Thursday, 05 November 2026
লগইন
ব্ৰেকিং

আজিয়েই ইৰানৰ ওপৰত চলিব পাৰে ভয়ংকৰ আক্ৰমণ!

আক্ৰমণাত্মক ট্ৰাম্প!

নিউজ ডেস্ক : আমেৰিকাই ইৰাণত পুনৰ আক্ৰমণ চলাব পাৰে। শুক্ৰবাৰেই এই সংকেত প্ৰদান কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। শনিবাৰে মধ্যৱৰ্তীকালীন নিৰ্বাচনত ভোটদান কৰি ওলাই আহি তেওঁ দাবী কৰে যে, দেওবাৰেই ইৰাণৰ ওপৰত আক্ৰমণ হ’ব পাৰে। অৱশ্যে ইয়াৰ সমান্তৰালভাৱে তেওঁ বুজাবুজি বা চুক্তিৰ পথো মুকলি ৰাখিছে।

উল্লেখ্য যে, মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে, মাৰ্কিন কংগ্ৰেছত ট্ৰাম্পৰ দল ৰিপাব্লিকান পাৰ্টীৰ আধিপত্য থাকিব নে নাই। ইৰাণ আক্ৰমণৰ পিছত পশ্চিম এছিয়াত যি যুদ্ধসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে, তাক লৈ আমেৰিকাৰ ভিতৰচ’ৰাত সাধাৰণ জনসাধাৰণৰ মাজত অসন্তুষ্টি আছে। দিনে দিনে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যও বৃদ্ধি পাইছে। গতিকে ট্ৰাম্পৰ যুদ্ধনীতিত বহুতেই অসন্তুষ্ট। আকৌ এই নীতিৰ সমৰ্থক সকলো আছে। এই পৰিস্থিতিত জনমত বুজিবলৈ মধ্যৱৰ্তী নিৰ্বাচনটোকেই ট্ৰাম্পে মূল লক্ষ্য হিচাপে লৈছিল। তেওঁ জনায় যে, ভোটগ্ৰহণ শেষ নোহোৱালৈকে পশ্চিম এছিয়াত তেওঁ আৰু একো নকৰে।

শনিবাৰে ফ্ল’ৰিডাত এক জনসভাৰ পৰা আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ মুখত ভিন্ন সুৰ শুনা গৈছিল। তেওঁ প্ৰকাশ কৰে যে, ইৰানে পুনৰ ‘মহাকাব্যিক ক্ৰোধৰ’ মুখত পৰিব পাৰে। অৰ্থাৎ, ইৰানৰ ওপৰত পুনৰ কোনো ডাঙৰ আক্ৰমণ হ’ব পাৰে। শনিবাৰে সেই ফ্ল’ৰিডাতেই ভোটদান কৰি ওলাই আহি সাংবাদিকৰ আগত ট্ৰাম্পে কয়, ‘‘কাইলৈয়ে আক্ৰমণ কৰিব পাৰোঁ। সেই সম্ভাৱনা আছে। আকৌ আমাৰ মাজত এটা সুন্দৰ, ডাঙৰ আৰু ধুনীয়া বুজাবুজিও হ’ব পাৰে, সেই সম্ভাৱনাও আছে।’’

পশ্চিম এছিয়াত দায়িত্ব পালন কৰা আমেৰিকান সেনাক ট্ৰাম্পে প্ৰশংসাৰে ওপচাই পেলায়। তেওঁ কয়, ‘‘আমি সুন্দৰ কাম কৰিছোঁ। আমাৰ নৌসেনা আৰু স্থলসেনাই ভাল কাম কৰিছে। তেওঁলোকে ইৰাণৰ প্ৰতিখন যুদ্ধবিমান ধ্বংস কৰি দিছে। ২৫৯খন জাহাজ এতিয়া সাগৰৰ তলিত। সিহঁতৰ সন্মুখত এতিয়া অভূতপূৰ্ব মুদ্ৰাস্ফীতিৰ বাহিৰে আন একো নাই।’’

উল্লেখ্য যে, শেহতীয়াভাৱে ইৰানে পাৰস্য উপসাগৰীয় অঞ্চলৰ যোগাযোগ ব্যৱস্থাক লক্ষ্য কৰি লৈছে। সাগৰৰ তলেৰে যোৱা যোগাযোগৰ কেবল বা তাঁৰসমূহ ইৰানে ধ্বংস কৰি দিয়াৰ হুংকাৰ দিছে। তেওঁলোকে জনাইছে যে এই কেবলসমূহৰ ওপৰত তেওঁলোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ আছে। এই কেবলসমূহ ক্ষতিগ্ৰস্ত হ’লে সমগ্ৰ পশ্চিম এছিয়াত যোগাযোগ ব্যৱস্থা আৰু ইণ্টাৰনেট সেৱা ব্যাহত হৈ পৰিব পাৰে।

তেহৰাণৰ সেই ভাবুকিৰ পাছতেই ট্ৰাম্পে পুনৰ আক্ৰমণৰ কথা উল্লেখ কৰে। অৱশ্যে ইৰানৰ বুজাবুজি কৰাৰ ইচ্ছা আছে নে নাই, তাক লৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি সন্দিহান। তেওঁ কয়, ‘‘সিহঁতে বুজাবুজি কৰিব বিচাৰে। কিন্তু সমস্যাটো হ’ল সিহঁতে সেই বুজাবুজি ধৰি ৰাখিব পাৰিবনে?’’ ট্ৰাম্পে জনায় যে, তেওঁলোকৰ উদ্দেশ্য হ’ল ইৰানক কেতিয়াও পৰমাণু অস্ত্ৰ তৈয়াৰ কৰিবলৈ নিদিয়া। তাৰ বাবে যি কৰা প্ৰয়োজন, তেওঁলোকে তাকেই কৰিব।

ড'নাল্ড ট্ৰাম্পৰ ভাবুকিৰ পিছতো অৱশ্যে মূৰ দোঁৱাবলৈ মান্তি হোৱা নাই তেহৰাণ। শেহতীয়াকৈ এটা সংবাদ মাধ্যমৰ ৰিপৰ্টত দাবী কৰা হয় যে, পাকিস্তানী মধ্যস্থতাকাৰীৰ জৰিয়তে হৰমুজ প্ৰণালী মুকলি কৰি দিয়াৰ প্ৰস্তাৱ দিছে ইৰানে। তাৰ পৰিৱৰ্তে আমেৰিকাকো তাৰ পৰা নৌ অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ কোৱা হৈছে। ইৰানে অৱশ্যে এই ৰিপৰ্ট অস্বীকাৰ কৰে।
##bigupdate #newsupdate #internationalnews #donaldtrump #iran #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।