Thursday, 05 November 2026
লগইন
ব্ৰেকিং

বহুবিবাহ-বাল্যবিবাহৰ দৰে সমস্যা সমাধানৰ বাবে UCC কাৰ্যকৰী হোৱা প্ৰয়োজন : মুখ্যমন্ত্ৰী

UCCৰ অভাৱত বেছিকৈ মুছলমান মহিলাসকল ক্ষতিগ্ৰস্ত হয়!

নিউজ ডেস্ক: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ দেশতে ইউনিফৰ্ম চিভিল ক’ড (UCC) বা অভিন্ন দেৱানী বিধি কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। তেওঁ যুক্তি দাঙি ধৰে যে , UCC-ৰ অনুপস্থিতিত মুছলমান মহিলাসকলে আটাইতকৈ বেছি কষ্ট ভোগ কৰে। দেওবাৰে উত্তৰ প্ৰদেশৰ বস্তু জিলা ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰীয় সংবাদ মাধ্য়মৰ আগত এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

তথ্য অনুসৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে যে, UCC) ইতিমধ্যে অসমত অধিসূচিত কৰা হৈছে আৰু ইয়াক সমগ্ৰ দেশতে কাৰ্যকৰী কৰা উচিত।" তেওঁ লগতে কয়, "ইয়াৰ অবিহনে মুছলমান মহিলাসকলে আটাইতকৈ বেছি কষ্ট ভোগ কৰে।"

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰ প্ৰদেশৰ বস্তি জিলাৰ তেলীয়াযোত গাঁৱত উপস্থিত হৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদীৰ বাসভৱন দৰ্শন কৰে। ইয়াৰোপৰি হৰিশ দ্বিবেদীৰ মাতৃ যশোধা দেৱীৰ শেহতীয়া দেহাৱসানৰ বাবে শোকাকুল পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে আৰু প্ৰয়াত মাতৃৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জনায়।

প্ৰতিবাদকাৰীসকলৰ "শাসন সলনি" কৰাৰ আহ্বান আৰু বিৰোধী দল কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি শৰ্মাই কয়, "ক্ষমতা ভোটৰ জৰিয়তে আহে, বলপ্ৰয়োগ কৰি নহয়।"

লগতে তেওঁ কয়, "যিসকলে ভাবিছে যে ভাবুকি বা ভয়-ভাব দেখুৱাই চৰকাৰ সলনি কৰিব পৰা যাব, তেওঁলোকে বাংলাদেশ আৰু নেপালৰ ফালে চাব লাগে।" তেওঁ দাবী কৰে যে দিল্লীৰ প্ৰতিবাদত কেৱল ৫,০০০ ৰ পৰা ১০,০0০ জন লোকেহে অংশগ্ৰহণ কৰিছিল।

কলিকাতাৰ চোৰবাগানৰ পূজা মণ্ডপত সংঘটিত পদপিষ্টৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰি শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। তেওঁ কয় যে, চৰকাৰে এই ঘটনাটো তৎকালিনভাৱে গুৰুত্বসহকাৰে লৈছে আৰু আহতসকলৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিছে। ইয়াৰ উপৰিও, ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা পুনৰ ঘটিব নোৱাৰে তাৰ বাবে আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, অযোধ্যাৰ পৰা পথযোগে দ্বিবেদীৰ বাসগৃহলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যাত্ৰা কৰে, য’ত তেওঁ বিজেপি নেতাগৰাকীৰ প্ৰয়াত মাতৃৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে। এই ভ্ৰমণকালত তেওঁ সমগ্ৰ দেশতে অভিন্ন দেৱানী বিধি (UCC) ৰূপায়ণৰ প্ৰতি থকা তেওঁৰ সমৰ্থন পুনৰ দোহাৰে আৰু বিজেপিৰ প্ৰতি বিৰোধী দলসমূহে কৰা সমালোচনাৰ উচিত প্ৰত্যুত্তৰ দিয়ে।
##bigupdate #newsupdate #UCC #himantabiswasarma #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।