যোৰহাটৰ শান্তি আশ্ৰমৰ সমীপত মাজ ৰাস্তাতে এগৰাকী যুৱকীক নিৰ্মম প্ৰহাৰ যুৱকৰ। তথ্য অনুসৰি, ৰাস্তাৰ মাজতে এগৰাকী যুৱকীক বেল্টেৰে প্ৰহাৰ প্ৰেমিকৰ। তাৰোপৰি ব্লেডেৰে কাটি পিঠিৰ ছাল ছিৰা-চিৰ কৰিলে প্ৰেমিকাৰ। ৰাজপথত হঠাৎ এই দৃশ্য দেখি হতবাক হৈ পৰিছে পথচাৰী। কি কাৰণত যুৱকজনে এই কাৰ্য সংঘটিত কৰিলে তাৰ কোনো প্ৰকৃত তথ্য লাভ কৰিব পৰা নাই। কেৱল এজন লোকে প্ৰশ্ন কৰাত যুৱকজনে কয়, "এইটো প্ৰাইভেট কথা,মোৰ গাৰ্লফ্ৰেণ্ড হয় ভাই। মইহে জানো মোক কেনেকুৱা ঢ'কা দিছে। এৰিব নোৱাৰো মোৰ ১০ বছৰৰ ভালপোৱা। মই মাৰি পেলাব নোৱাৰোঁ।"
এতিয়া প্ৰশ্ন হৈছে কিহৰ বাবে আজিৰ সমাজত দিনক দিনে এনে ঘটনাবোৰ সংঘটিত হ'বলৈ ধৰিছে। ১০ বছৰৰ ভালপোৱাত কিয় এই যুৱকজনে এনে কাণ্ড সংঘটিত কৰিব লগা হ'ল। আজিৰ দিনত ক্ৰমাৎ নোহোৱা হৈ পৰিছে নেকি সঁচা প্ৰেম? কোনোবাই কাৰোবাক প্ৰতাৰণা কৰিলে বুলিয়েই আইন নিজৰ হাতত তুলি লোৱাটো কিমানদূৰ গ্ৰহণযোগ্য? দিনক দিনে মানৱৰ পৰা দানৱলৈ পৰিণত হৈছে নেকি আজিৰ যুৱপ্ৰজন্ম? কি শাস্তি হ'ব এনেবোৰ দানৱ প্ৰেমিকৰ? নে বৰ্তমান সমাজখনত প্ৰতিবাৰে এগৰাকী নাৰীৰ চৰিত্ৰৰ ওপৰতে আঙুলি তুলি এনেবোৰ দানৱৰ জন্ম হ'বলৈ দিয়া হ'ব? সেয়া সময়ৰ সুঁতত হে গম পোৱা যাব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।