Thursday, 05 November 2026
লগইন
ব্ৰেকিং

আমেৰিকাৰ নাগৰিকসকললৈ আমেৰিকা চোৰাংচোৱা সংস্থাৰ সতৰ্কবাণী

আক্ৰমণৰ বাবে ‘উন্নত পৰ্যায়ৰ’পৰিকল্পনা ইৰানৰ!

নিউজ ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে সমগ্ৰ মধ্য প্ৰাচ্যত নিজৰ কৰ্মচাৰীসকলক তীব্ৰ সতৰ্কতাত ৰাখিছে আৰু দূতাবাস তথা কনচুলেটসমূহত কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, কাৰণ চোৰাংচোৱা তথ্যই দৰ্শাইছে যে, ইৰানে আমেৰিকানসকলৰ বিৰুদ্ধে আক্ৰমণৰ পৰিকল্পনা চূড়ান্ত পৰ্যায়ত চলাই আছে। শুক্ৰবাৰে আমেৰিকাৰ বিষয়াসকলে এই কথা প্ৰকাশ কৰে।

গোয়েন্দা বিষয়াসকলে শুক্ৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মাৰ্কো ৰুবিঅ'লৈ প্ৰেৰণ কৰা এটা স্মাৰকপত্ৰত মধ্যপ্ৰাচ্য আৰু অন্যান্য অঞ্চলত থকা ষ্টেট ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীসকলৰ প্ৰতি থকা বিপদৰ সন্দৰ্ভত সতৰ্ক কৰি দিয়ে বুলি বিষয়াসকলে সদৰী কৰে।

জাতীয় গো-চ’ৰা বিভাগৰ সঞ্চালক জে ক্ল’টনে দিয়া স্মাৰকপত্ৰখনত উল্লেখ কৰা হৈছে যে, সংস্থাসমূহে “ইৰাণে আমেৰিকান কৰ্মচাৰীক লক্ষ্য কৰি লোৱাৰ প্ৰচেষ্টা যথেষ্ট বৃদ্ধি কৰিছে বুলি চোৱাংগিৰি তথ্য লাভ কৰিছে। ইৰাণীয়ানসকলে আমেৰিকান নাগৰিকৰ বিৰুদ্ধে কৰা মাৰাত্মক ষড়যন্ত্ৰৰ প্ৰচেষ্টা মধ্যপ্ৰাচ্য আৰু নিৰ্দিষ্ট কিছুমান আন দেশত আগন্তুক বা উন্নত পৰ্যায় পাইছেহি।

ট্ৰাম্প প্ৰশাসনে শুক্ৰবাৰে নিশা এজন U.S.বিষয়াৰ জৰিয়তে এই মেম’খনৰ সত্যতা নিশ্চিত কৰে। বিষয়াসকলে জনোৱা মতে, এই পদক্ষেপে আমেৰিকা চৰকাৰে এই ভাবুকিটোক কিমান গুৰুত্বসহকাৰে লৈছে সেয়া প্ৰদৰ্শন কৰে। 

আমেৰিকাৰ বিষয়াসকলে সদৰী কৰা মতে, আমেৰিকান সংস্থাসমূহে মূল্যায়ন কৰে যে, মধ্যপ্ৰাচ্য আৰু আন কেইবাখনো দেশত থকা আমেৰিকান নাগৰিকসকলৰ প্ৰতি থকা ভাবুকি ফেব্ৰুৱাৰী মাহত যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা সৰ্বোচ্চ পৰ্যায়ত উপনীত হৈছে।

