Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ট্ৰাম্পে সাক্ষাৎ কৰিব কিম জং উনক, যুদ্ধৰ সন্দৰ্ভত আলোচনাৰ সম্ভাৱনা

আকৌ ট্ৰাম্প-কিমৰ বৈঠক

নিউজ ডেস্ক : উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিম জং উনক সাক্ষাৎ কৰাৰ সম্ভাৱনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ । নৱেম্বৰৰ মাজভাগত চীন ভ্ৰমণৰ সময়ত উত্তৰ কোৰিয়াৰ সৰ্বোচ্চ নেতা কিমক সাক্ষাৎ সম্ভাৱনা আছে বুলি উল্লেখ কৰা হৈছে ।

উল্লেখ্য যে, ১৮-১৯ নৱেম্বৰত চীনৰ শ্বেনঝেনত অনুষ্ঠিত হ’বলগীয়া এছিয়া-পেচিফিক অৰ্থনৈতিক সহযোগিতা (APEC) সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ট্ৰাম্পে চীন ভ্ৰমণ কৰিব ।

আনহাতে, ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে নিজৰ প্ৰথমটো কাৰ্যকালত কিম জং উনক তিনিবাৰকৈ সাক্ষাৎ কৰিছিল । ইফালে আগষ্ট মাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে দক্ষিণ কোৰিয়াৰ সৈতে বাৰ্ষিক যৌথ সামৰিক কুচকাৱাজ হ্ৰাস কৰাৰ নিৰ্দেশ দিছিল ইয়াৰ খৰচৰ বাবে ।

ট্ৰাম্পে উল্লেখ কৰিছিল যে, উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে তেওঁৰ "অতি ভাল সম্পৰ্ক।"  সামৰিক অনুশীলনে পিয়ংয়াঙলৈ এক "অনুপযুক্ত আৰু শত্ৰুতাপূৰ্ণ" সংকেত প্ৰেৰণ কৰাৰ আশংকাৰ কথা উল্লেখ কৰিছিল ।

সামাজিক মধ্যমত ট্ৰাম্পে কয় যে, দক্ষিণ কোৰিয়াৰ সৈতে যৌথ সামৰিক কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰই পূৰ্বে সন্মতি প্ৰকাশ কৰা কাৰ্যত তেওঁ অসন্তুষ্ট আছিল ।
ট্ৰাম্পে কয়, "উত্তৰ কোৰিয়াৰ কিম জং উনৰ সৈতে মোৰ অতি ভাল সম্পৰ্কৰ ভিত্তিত, মই এই কথাত সন্তুষ্ট নাছিলো যে আমেৰিকা যুক্তৰাষ্ট্ৰই বহু সময়ৰ আগতেই দক্ষিণ কোৰিয়াৰ সৈতে যৌথ সামৰিক কুচকাৱাজত অংশগ্ৰহণ কৰিবলৈ সন্মত হৈছিল।"

তেওঁ লগতে কয়, "এই অনুশীলনবোৰ কেৱল ব্যয়বহুলেই নহয়, যাৰ বেছিভাগ খৰচ আমেৰিকা যুক্তৰাষ্ট্ৰই বহন কৰে, বৰঞ্চ ই এনে এখন দেশৰ প্ৰতি সম্পূৰ্ণ অনুপযুক্ত আৰু শত্ৰুতাপূৰ্ণ সংকেত প্ৰেৰণ কৰে ।’
##bigupdate #newsupdate #internationalnews #donaldtrump #KimJongUn #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।