Friday, 06 November 2026
লগইন
ব্ৰেকিং

ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল নৈশ বাছ। আঘাতপ্ৰাপ্ত কেইবাগৰাকীও যাত্ৰী

ৰাজপথত বাগৰিল বাছ

নিউজ ডেস্ক : দুলীয়াজানৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন নৈশ বাছ গুৱাহাটীৰ উপকণ্ঠ অঞ্চল যোৰাবাটৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। যাৰ ফলত কেইবাগৰাকীও যাত্ৰী আহত হয়। আহত সকলৰ ভিতৰত তিনিজনৰ অৱস্থা গুৰুতৰ বুলি তথ্য অনুসৰি জানিব পৰা গৈছে।

এই দুৰ্ঘটনাটোত 'দীপ ট্ৰেভেলছ' ৰ দ্বাৰা পৰিচালিত আৰু AR 01M 7947 পঞ্জীয়ন নম্বৰ থকা এখন নৈশ বাছ জড়িত আছিল। তথ্য অনুসৰি, বাছখন গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়, যাৰ ফলত ঘাইপথত বাছখন বাগৰি পৰে।

উল্লেখ্য যে, দুৰ্ঘটনাটোত তিনিজন যাত্ৰী গুৰুতৰভাৱে আহত হয়, আনহাতে আন কেইবাজনো কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

এই ঘটনাৰ পিছতে যোৰাবাট যান-বাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আঘাতপ্ৰাপ্ত যাত্ৰীসকলক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰে।

দুৰ্ঘটনাটোৰ কাৰণ আৰু আহত যাত্ৰীসকলৰ অৱস্থা সম্পৰ্কে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
##bigupdate #newsupdate #tragicincident #jorabat #assam #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।