Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়া! ৰাইজৰ মাজত তীব্ৰ আতংক

ভয়ংকৰ খহনীয়া

নিউজ ডেস্ক :দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ গোটাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কদমতলি গাঁৱত ভয়ংকৰ গৰাখহনীয়া। বিগত কেইবামাহ ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া। নদীৰ খহনীয়াই অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি কৰিছে তীব্ৰ আতংকৰ। গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰ আৰু জিলা প্ৰশাসনৰ ওচৰত বাৰে বাৰে আবেদন-নিবেদন কৰাৰ পিছতো আজিলৈকে কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে।

তথ্য অনুসৰি, পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে চৰকাৰী ব্যৱস্থাৰ অপেক্ষা নকৰি দিন হাজিৰা কৰি উপাৰ্জন কৰা কষ্টোপাৰ্জিত ধন নিজৰ গাঁঠিৰ পৰা খৰচ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ কামত নামিবলৈ বাধ্য হৈছে স্থানীয় লোকসকল। নিজৰ ঘৰ-বাৰী, মাটি আৰু জন্মভূমি ৰক্ষা কৰাৰ স্বাৰ্থত ৰাইজে নিজাববীয়াকৈ যুঁজ অব্যাহত ৰাখিছে।

কিন্তু প্ৰশ্ন উত্থাপন হৈছে, এটা বৃহৎ সমস্যাৰ সৈতে দুখীয়া ৰাইজে নিজৰ সামৰ্থ্য অনুসৰি যুঁজ দিবলগীয়া হোৱাৰ পিছতো চৰকাৰ আৰু জিলা প্ৰশাসন কিয় নীৰৱ? স্থানীয় ৰাইজৰ এটাই দাবী, কদমতলিত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে জৰুৰীভাৱে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া প্ৰশ্ন এটাই-কদমতলিৰ ৰাইজৰ এই আৰ্তনাদ চৰকাৰৰ কাণত কেতিয়া পৰিব?সেয়া পৰৱৰ্তী সময়তহে দেখা যাব।
##bigupdate #newsupdate #erosion #southsalmaramancachar #assam #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।