প্ৰস্তাৱিত কেন্দ্ৰটো স্থাপনৰ বাবে প্ৰায় ৬০০ কোটি টকা ব্যয় হোৱাৰ সম্ভাৱনা আছে। অহা তিনি বছৰৰ ভিতৰত কেন্দ্ৰটো কাৰ্যক্ষম হৈ উঠিব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, প্ৰ’টন বিম থেৰাপী হৈছে কৰ্কট ৰোগৰ চিকিৎসাৰ অন্যতম অত্যাধুনিক পদ্ধতি। এই পদ্ধতিত অতি নিখুঁতভাৱে প্ৰ’টনৰ ৰশ্মি প্ৰয়োগ কৰি কৰ্কট ৰোগৰ টিউমাৰ ধ্বংস কৰা হয়। ইয়াৰ ফলত টিউমাৰৰ চাৰিওফালে থকা সুস্থ কলাৰ ক্ষতি তুলনামূলকভাৱে কম হয়।
এই পদক্ষেপৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, উন্নত কৰ্কট ৰোগৰ চিকিৎসা সাধাৰণ জনতাৰ বাবে অধিক সুলভ আৰু ব্যয়সাধ্য কৰি তোলাই এই পদক্ষেপৰ মূল লক্ষ্য। তেওঁ উল্লেখ কৰে যে, বৰ্তমানলৈকে ভাৰতত কেৱল ব্যক্তিগত চিকিৎসালয়সমূহতহে এই চিকিৎসা উপলব্ধ আছিল, যাৰ বাবে ৰোগীৰ চিকিৎসাৰ ব্যয় ৫০ লাখ টকালৈকে হ'ব পাৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই প্ৰকল্পত ৰাজ্য চৰকাৰৰ মূলধনী ব্যয়ৰ বোজা ন্যূনতম হ'ব। ইয়াৰ ফলত চিকিৎসাৰ খৰচ তুলনামূলকভাৱে কম কৰি ৰখাত সহায়ক হ'ব। বিশেষকৈ শিশু আৰু এই চিকিৎসাৰ বাবে উপযুক্ত আন ৰোগীসকল এই কেন্দ্ৰৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
অসমৰ সামগ্ৰিক কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থাৰ উন্নয়নৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যখনত মুঠ ১৭খন কৰ্কট চিকিৎসালয় নিৰ্মাণৰ কাম চলি আছে। ইয়াৰে ইতিমধ্যে ১২খন চিকিৎসালয় কাৰ্যক্ষম হৈছে। ইয়াৰ উপৰি স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি, চিকিৎসক-স্বাস্থ্যকৰ্মীৰ নিযুক্তি আৰু তৃণমূল পৰ্যায়ৰ স্বাস্থ্যসেৱাৰ উন্নয়নৰ বাবেও চৰকাৰে ধাৰাবাহিকভাৱে বিনিয়োগ কৰি আহিছে।
প্ৰস্তাৱিত প্ৰ’টন বিম থেৰাপী কেন্দ্ৰটোৱে অসমৰ কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে ৰাজ্যখনক চিকিৎসা পৰ্যটনৰ (Medical Tourism) অন্যতম কেন্দ্ৰ হিচাপে গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া দেশ ভূটান আৰু বাংলাদেশৰ ৰোগীসকলেও উন্নত চিকিৎসা লাভৰ সুযোগ পাব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।