Thursday, 05 November 2026
লগইন
ব্ৰেকিং

১০ হাজাৰ কোটিৰ বিনিময়ত VVIPৰ বাবে ২৪ খন বিশেষ হেলিকপ্টাৰ ক্ৰয় কৰিব ভাৰতে

VVIPৰ বাবে ২৪ খন বিশেষ হেলিকপ্টাৰ…

নিউজ ডেস্ক : দেশজুৰি VVIP সুৰক্ষিত যাতায়াতৰ বাবে ভাৰতীয় বায়ু সেনাই (IAF) ২৪ খন বিশেষ উপযোগী হেলিকপ্টাৰ (Special Utility Helicopters) ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰণালয়ে এক প্ৰেছ বিবৃতিত জনোৱা অনুসৰি, সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত বহা প্ৰতিৰক্ষা ক্ৰয় পৰিষদৰ (DAC) বৈঠকত এই পৰিকল্পনা অনুমোদন জনোৱা হয়।
মন্ত্ৰণালয়ে কয়, "বিশেষ উপযোগী হেলিকপ্টাৰ ক্ৰয়ৰ ফলত ভাৰতীয় বায়ু সেনাই গুৰুত্বপূৰ্ণ বিমান পৰিবহণৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত সহায় লাভ কৰিব ।

বিষয়াসকলে জনোৱা মতে, এই কাৰ্যসূচীৰ মূল প্ৰতিযোগী হ'ব এয়াৰবাছ এইচ-৭২৫ (Airbus H-725) আৰু আমেৰিকাৰ লকহিড মাৰ্টিন (Lockheed Martin)।
ভাৰতৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰা Mi-17 V5 হেলিকপ্টাৰসমূহ সলনি কৰাৰ বাবে প্ৰায় ১০,০০০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পটো আৰম্ভ কৰা হৈছে। অতি বিশিষ্ট ব্যক্তিসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰাকৈ ইয়াৰ কাৰিকৰী দিশসমূহ প্ৰস্তুত কৰা হৈছে ।

এক কেলেংকাৰীৰ বাবে ভিভিআইপি (VVIP) হেলিকপ্টাৰ কাৰ্যসূচী বাতিল হোৱাৰ পিছত এই হেলিকপ্টাৰসমূহ ভিভিআইপি পৰিবহণৰ ভূমিকাৰ বাবে সংশোধন কৰা হৈছিল।
##bigupdate #newsupdate #internationalnews #IAF #latestupate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।