ধৰ্মীয় পৰম্পৰাৰ লগতে শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ অনন্য নিদৰ্শন দাঙি ধৰি আহিছে শিৱসাগৰৰ এই ঐতিহ্যমণ্ডিত দেৱীদৌলৰ দুৰ্গাপূজাই । হিন্দু ধৰ্মাৱলম্বী লোকৰ আৰাধনাস্থলী এই দৌলৰ দুৰ্গাপূজাত মুছলমান দৌল্লা পৰিয়াললৈ পূজাৰ প্ৰসাদৰ ভাগ আগবঢ়োৱাৰ পৰম্পৰাই দুই ধৰ্মৰ মাজত সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে । এই পূজা ভাগীতে কনচেং বৰপাত্ৰ গোহাঁইৰ পৰিয়াললৈ ও অনুৰূপ পূজাৰ প্ৰসাদ প্ৰদান কৰা হয় ।
উল্লেখ্য যে, ১৬৫৫শকত স্বৰ্গদেউ শিৱসিংহৰ পত্নী অম্বিকাদেৱীয়ে দুৰ্গা দেৱীৰ পূজাৰ বাবে এই দেৱীদৌল নিৰ্মাণ কৰাইছিল । দৌলৰ গৰ্ভগৃহত থকা শতিকা পুৰণি প্ৰতিমাৰ লগতে দুৰ্গাপূজাৰ সময়ত মৃন্ময় প্ৰতিমা স্থাপন কৰি বৈদিক পৰম্পৰাৰে পূজা-অৰ্চনা কৰা হয় ।
পূৰ্বতে দেৱীদৌলত মহ বলি দিয়াৰ পৰম্পৰা আছিল যদিও বৰ্তমান বৰবলিৰ দিনা ভক্তসকলে আগবঢ়োৱা ছাগলী, হাঁহ আদি বলি দিয়া হয় । জাগ্ৰত দেৱীদৌলৰূপে পৰিচিত এই পীঠস্থানত দুৰ্গাপূজাৰ সময়ত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বাহিৰৰ পৰাও বহু ভক্তই পূজা আগবঢ়াবলৈ আহে ।
দৌল প্ৰতিষ্ঠাৰ সময়ৰে পৰাই দৌল্লা পৰিয়ালৰ পূৰ্বপুৰুষসকলে দেৱীদৌলত নেগেৰা বজাই আহিছিল । সেই সূত্ৰে তেতিয়াৰ পৰাই পৰিয়ালটোক দুৰ্গাপূজাৰ নৈবেদ্যৰ এক অংশ আগবঢ়োৱা হৈছিল ।
পৰৱৰ্তী সময়ত দৌলত নেগেৰা বজোৱাৰ পৰম্পৰা বিলুপ্ত হ’লেও দৌলা পৰিয়াললৈ পূজাৰ প্ৰসাদৰ ভাগ আগবঢ়োৱাৰ পৰম্পৰা আজিও অব্যাহত আছে । প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি চলি অহা এই ঐতিহাসিক পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো দেৱীদৌলত দুৰ্গাপূজাৰ ব্যাপক আয়োজন চলিছে ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।