ৰাষ্ট্ৰপতি ট্ৰাম্প আৰু শীৰ্ষ সহযোগীসকলে ক্ৰমান্বয়ে বৃদ্ধি পোৱা ভাবুকিৰ সন্দৰ্ভত নিয়মিতভাৱে তথ্য লাভ কৰি আহিছে, যি ভাবুকি মধ্য প্ৰাচ্যৰ বাহিৰলৈকো প্ৰসাৰিত হৈছে বুলি এজন বিষয়াই জানিবলৈ দিয়ে। বিশ্লেষকসকলে বিগত তিনি সপ্তাহ ধৰি ৰাষ্ট্ৰদূতসকলক ধৰি আমেৰিকাৰ বিষয়াসকলৰ প্ৰতি থকা ভাবুকিৰ চোৰাংচোৱা তথ্যসমূহ পৰীক্ষা-নিৰীক্ষা কৰি আছে। কিছুমান তথ্যই ইংগিত দিয়ে যে আমেৰিকাত ইৰানৰ সক্ৰিয় এজেণ্ট বা অপাৰেটিভ থাকিব পাৰে বুলি বিষয়াজনে উল্লেখ কৰে। আমেৰিকাৰ বিষয়াসকলৰ মতে, ইৰানৰ এই পৰিকল্পনাত ইউৰোপৰ সম্ভাৱ্য লক্ষ্যস্থানসমূহো অন্তৰ্ভুক্ত হৈ আছে।

কিন্তু আন এজন বিষয়াই সতৰ্ক কৰি দিয়ে যে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্যান্য বিদেশী ভূখণ্ডত আক্ৰমণ চলোৱাৰ ইৰানৰ ক্ষমতা সীমিত, আৰু আক্ৰমণ কৰাৰ বাবে ইয়াৰ উচ্চাকাংক্ষা বা ইচ্ছা সিহঁতৰ সামৰ্থ্যতকৈ বহুত বেছি।

অৱশ্যে হোৱাইট হাউছে এই সন্দৰ্ভত কোনো মন্তব্য কৰা নাই। মিষ্টাৰ ক্লেইটনৰ কাৰ্যালয় আৰু C.I.A. য়েও মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে।

"যেতিয়া আমাৰ দূতাবাসসমূহৰ কৰ্মচাৰী নিযুক্তিৰ কথা আহে, আমি নিৰাপত্তা পৰিৱেশৰ সম্পৰ্কে নতুন তথ্যসমূহ ধাৰাবাহিকভাৱে মূল্যায়ন কৰোঁ," এজন আমেৰিকান বিষয়াৰ জৰিয়তে ৰাজ্যিক বিভাগে এইদৰে উল্লেখ কৰে।

বিষয়াগৰাকীয়ে কয় যে, য়েমেনৰ হুটি বাহিনীৰ আক্ৰমণৰ ভাবুকি আৰু "আমেৰিকাৰ বিষয়াসকলক লক্ষ্য কৰি ইৰাণী সন্ত্ৰাসবাদী ষড়যন্ত্ৰ"ই বিভিন্ন দেশত থকা দূতাবাসসমূহৰ কৰ্মচাৰীৰ সংখ্যা সালসলনি কৰাৰ ক্ষেত্ৰত ষ্টেট ডিপাৰ্টমেণ্টক সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছে। তেওঁ লগতে কয় যে, যুদ্ধবিধ্বস্ত অঞ্চলসমূহত প্ৰায়ে ব্যৱহাৰ কৰা বিভাগটোৰ "প্ৰতিবন্ধক অপাৰেটিং ষ্টেটাছ"ৰ অধীনত এই মিছনসমূহৰ কৰ্মচাৰীৰ সংখ্যা ইতিমধ্যে হ্ৰাস কৰা হৈছিল।

উল্লেখ্য যে, নতুন ভাবুকি সন্দৰ্ভত এই সতৰ্কবাণীসমূহ এনে এক সময়ত আহিছে, যাৰ পূৰ্বে মিষ্টাৰ ট্ৰাম্প আৰু ইজৰাইলৰ দ্বাৰা ইৰানৰ বিৰুদ্ধে আৰম্ভ কৰা আঠ মহীয়া যুদ্ধৰ ফলত শক্তিৰ (ইন্ধনৰ) মূল্য আকাশলংঘী হৈ পৰিছে, বিশ্বজুৰি অৰ্থনীতি বিপৰ্যস্ত হৈছে আৰু দেশৰ ভিতৰত মিষ্টাৰ ট্ৰাম্পৰ জনপ্ৰিয়তা হ্ৰাস পাইছে। বুধবাৰে দ্য নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্যৱৰ্তী নিৰ্বাচনৰ পিছত আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত এক নতুন পৰ্যায়ৰ আক্ৰমণৰ পৰিকল্পনা তৈয়াৰ কৰিছে, যদিও মিষ্টাৰ ট্ৰাম্পে এইবোৰ কাৰ্যকৰী কৰাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো চূড়ান্ত সিদ্ধান্ত লোৱা নাই।

