নিউজ ডেস্ক : এক তথ্য অনুসৰি ইৰানৰ ওপৰত পুনৰ সামৰিক অভিযান আৰম্ভ কৰাৰ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱৰ মাজত এক টেলিফোনিক বাৰ্তালাপত হৈছে ।
য’ত নেতান্যাহুৱে অহা মঙলবাৰে হ’বলগীয়া আমেৰিকাৰ মধ্য্যাৱধী নিৰ্বাচনৰ পিছত নতুনকৈ আক্ৰমণ চলোৱাৰ বাবে জোৰ দিয়ে । ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পিছত তাৎক্ষণিক সামৰিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছিল । আনহাতে ট্ৰাম্পে বৰ্তমানৰ বাবে কূটনৈতিক প্ৰচেষ্টা অব্যাহত ৰখাটো বিচাৰিছে বুলি Axios-এ এজন ইজৰাইলী আৰু এজন আমেৰিকান সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে।
অৱশ্যে, ট্ৰাম্পে দেওবাৰে আইঅ’ৱাত সাংবাদিকৰ আগত কয় যে নেতান্যাহুৰ সৈতে তেওঁৰ "বৰ ভাল কথা-বতৰা" হৈছে আৰু বিতং তথ্য নিদিয়াকৈয়ে ইৰাণৰ বিষয়টো আলোচনাৰ অন্যতম বিষয় আছিল বুলি নিশ্চিত কৰে। হোৱাইট হাউচ আৰু ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই ফোন কলটোৰ সন্দৰ্ভত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।
ট্ৰাম্পে সমান্তৰালভাৱে কূটনৈতিক আৰু সামৰিক দৃষ্টিভংগী গ্ৰহণ কৰিছে, য’ত তেওঁ ইৰাণৰ সৈতে শান্তি আলোচনা পুনৰ আৰম্ভ কৰিব পৰা এক চুক্তিৰ সন্ধান কৰিছে আৰু একে সময়তে মধ্য্যাৱৰ্তী নিৰ্বাচনৰ পিছত সম্ভাৱ্য বৃহৎ সামৰিক অভিযানলৈ ঘূৰি যোৱাৰ প্ৰস্তুতিও চলাই ৰাখিছে ।
শনিবাৰে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ট্ৰাম্পে কয় যে ইৰাণৰ সৈতে আলোচনা "ঠিকঠাক চলি আছে" আৰু তেওঁ "বৰ খৰখেদাত থকা নাই"। তেওঁ লগতে কয় যে তেহৰানে এখন চুক্তি বিচাৰে কিন্তু ইয়াৰ নিৰ্ভৰযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰে। ট্ৰাম্পে কয়, "তেওঁলোকে এখন চুক্তি কৰে আৰু তাৰ পিছত তাৰ পৰা পিছহুহকি আহে।"
একে সময়তে, আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ইংগিত দিয়ে যে ৱাশ্বিংটনে এতিয়াও ইৰাণৰ এটা বা দুটা পাৰমাণৱিক স্থানৰ ওপৰত চকু ৰখাৰ প্ৰয়োজন আছে। পিকএক্স মাউণ্টেইনত (Pickaxe Mountain) থকা সন্দেহযুক্ত ভূগৰ্ভস্থ ঘাটিটোৰ কথা উল্লেখ কৰি তেওঁ কয়, "আমি সেইটো ১০ মিনিটতে কৰিব পাৰো। আমাৰ সেইটো পৰিকল্পনা কৰা আছে। আপোনালোকে পিকএক্স মাউণ্টেইনলৈ চাব পাৰে। আমি সেইটো সমাধান কৰিব লাগিব। আমি সেইটো অতি সোনকালে কৰিব পাৰো।"

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।