Thursday, 05 November 2026
লগইন
ব্ৰেকিং

আলফাৰ লিংক মেনৰ সন্দেহত এজনক আটক

আলফাৰ লিংক মেন …!

নিউজ ডেস্ক: উজনি অসমত সেনা, আৰক্ষীৰ আলফা বিৰোধী অভিযান অব্যাহত আছে । মঙলবাৰে বিশেষ তথ্যৰ ভিত্তিত সেনা আৰক্ষীয়ে অভিযান চলাই চৰাইদেউ জিলাত এজনক আটক কৰা হয় ।

আৰক্ষীৰ বিশেষ তথ্য অনুসৰি, চৰাইদেউ জিলা সাপেখাটিৰ পৰা আলফাৰ লিংক মেনৰ সন্দেহত এজনক আটক কৰা হৈছ । ডাঙৰিকুমাৰস্থিত ভাৰতীয় সেনাৰ অভিযানত আটক কৰা হৈছে সন্দেহযুক্ত আলফা লিংক মেনজনক ।

তথ্য অনুসৰি, আটকাধীন লিংক মেন জনৰ নাম কৃষ্ণমণি বৰগোঁহাই বুলি জানিব পৰা গৈছে ৷ যুৱক জনৰ ঘৰ সাপেখাটিত । আটকাধীন সন্দেহযুক্ত লিংকমেন জনৰ পৰা এটা .৩ ২ পিষ্টল উদ্ধাৰ কৰাৰ লগতে ৫জাই সক্ৰীয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই ।
অধিক তথ্যৰ বাবে সেনা-আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে সন্দেহযুক্ত আলফা লিংকমেনজনক ।
##assam #newsupdate #bigupdate #ULFA #assampolice #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।