Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ঘূৰ্ণী বতাহ 'চাম্পি'ৰ সংহাৰত মৃত্যু এজনৰ, আহত ৫০০ তকৈও অধিক

ঘূৰ্ণী বতাহ 'চাম্পি'ৰ সংহাৰ

নিউজ ডেস্ক : সমগ্ৰ টাইৱান চহৰ জোকাৰি গৈছে ঘূৰ্ণী বতাহ চাম্পিয়ে। যাৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৫০০ ৰো অধিক লোক আহত হৈছে। প্ৰশাসনে "ধ্বংসাত্মক বতাহ"ৰ সতৰ্কবাণী জাৰি কৰে আৰু লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে।

শুক্ৰবাৰে দ্বীপটোৰ উত্তৰ-পূব দিশেৰে পাৰ হৈ যায় ধুমুহাজাক, যাৰ ফলত গছ-গছনি উভালি পৰে, হঠাতে বানপানীৰ সৃষ্টি হয়, বিদ্যুৎ সংযোগ ব্যাহত হয় আৰু ৫,০০০ তকৈও অধিক লোকক নিজৰ ঘৰ এৰি সুৰক্ষিত স্থানলৈ যাবলৈ বাধ্য হয়।

কর্তৃপক্ষই জনোৱা মতে, শনিবাৰে প্ৰায় ৫৬,০০০ পৰিয়ালৰ বিদ্যুৎ যোগান পুনৰ সক্ৰিয় কৰিবলৈ জৰুৰীকালীন উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হয়। ধুমুহাজাক উত্তৰ-পূব অঞ্চলৰ পৰা আঁতৰি উত্তৰ দিশলৈ গতি কৰাৰ লগে লগে উত্তৰ আৰু মধ্য টাইৱানৰ বেছিভাগ দোকান-পোহাৰ দ্বিতীয় দিনৰ বাবেও বন্ধ হৈ থাকে।

ঘূৰ্ণী বতাহ 'চাম্পি' চীন আৰু জাপানৰ দিশে অগ্ৰসৰ হৈছে, যাৰ ফলত এই অঞ্চলটোত ব্যাপক হাৰত বিমান উৰণ বাতিল কৰিবলগীয়া হৈছে।

টাইৱানৰ পৰিবহন আৰু যোগাযোগ মন্ত্ৰালয়ে সদৰী কৰে যে, ২৫৯খন বিমান বাতিল কৰা হৈছে, যিটো শুক্ৰবাৰৰ তুলনাত এক উন্নত পৰিস্থিতি, কাৰণ শুক্ৰবাৰে এই সংখ্যা প্ৰায় ১,০০০ আছিল।

'চাম্পি' নামৰ ঘূৰ্ণীবতাহজাক কিছু সময়ৰ বাবে প্ৰায় ৩০০ কিলোমিটাৰ প্ৰতি ঘণ্টা (১৮৬ মাইল প্ৰতি ঘণ্টা) বেগেৰে বলা এটা ছুপাৰ টাইফুন আছিল, কিন্তু বৰ্তমান ই দুৰ্বল হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া টাইফুন সতৰ্কীকৰণ কেন্দ্ৰই শুক্ৰবাৰে জনোৱা অনুসৰি বতাহজাকৰ সৰ্বাধিক বেগ আছিল ১৮৫ কিলোমিটাৰ প্ৰতি ঘণ্টা (১১৫ মাইল প্ৰতি ঘণ্টা)।

শনিবাৰে পৰিস্থিতি ইয়াতকৈও অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে। টাইৱানৰ চেণ্ট্ৰেল ৱেদাৰ এডমিনিষ্ট্ৰেশ্যন (CWA)-এ জনোৱা মতে, বৃহস্পতিবাৰৰ পৰা শনিবাৰৰ ভিতৰত 'চাম্পি' ধুমুহাৰ প্ৰভাৱত ৯০০ মিলিমিটাৰ (৩৫ ইঞ্চি) পৰ্যন্ত বৰষুণ হ’ব পাৰে, যাৰ ফলত উত্তৰ-পূব অঞ্চল আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব। শুক্ৰবাৰে ইৰান কাউণ্টিত (Yilan County) ৪০০ মিলিমিটাৰতকৈও অধিক বৰষুণ লিপিবদ্ধ কৰা হৈছে।

পূৰ্বানুমানকাৰীগৰাকীয়ে লগতে কয় যে, ইলাং চহৰৰ সমীপত চক্ৰাকাৰে ঘূৰি থকা ধুমুহাজাক শুক্ৰবাৰে নিশা কিছু দুৰ্বল হৈ পৰিছে, যিখন চহৰত বৃহস্পতিবাৰৰ পৰা ৬৬০ মিলিমিটাৰ বৰষুণ হৈছে।