তথ্য অনুসৰ, ট্ৰাম্পে অলপতে বিগত মাহবোৰত ইৰাণৰ ওপৰত কোনো ধৰণৰ ডাঙৰ আক্ৰমণ চলোৱাৰ পৰা বিৰত আছে, কিন্তু বিশ্ব বজাৰত ইৰাণে যাতে তেল আৰু অন্যান্য শক্তি উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব নোৱাৰে, তাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে ইৰাণৰ বন্দৰসমূহ অৱৰোধ কৰি ৰাখিছে।

ইউনাইটেড ষ্টেটচৰ বিষয়াসকলে জনোৱা মতে, ইৰানী বিষয়াসকলে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ বিভিন্ন উপায় বিচাৰিছে। অক্টোবৰ মাহৰ আৰম্ভণিতে, ইউ.এচ. সামৰিক বাহিনীয়ে এক অসাধাৰণ পদক্ষেপ গ্ৰহণ কৰি দক্ষিণ ইংলেণ্ডৰ এটা ঘাটিৰ পৰা আটাইকেইখন ১২খন বি-১ (B-1) বিমান বাহিনীৰ বোমাৰু বিমান আঁতৰাই আনিছিল, কাৰণ কামাণ্ডাৰসকলে সেই ঘাটিটো— অৰ্থাৎ আৰ.এ.এফ. ফেয়াৰফ'ৰ্ড (R.A.F. Fairford)-ৰ ওপৰত ইৰানী ভাবুকি থকাৰ তথ্য লাভ কৰিছিল।

শুক্ৰবাৰে ৰুবিঅ’লৈ প্ৰেৰণ কৰা তেওঁৰ স্মাৰকপত্ৰত ক্লেইটনে উল্লেখ কৰিছিল যে, তেওঁ কিছুমান চোৰাংচোৱা তথ্যৰ শ্ৰেণীবিভাজন হ্ৰাস কৰিবলৈ (downgrade) চেষ্টা কৰিছে, যাতে অধিক সংখ্যক মাৰ্কিন চৰকাৰী কৰ্মচাৰীক এই বিষয়ে অৱগত কৰিব পৰা যায়। স্মাৰকপত্ৰখনৰ বিষয়বস্তুত ইয়াক "মধ্যপ্ৰাচ্য আৰু আন কিছুমান দেশত আমেৰিকানসকলৰ বিৰুদ্ধে মাৰাত্মক ষড়যন্ত্ৰ" বুলি উল্লেখ কৰা হৈছিল।

বুধবাৰে ষ্টেট ডিপাৰ্টমেণ্টে চৌদি আৰৱৰ পৰা জৰুৰীকালীন নোহোৱা (অনা-অত্যাৱশ্যকীয়) কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক স্থানান্তৰ কৰাৰ নিৰ্দেশ দিয়ে বুলি বিভাগটোৰ মুখপাত্ৰ টমি পিগটে এটা বিবৃতিত প্ৰকাশ কৰে।

তথ্য অনুসৰি, সংস্থাই অঞ্চলটোৰ আন বহুতো কূটনৈতিক মিছনলৈও গোপনে কৰ্মচাৰীসকলক অনা-নিয়া কৰি আছে। ই মধ্যপ্ৰাচ্যৰ প্ৰায় আটাইবোৰ আমেৰিকান মিছনক “প্ৰতিবন্ধকতামূলক কাৰ্যক্ষম স্থিতি”হিচাপে চিহ্নিত কৰিছে, যাৰ ফলত বিভাগটোৱে কোনো জাননী জাৰি নকৰাকৈয়ে কৰ্মচাৰীৰ সংখ্যা সালসলনি কৰিবলৈ অধিক সুবিধা পাইছে।

