Friday, 06 November 2026
লগইন
ব্ৰেকিং

আহি গ’ল মহানগৰীৰ হোমষ্টে’ৰ বাবে SOP।

এতিয়াৰে পৰা হোমষ্টে’ত কৰিব নোৱাৰিব এই কাম

কিছুদিন পূৰ্বে মহানগৰীৰ গড়লস্থিত এটা হোমষ্টে’ত এগৰাকী যুৱতীয়ে কৰুণ মৃত্যুক আকোঁৱালি লোৱা ঘটনাৰ পিছতে মহানগৰীৰ হোমষ্টে’ ব্যৱস্থাক নিয়মৰ আওতালৈ আনিবলৈ তৎপৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম। মহানগৰীত হোমষ্টে’ খোলা আৰু পৰিচালনাৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ, প্ৰয়োজনীয় নথি-পত্ৰ আৰু নিৰ্দিষ্ট নিয়ম-নীতি মানি চলাটো নিশ্চিত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণৰ কথা পৌৰ নিগমে প্ৰকাশ কৰিছে।

উল্লেখ্য যে, গড়লত সেই ঘটনাটো সংঘটিত হোৱাৰ পাছতে মহানগৰীৰ হোমষ্টে’ সমূহৰ সুৰক্ষা আৰু নিয়ন্ত্ৰণ ব্যৱস্থাক লৈ প্ৰশ্ন উঠিছে। এনে পৰিস্থিতিত হোমষ্টে’সমূহৰ পৰিচালন ব্যৱস্থাক অধিক সুশৃংখলিত আৰু দায়বদ্ধ কৰাৰ ওপৰত গুৱাহাটী পৌৰ নিগমে গুৰুত্ব আৰোপ কৰিছে।

প্ৰস্তাৱিত ব্যৱস্থা অনুসৰি, গুৱাহাটীত হোমষ্টে’ স্থাপন কৰিবলৈ হ’লে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ সংগ্ৰহ কৰাৰ লগতে সকলো প্ৰাসংগিক নথি-পত্ৰ সংৰক্ষণ কৰিব লাগিব। ইয়াৰোপৰি হোমষ্টে’ থকা স্থানত সহজে চিনাক্ত কৰিব পৰাকৈ উপযুক্ত ছাইনব’ৰ্ড লগোৱাটোও বাধ্যতামূলক কৰা হ’ব।

তাৰোপৰি নতুনকৈ হোমষ্টে’ আৰম্ভ কৰাৰ পূৰ্বে ওচৰ-চুবুৰীয়া আৰু স্থানীয় বাসিন্দাসকলৰ পৰা অনাপত্তি প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ ব্যৱস্থাও থাকিব লাগিব বুলি তথ্য অনুসৰি জানিব পৰা গৈছে। ইয়াৰ জৰিয়তে হোমষ্টে’ স্থাপনৰ ক্ষেত্ৰত স্থানীয় লোকৰ মতামত আৰু চুবুৰীয়া অঞ্চলৰ পৰিৱেশৰ বিষয়টো বিবেচনা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ লগতে গুৱাহাটীত প্ৰযোজ্য নিয়ম অনুসৰি প্ৰয়োজনীয় অনুজ্ঞাপত্ৰ অবিহনে চলি থকা হোমষ্টে’সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। নিয়ম উলংঘন কৰি হোমষ্টে’ পৰিচালনা কৰা প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰযোজ্য বিধি অনুসৰি পদক্ষেপ ল’ব পাৰিব।


##bigupdate #newsupdate #Homestay #guwahati #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।