আনহাতে, CWA-ৰ বতৰ আগজাননীকাৰী লু কুও-চেনে কয় যে, ঘূর্ণীবতাহজাক দ্বীপটোৰ উত্তৰ-পূব প্ৰান্তৰ ওচৰত মন্থৰ হৈ পৰিব পাৰে, যাৰ ফলত ইয়াৰ প্ৰভাৱ দীৰ্ঘদিনীয়া হ’ব পাৰে।

বাসিন্দাসকলে বেলেগ বেলেগ ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ইয়ালানৰ নিজৰ বাগানত বাগৰি পৰা কল গছবোৰ পৰীক্ষা কৰি থকাৰ সময়ত লিন উপাধিৰ এজন অৱসৰপ্ৰাপ্ত শিক্ষকে এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, মাজনিশাৰ সময়ছোৱা আটাইতকৈ ভয়ংকৰ আছিল আৰু বহু বছৰৰ ভিতৰত তেওঁ এনে পৰিস্থিতি দেখা নাই। এইটো এটা টোপনিহীন ৰাতি আছিল। 

টাইপেইৰ বাসিন্দা ৭০ বছৰীয়া থমাছ ৱাঙে কয় যে, এই ধুমুহা জাক "পল্টাৰজিষ্ট" (Poltergeist) নামৰ ভয়াৱহ চিনেমাখনৰ কোনো দৃশ্যৰ দৰে লাগিছিল।

তথ্য অনুসৰি, নিউ টাইপেই চিটিৰ এখন দলঙৰ ওপৰত নিজৰ স্কুটাৰখন কঁপি উঠাত ৫৫ বছৰীয়া ছেক্ৰেটেৰী মাৰ্থা ৱাঙে বতাহত উৰি যাব বুলি ভয় খাইছিল।

৫৫ বছৰীয়া পুথিভঁৰালী উইলিয়াম ইউ-এ এএফপি এটা সংবাদসংস্থাৰ আগত প্ৰকাশ কৰে যে, এই ধুমুহাজাক আন ঘূর্ণীবতাহসমূহৰ তুলনাত বেছি শক্তিশালী নাছিল।

ওকিনৱা ইলেক্ট্ৰিক পাৱাৰ কোম্পানীৰ মতে, শুক্ৰবাৰে আবেলি জাপানৰ ওকিনৱা দ্বীপপুঞ্জৰ প্ৰায় ৮,৪০০ ঘৰ মানুহ বিদ্যুৎবিহীন হৈ আছিল। চৰকাৰে জনোৱা মতে, জাপানৰ আটাইতকৈ দক্ষিণ প্ৰান্তত অৱস্থিত এই প্ৰশাসনিক অঞ্চলটোত (prefecture) এই ঘূৰ্ণীবতাহৰ ফলত দুজন লোক আহত হৈছে।

'চাম্পি' ওকিনৱাৰ ওচৰত আৰু তাৰ পিছত চীনৰ পূব উপকূলৰ কাষত থাকিব বুলি পূৰ্বানুমান কৰা হৈছে, ইয়াৰ পিছত ই উত্তৰ-পূব দিশলৈ গতি কৰি জাপানৰ মূল ভূখণ্ডৰ পিনে আগবাঢ়িব।

উল্লেখ্য যে, চাংহাইত কিছুমান ৰে'ল সেৱা স্থগিত কৰা হৈছে আৰু হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।

এল নিনো

এল নিনোৰ প্ৰভাৱত তীব্ৰতৰ হৈ পৰা প্ৰশান্ত মহাসাগৰীয় ধুমুহাৰ বতৰৰ শেহতীয়া ঘূৰ্ণীবতাহজাক হৈছে 'চাম্পি'।

ৰাষ্ট্ৰসংঘই বুধবাৰে প্ৰকাশ কৰে যে, প্ৰাকৃতিক চক্ৰৰ ফলত প্ৰশান্ত মহাসাগৰৰ বিষুৱীয় অঞ্চল উষ্ণ হৈ পৰা পৰিঘটনা 'এল নিনো'য়ে এইবাৰ পূৰ্বৰ সকলো অভিলেখং ভংগ কৰাৰ দিশে গতি কৰিছে।

বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান চেলেষ্টে ছৌলোৱে কয়, "বৰ্তমানৰ এল নিনো পৰিঘটনাটো ইয়াৰ তীব্ৰতাৰ ক্ষেত্ৰত অভূতপূৰ্ব হ’ব পাৰে। ই আক্ষৰিক অৰ্থত যোৱা চাৰিটা দশক ধৰি আমি ব্যৱহাৰ কৰি অহা নিৰীক্ষণ তালিকাৰো বাহিৰত।"

তথ্য অনুসৰি, ডিচেম্বৰ মাহত ই চৰম পৰ্যায়ত উপনীত হোৱাৰ সম্ভাৱনা আছে, যাৰ প্ৰভাৱ ২০২৭ চন আৰু তাৰ পিছৰ সময়লৈকেও থাকিব।
##bigupdate #newsupdate #internationalnews #typhoon #taiwaan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।