Saturday, 07 November 2026
লগইন
ব্ৰেকিং

"আমি দিন হাজিৰা কৰা দুখীয়া মানুহ"। আছিকৰ পিতৃ-মাতৃৰ কেইবাটাও বিস্ফোৰক ভাষ্য!

আছিকৰ পিতৃ-মাতৃৰ কেইবাটাও বিস্ফোৰক ভাষ্য!

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ ঘটনাক লৈ সমগ্ৰ অসমজুৰি চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ মাজতে ঘটনাটোক লৈ নতুন মোৰ পোহৰলৈ আহিছে। ঘটনাক লৈ পাষণ্ড আছিক আলীৰ পৰিয়ালে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ ভাষ্য প্ৰকাশ কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ উচিত আৰু নিৰপেক্ষ তদন্তৰ দাবী জনাইছে। পৰিয়ালে প্ৰকাশ কৰা অনুসৰি, ঈদৰ দিনাখন আছিক আলীৰ ঘৰলৈ গৈছিল নিমিষা। সেই সময়ত আছিকৰ মাতৃয়ে দুয়োৰে মাজৰ সম্পৰ্কক লৈ আপত্তি কৰিছিল। দুয়োৰে ধৰ্ম বেলেগ হোৱা বাবে সম্পৰ্কটো আগুৱাই নিয়াটো ঠিক নহ'ব বুলি আছিকৰ মাতৃয়ে নিমিষাক অৱগত কৰিছিল বুলি পৰিয়ালটোৱে প্ৰকাশ কৰে।

উল্লেখ্য যে, আছিক আলীৰ পৰিয়ালটো এটা সাধাৰণ আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়াল। আছিকৰ পৰিয়ালত অসুস্থ পিতৃ-মাতৃ আৰু দুজন কণিষ্ঠ ভাতৃ আছে। দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছে আছিকৰ পিতৃয়ে। তাৰোপৰি পৰিয়ালে জনোৱা মতে, পঢ়া-শুনাত মেধাৱী আছিল আছিক কিন্তু আৰ্থিক সমস্যাৰ বাবে স্নাতক শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। যাৰ বাবে পৰিয়াল চলাবলৈ ৰঙৰ কাম কৰাৰ লগতে ৰেপিড'ও চলাইছিল আছিকে।

এই ঘটনাক লৈ আছিকৰ পিতৃয়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। বিশেষকৈ ঘটনাৰ দিনাখন নিশা ২ বজাত নিমিষাই মাতৃক ফোনত কোৱা 'সিহঁত' শব্দটোক লৈ প্ৰশ্ন কৰিছে আছিকৰ পিতৃ-মাতৃয়ে। নিমিষাই ফোনত কোৱা 'সিহঁত' আঁচলতে কোন? সেয়া তেওঁলোকে জানিব বিচাৰিছে। তাৰোপৰি আছিকৰ পিতৃয়ে উল্লেখ কৰে যে, যদি তেওঁৰ পুত্ৰই কোনো অপৰাধ কৰিলে হয়, তেনেহ'লে আছিকে কিয় নিমিষাক চিকিৎসালয়লৈ লৈ গ'লহেঁতেন ? এই বিষয়টো তদন্তৰ আওতালৈ লৈ অহা উচিত বুলি পিতৃয়ে দাবী উত্থাপন কৰিছে। কিন্তু তেওঁ লগতে এই কথাও স্পষ্ট কৰে যে, পুত্ৰক তেওঁ নিৰ্দোষী বুলি দাবী কৰা নাই। তেওঁ কয় যে, ঘটনাৰ উচিত তদন্ত হ'ব লাগে আৰু তদন্তৰ অন্তত আছিক দোষী বুলি প্ৰমাণ হ'লে আইনী ব্যৱস্থাৰে উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে।

ইফালে আছিকৰ মাতৃয়েও নিমিষাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি কয়, "ছোৱালীজনীৰ মৃত্যু হোৱাত মনত বহুত দুখ পাইছোঁ। মোৰ ল'ৰা যদি দুখী হয়, তাক শাস্তি দিয়ক, তাত মোৰ কোনো আপত্তি নাই।" আছিকৰ মাতৃয়ে উল্লেখ কৰা মতে, ঘটনা সংঘটিত হোৱাৰ দিনা নিশা প্ৰায় ৮ বজাত আছিক ঘৰৰ পৰা ওলাই গৈছিল। আৰু ঈদৰ দিনা নিমিষা ঘৰলৈ আহোঁতে আছিকৰ পিতৃয়ে সম্পৰ্কটোক লৈ আপত্তি প্ৰকাশ কৰিছিল।

পৰিয়ালে জনোৱা তথ্য অনুসৰি, আছিকৰ পিতৃয়ে সেই সময়ত তেওঁলোকৰ আৰ্থিক অৱস্থাৰ লগতে ধৰ্মীয় পাৰ্থক্যৰ কথাও কৈছিল। "আমি হাজিৰা কৰি খোৱা গৰীৱ মানুহ। আমি মুছলমান আৰু তোমালোক হিন্দু। গতিকে এই ,সম্পৰ্কটো আগনবঢ়োৱাই ভাল"। এইদৰে তেওঁ নিমিষা আৰু আছিকক সম্পৰ্ক বিচ্ছেদ কৰিবলৈ কৈছিল বুলি আছিকৰ মাতৃয়ে উল্লেখ কৰিছে।

এতিয়া সমগ্ৰ ঘটনাক লৈ বহুত প্ৰশ্ন উঠিছে। কিন্তু ঘটনাৰ প্ৰকৃত সত্য, নিমিষাৰ মৃত্যুৰ আঁৰৰ সঠিক কাহিনী আৰু আছিকৰ ভূমিকা- এই সকলোবোৰ তদন্তৰ পাছতহে স্পষ্ট হ'ব। পৰিয়ালৰ লোকেও তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে সত্য পোহৰলৈ অহাৰ আশা কৰিছে।
##assam#bigupdate#breakingnews#trendingnews#tragicincident

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।