Thursday, 05 November 2026
লগইন

ৰাজ্যত চিলনী চোৰৰ সন্ত্ৰাস। মহিলাৰ ডিঙিৰ পৰা কাঢ়িলে সোণৰ চেইন

চিলনী চোৰ

নিউজ ডেস্ক: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰ সন্ত্ৰাস। প্ৰতিদিনে চিলনী চোৰে মানুহৰ পৰা সোণৰ চেইন, মাণিবেগকে ধৰি অন্যান্য সামগ্ৰী চুৰি কৰি নিয়াৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে তেনে এক চাঞ্চল্যকৰ ঘটনা। 

তথ্য অনুসৰি, এগৰাকী মহিলাই ই-ৰিক্সাৰ পৰা নামি থকাৰ সময়তে ডিঙিৰ পৰা চেইন টানি পলায়নৰ চেষ্টা কৰে দুই চোৰে। 

NS-200 নম্বৰৰ এখন পালচাৰ বাইকত দ্ৰুতগতিত আহিছিল দুই চোৰ। চেইনখন টানি ল'বলৈ চেষ্টা কৰাৰ পাছতো ভাগ্য ক্ৰমে ৰক্ষা পৰিল মহিলাগৰাকী। ঘটনাৰ সমগ্ৰ দৃশ্য CCTV ত বন্দী হৈছে।

এই ঘটনাৰ পিছতে গৌৰীপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে।
##bigupdate #newsupdate #robbery #dhubri #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।