মিছনসমূহৰ পৰা কূটনীতিবিদ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলক কৰ্তন কৰাটো ইৰানৰ আক্ৰমণৰ পৰিকল্পনা সন্দৰ্ভত শেহতীয়া চোৰাংচোৱা তথ্যৰ প্ৰত্যক্ষ পৰিণতি বুলি আমেৰিকাৰ বিষয়াসকলে জানিবলৈ দিয়ে।

২৮ ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছত, ইৰাণী সামৰিক বাহিনীয়ে ইজৰাইলৰ লগতে সমগ্ৰ মধ্য প্ৰাচ্যৰ আৰব ৰাষ্ট্ৰসমূহলৈ ড্ৰোন আৰু মিছাইল নিক্ষেপ কৰি ইয়াৰ প্ৰতিশোধ লয়।

আনহাতে ২ মাৰ্চত U.S. ষ্টেট ডিপাৰ্টমেণ্টে ইৰাক, জৰ্ডান আৰু বাহৰাইনত থকা কূটনৈতিক মিছনসমূহৰ অনা-অত্যাৱশ্যকীয় কৰ্মচাৰীসকলৰ বাবে বাধ্যতামূলক প্ৰস্থানৰ নিৰ্দেশনা জাৰি কৰিছিল।

সেই সময়ছোৱাত, বিভাগে চৌদি আৰৱত থকা মিছনসমূহৰ অনা-অত্যাৱশ্যকীয় কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক দেশ এৰি থৈ যাবলৈও নিৰ্দেশ দিছিল, কাৰণ ইৰানে ৰিয়াদত থকা দূতাবাস আৰু তাৰ ওচৰ-পাজৰৰ এলেকাসমূহত আক্ৰমণ চলাইছিল।

যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বমুহূৰ্তত, কেৱল দুখন দূতাৱাসেহে তেওঁলোকৰ কৰ্মচাৰীসকলক তথাকথিত "অনুমোদিত প্ৰস্থান" বাবে যাব পাৰিব বুলি জনাইছিল। ইয়াৰ অৰ্থ আছিল যে, অপৰিহাৰ্য নোহোৱা কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে ইচ্ছা কৰিলে স্থান এৰি গুচি যাব পাৰিব। সেই দুখন আছিল ক্ৰমে— বৈৰুটত থকা দূতাৱাস, যিয়ে যুদ্ধ আৰম্ভ হোৱাৰ চাৰি দিন আগতে এই বাৰ্তা জাৰী কৰিছিল, আৰু জেৰুজালেমত থকা দূতাৱাস, যিয়ে যুদ্ধ আৰম্ভ হোৱাৰ ঠিক এদিন আগতে এই পদক্ষেপ লৈছিল।

এই গ্ৰীষ্মকালৰ যিবোৰ সময়ত হিংসাত্মক পৰিস্থিতি শাম কাটিছিল, সেই সময়ছোৱাত ষ্টেট ডিপাৰ্টমেণ্টে কিছুমান কূটনীতিবিদক তেওঁলোকৰ কৰ্মস্থানলৈ ঘূৰি যাব পাৰে বুলি কৈছিল।

উল্লেখ্য যে, যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে অঞ্চলটোত থকা হাজাৰ হাজাৰ আমেৰিকান নাগৰিকক সেই ঠাই এৰি থৈ যাবলৈ আহ্বান নজনোৱাৰ বাবে আৰু এবাৰ মিছাইল আক্ৰমণ আৰম্ভ হোৱাৰ পিছত তেওঁলোকক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সীমিত সহায় আগবঢ়োৱাৰ বাবে ষ্টেট ডিপাৰ্টমেণ্ট তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে। আক্ৰমণ আৰম্ভ হোৱাৰ বহু সপ্তাহৰ আগৰে পৰাই ট্ৰাম্প প্ৰশাসন আৰু ইজৰাইলে গোপনে এই আক্ৰমণৰ পৰিকল্পনা কৰি আছিল।
##bigupdate #newsupdate #internationalnews #america #iran #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।