Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ভূটানৰ পৰা নামি আহিল পানীৰ আতংক। আতংকই বিপদৰ সলনি কঢ়িয়াই আনিলে সুখ!

আতংক হ’লগৈ আনন্দ

নিউজ ডেস্ক:ভূটানৰ পৰা নামি অহা পানীৰ আতংকৰ মাজতেই নৈপৰীয়া ৰাইজৰ মাজত বৈছে সুখৰ বন্যা। পুৱাৰে পৰা নৈপৰীয়া ৰাইজৰ মাজত বিৰাজ কৰিছে এক আনন্দময় পৰিবেশে । 

তামাৰহাটৰ বাঘডোকৰা অঞ্চলত গংগাধৰ নদীৰ পৰা হাজাৰ হাজাৰ লোকে ধৰিছে কুইণ্টল কুইণ্টল মাছ । শুক্ৰবাৰে গংগাধৰ নদীৰ পানী কিছু পৰিমানে বৃদ্ধি হৈছে যদিও সেই পানীৰ পৰিমাণ কিছু কমিছে বুলি তথ্য অনুসৰি জানিব পৰা গৈছে। কিন্তু পানীৰ লগত ভূটানৰ পৰা অহা মাছে  উভয়নদী হৈ পৰিছে গংগাধৰ নদীত । 

উল্লেখ্য যে, প্ৰায় বাঘডোকৰা অঞ্চলতে ৫০ কুইণ্টলতকৈ অধিক মাছ ধৰিছে নৈপৰিয়াই । বিটিচিৰ শিমূলটাপুৰ পৰা তামাৰহাট লৈ নৈপৰীয়া মাজত আনন্দময় পৰিবেশ । কি মহিলা, কি শিশু, কি বৃদ্ধ সকলোৱে মাছ ধৰাত ব্যস্ত । মাছৰ লগতে ভাহি আহিছে কাঠ খৰিও।
##assam #bigupdate #newsupdate #tamarhat #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।