Thursday, 05 November 2026
লগইন
ব্ৰেকিং

SIT য়ে অমৃতপ্ৰভা-সন্দীপনৰ জামিনৰ প্ৰত্যাহ্বান জনাব উচ্চতম ন্যায়ালয়ত

SIT যাব উচ্চতম ন্যায়ালয়লৈ

নিউজ ডেস্ক: "জামিন আৰু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ পৃথক বিষয় । জামিন পোৱা মানেই অভিযোগমুক্ত হোৱা নুবুজায় ।"-জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ দুই অভিযুক্তই জামিন লাভৰ পাছতে এই মন্তব্য কৰে এছআইটিৰ মুৰব্বী তথা চিআইডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ।
লগতে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ তদন্ত কৰা অসম আৰক্ষীৰ এছআইটিয়ে দুই অভিযুক্তই জামিন লাভক লৈ লৈ সন্তুষ্ট নহয় ।
এছআইটিয়ে দুয়োগৰাকী অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিব । 

দেওবাৰে এছআইটিৰ মুৰব্বী তথা চিআইডিৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই এই কথা ঘোষণা কৰিছে ।

সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে আৰক্ষী বিষয়াগৰাকী । 

 তেওঁ উল্লেখ কৰে যে দুয়োগৰাকী অভিযুক্তৰ জামিনৰ নিৰ্দেশনা বিবেচনা কৰি ইতিমধ্যে আইনী মতামত লোৱা হৈছে আৰু শীঘ্ৰে উচ্চতম ন্যায়ালয়ত এই জামিনক প্ৰত্যাহ্বান জনাই এছআইটিয়ে আবেদন দাখিল কৰিব ।
ইফালে এছআইটিয়ে দাখিল কৰা অভিযোগনামাত সুৰুঙা থাকি যোৱাৰ বাবে দুই অভিযুক্তই জামিন পালে নেকি, এই সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ মুন্না প্ৰসাদ গুপ্তাই কয়, "জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ অভিযোগনামাখন এতিয়াও ফাষ্টট্ৰেক আদালতৰ বিচাৰাধীন হৈ আছে । তদন্তত এছআইটিয়ে যিখিনি পদক্ষেপ ল'ব লাগে সেয়া লৈ যিমান তথ্য, প্ৰমাণ লাভ কৰিছিল আটাইবোৰ আদালতত দাখিল কৰিছে । সেই সন্দৰ্ভত আমি আদালতৰ শুনানি শেষ হোৱালৈ অপেক্ষা কৰিব লাগিব ।"
##bigupdate #newsupdate #justiceforzubeengarg #sit #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।