Thursday, 05 November 2026
লগইন
ব্ৰেকিং

জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৩০ অক্টোবৰত গুৱাহাটী কঁপাব জুবিন অনুৰাগীয়ে

ৰাজপথলৈ ওলাব গৰিমা

নিউজ ডেস্ক: জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে পুনৰ ৰাজ্যত প্ৰতিবাদ আৰম্ভ হৈছে ৷ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি গ্ৰহণ কৰা সকলো শান্তিপূৰ্ণ, অহিংস আৰু গণতান্ত্ৰিক কাৰ্যসূচীলৈ পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন আছে বুলি উল্লেখ কৰিছে । আজি পৰ্যন্ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ন্যায় লাভ কৰা নাই । সেয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে পুনৰ ৰাজ্যত প্ৰতিবাদ আৰম্ভ হৈছে ৷ অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গে জামিন লাভ কৰাত ন্যায়ৰ বাবে বাট চাই ৰোৱা লাখ লাখ জুবিনপ্ৰেমী হতচকিত হৈ পৰিছে ৷

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমযোগে গণতান্ত্ৰিক কাৰ্যসূচীৰ কথা প্ৰকাশ কৰিছে । গৰিমা গাৰ্গে কয়, "অহা ৩০ অক্টোবৰ, ২০২৬ তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত পুনৰবাৰ গুৱাহাটীৰ চচলত এক শান্তিপূৰ্ণ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে জুবিন ফেন ক্লাবৰ উদ্যোগত । ইতিমধ্যে এই কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক অনুমতি বিচাৰি আবেদন জনোৱা হৈছে ।"

, "যোৱা ১২ অক্টোবৰ, ২০২৬ তাৰিখে হঠাতে সিদ্ধান্ত গ্ৰহণ কৰি আয়োজন কৰা কাৰ্যসূচীত বহু লোকে অংশগ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল যদিও সময়ৰ অভাৱত বহুতে উপস্থিত থাকিব পৰা নাছিল । সেয়েহে, অহা ৩০ অক্টোবৰ, ২০২৬ তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিবাদী কাৰ্যসূচীত সকলো জুবিন অনুৰাগী তথা জুবিন গাৰ্গক অন্তৰৰ পৰা ভালপোৱা প্ৰতিগৰাকী ব্যক্তিৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণ আশা কৰা হৈছে ।"
"এয়া কেৱল এক প্ৰতিবাদ নহয়, এয়া প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে একত্ৰিত হৈ মাত মতাৰ প্ৰয়াস । এয়া সকলোৰে ঐক্যবদ্ধভাৱে, শান্তিপূৰ্ণভাৱে আৰু সমস্বৰে উত্থাপন কৰা ন্যায়ৰ দাবী হওঁক । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত সকলোৰে কণ্ঠবোৰ সন্মিলিত হওক ।"- গৰিমা শইকীয়া গাৰ্গ
##assam #bigupdate #newsupdate #justiceforzubeengarg #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।