Saturday, 07 November 2026
লগইন
ব্ৰেকিং

কন্টেন্ট ক্ৰিয়েটৰে ত্ৰিপুৰাৰ যুৱকৰ চেহেৰাক লৈ অপমানজনক মন্তব্য, আমিৰ শ্বৌকিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ত্ৰিপুৰাৰ যুৱক চিনী বুলি উপলুঙা

নিউজ ডেস্ক: পুনৰ বৰ্ণ বৈষ্যমৰ বলি হ’ল উত্তৰ পূবৰ যুৱক। দিল্লীৰ কন্টেন্ট ক্ৰিয়েটৰ আমিৰ শ্বৌকিনৰ দ্বাৰা ত্ৰিপুৰাৰ এজন যুৱকক কৰা তথাকথিত বৰ্ণবৈষম্যমূলক কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই ক্ষেত্ৰত গৰিহণা দিছে আৰু অভিযুক্তৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সঁকীয়াই দিছে।

এক্সত এটা পোষ্টত ৰিজিজুৱে কয় যে, দিল্লী আৰু ত্ৰিপুৰা আৰক্ষীয়ে শ্বৌকিনক এক "উচিত শিক্ষা" দিব। ইয়াৰ লগতে কয় যে আনুষ্ঠানিক অভিযোগ দাখিল কৰাত পলম হৈছিল। ৰিজিজুৱে লিখিছে, "ইয়াক শাস্তি দিয়া হ’ব। আনুষ্ঠানিক অভিযোগ দাখিল কৰাত পলম হৈছিল যদিও দিল্লী আৰক্ষী আৰু ত্ৰিপুৰা আৰক্ষীয়ে তাক এক উচিত শিক্ষা দিব।"

এনে আচৰণক আওকাণ নকৰিবলৈ সকীয়াই দি তেওঁ লগতে কয়, "যিসকল লোকে সমাজত এনে দুষ্ট আচৰণ সহ্য কৰে, তেওঁলোকো ঘৃণা বিয়পোৱাৰ বাবে দায়ী ।”
সামাজিক মধ্যমত শ্বৌকিনে যুৱকজনক বৰ্ণবৈষম্যমূলক মন্তব্য কৰা আৰু তেওঁৰ চেহেৰাক লৈ উপহাস কৰা এটা তথাকথিত ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে ।

দিল্লীত ৰেকৰ্ডিং কৰা এই ভিডিঅ’টোত, যুৱকজনে নিজকে ত্ৰিপুৰাৰ বুলি কোৱাৰ পিছত শ্বৌকিনে তেওঁৰ শাৰীৰিক গঠন আৰু অঞ্চলৰ পৰিচয়ক লৈ আপত্তিজনক মন্তব্য কৰা দেখা গৈছে ।

বাতৰি অনুসৰি, কন্টেন্ট ক্ৰিয়েটৰজনে তেওঁক "চীনা" আৰু "চিংকী" বুলি মাতিছিল । তেওঁৰ চেহেৰাক পপ তাৰকা মাইকেল জ্যাকচন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিংৰ সৈতে তুলনা কৰিছিল আৰু ত্ৰিপুৰাৰ ঐতিহাসিক নামটোক লৈ এক অশ্লীল মন্তব্য কৰিছিল।
##bigupdate #newsupdate #northeast #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।