ্শ জাৰী কৰে।

অষ্ট্ৰেলিয়াৰ বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য বিভাগে এক বিবৃতিযোগে উল্লেখ কৰে যে, অষ্ট্ৰেলিয়াৰ নাগৰিকসকলে ৰিয়াধৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ভ্ৰমণ কৰাটো পৰিহাৰ কৰা উচিত। ইয়াৰ লগতে চৌদি আৰৱৰ অন্যান্য বিমানবন্দৰসমূহলৈ কৰিবলগীয়া ভ্ৰমণৰ সিদ্ধান্তও "পুনৰ বিবেচনা" কৰিবলৈ তেওঁলোকে পৰামৰ্শ দিয়ে।

নিউজিলেণ্ডৰ বৈদেশিক পৰিক্ৰমা আৰু বাণিজ্য মন্ত্ৰালয়ে তেওঁলোকৰ নাগৰিকসকলক কোনো কাৰণতে চৌদি আৰৱৰ ৰাজধানীৰ মুখ্য প্ৰৱেশদ্বাৰ আৰু নাজৰান, জাজান আৰু আছিৰ প্ৰদেশসমূহলৈ ভ্ৰমণ নকৰিবলৈ অনুৰোধ জনাইছে। ইয়াৰ লগতে সমগ্ৰ চৌদি আৰৱলৈ "অনা-প্ৰয়োজনীয়" ভ্ৰমণ পৰিহাৰ কৰিবলৈকো আহ্বান জনাইছে।

ৰিয়াদত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে দেওবাৰে ইৰান আৰু ইৰান সমৰ্থিত হুথী বিদ্ৰোহীৰ আক্ৰমণৰ ভাবুকিৰ উদাহৰণ দি মাৰ্কিন নাগৰিকসকলক চৌদি আৰৱ ভ্ৰমণৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে।

গ্ল’বেল এফিয়াৰ্ছ কানাডাই সমগ্ৰ চৌদি আৰৱলৈ অপ্ৰয়োজনীয় ভ্ৰমণ নকৰিবলৈ এক সতৰ্কবাণী জাৰি কৰিছে।

দক্ষিণ কোৰিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে চৌদি আৰৱত থকা নিজৰ নাগৰিকসকলক অতি জৰুৰী কাম নথাকিলে দেশখন এৰি থৈ যাবলৈ পৰামৰ্শ দিছে আৰু যিসকলে সেই দেশলৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে, তেওঁলোকক যাত্ৰা বাতিল কৰিবলৈ অনুৰোধ জনাইছে।

যুক্তৰাজ্যৰ বৈদেশিক, কমনৱেলথ আৰু উন্নয়ন কাৰ্যালয়ে নিজৰ নাগৰিকসকলক অত্যাৱশ্যকীয় কাৰণৰ বাহিৰে জেডাহ আৰু দাম্মাম ভ্ৰমণ নকৰিবলৈ আৰু মদিনা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ বাহিৰে বাকী সকলো বিমানকোঠলৈ যাত্ৰা এৰাই চলিবলৈ অনুৰোধ জনাইছে।

চৌদি আৰৱত এসপ্তাহ নৌহওঁতেই তেওঁলোকৰ বিমানবন্দৰসমূহত হোৱা পাঁচটাকৈ আক্ৰমণৰ পিছত দেশখন জুৰুলা হোৱাৰ সময়তে এই সতৰ্কবাণীসমূহ আহি পৰিছে।

উল্লেখ্য যে, চৌদি আৰৱৰ জেনেৰেল অথৰিটি অৱ চিভিল এভিয়েশ্যন (GACA) ৰ তথ্য অনুসৰি, দেওবাৰে কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এটা ক্ষেপণাস্ত্ৰৰে আঘাত কৰাৰ ফলত এজন ব্যক্তি নিহত হয় আৰু আন ১১ জন লোক আহত হয়।

শনিবাৰে একেটা বিমানবন্দৰতে হুথী বিদ্ৰোহীৰ আক্ৰমণত ১৩ জন লোক নিহত আৰু ৩০০ তকৈও অধিক লোক আহত হয়, যিটো বিগত এটা দশকৰো অধিক সময়ৰ ভিতৰত চৌদি আৰৱত হোৱা আটাইতকৈ ভয়াৱহ আক্ৰমণ হিচাপে চিহ্নিত হৈছে।

হুথী বিদ্ৰোহীয়ে দেওবাৰৰ আক্ৰমণৰ পূৰ্বে চৌদি আৰৱৰ বিমানবন্দৰত হোৱা আটাইকেইটা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে, কিন্তু দেওবাৰৰ আক্ৰমণটোৰ বাবে বৰ্তমানলৈকে কোনো সংগঠনে নিজকে দায়ী বুলি দাবী কৰা নাই।

আক্ৰমণৰ ঘটনাৰ পাছৰে পৰা ৰিয়াদৰ কিং খালিদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু দাম্মামৰ কিং ফাহদ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বন্ধ হৈ আছে, যাৰ ফলত সমগ্ৰ মধ্য প্ৰাচ্যৰ বিমান পৰিবহণ ব্যৱস্থাত ব্যাপক প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছে।

এই আক্ৰমণবোৰে জেড্ডাৰ কিং আব্দুল আজিজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ অহা-যোৱা কৰা বিমান উৰণসমূহো ব্যাহত কৰি তুলিছে।

ফ্লাইট ট্ৰেকিং ৱেবছাইট Flightradar24-ৰ তথ্য অনুসৰি, দেওবাৰে জেণ্ডা বিমানবন্দৰত ১৫০ তকৈও অধিক ফ্লাইট বাতিল কৰা হৈছিল আৰু ৩৭৪ টা ফ্লাইট পলমকৈ উৰা মাৰিছিল।

তথ্য় অনুসৰি, ছিংগাপুৰৰ এজন স্বতন্ত্ৰ বিশ্লেষক আৰু পৰামৰ্শদাতা ব্ৰেণ্ডন চ’বিয়ে উল্লেখ কৰে যে, এই আক্ৰমণৰ ফলত অঞ্চলটোৰ লগতে ইয়াৰ বাহিৰৰ বিমান পৰিবহন ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব, সেই বিষয়ে ইমান সোনকালে ভৱিষ্যদ্বাণী কৰাটো টান।

ইৰান যুদ্ধ আৰু সেই সংকটৰ বাবে UAE, কুৱেইট আৰু বাহৰাইনত পৰা প্ৰভাৱৰ দৰেই, এই শেহতীয়া সংকটৰ প্ৰভাৱো প্ৰকৃততে ই কিমান দিনলৈ স্থায়ী হয়, ৰিয়াদ বিমানকোঠ কিমান দিনলৈ বন্ধ থাকে আৰু ইয়াক পুনৰ মুকলি কৰাৰ পিছত বাধা-নিষেধসমূহ কিমান দিনলৈ আৰু কি পৰ্যায়লৈ বাহাল থাকে সকলো তাৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও চ'বিয়ে উল্লেখ কৰে।
##bigupdate #newsupdate #internationalnews #saudiarab #houthiattack #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।