জুবিন গাৰ্গ ফেন ক্লাব আৰু তেওঁৰ বন্ধু-বান্ধৱৰ সহযোগত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হ’ব বিশেষ অনুষ্ঠান। আয়োজকসকলে প্ৰকাশ কৰা তথ্য অনুসৰি, অনুষ্ঠানত একেলগে প্ৰায় ১০ হাজাৰ লোক আৰু শিল্পী সমবেত হৈ জুবিন গাৰ্গৰ অনবদ্য সৃষ্টি “মায়াবিনী” পৰিৱেশন কৰিব। ইতিমধ্যে এই আয়োজন সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ নেতৃত্বত ডিব্ৰুগড় জিলা প্ৰশাসনৰ সৈতে আলোচনা কৰা হৈছে বুলি তথ্য অনুসৰি জানিব পৰা গৈছে।
অনুষ্ঠানত বলীউডৰ শিল্পীৰ অংশগ্ৰহণ
১৮ নৱেম্বৰৰ দিনাখন নিশাৰ অনুষ্ঠানত বলীউডৰ কেইবাগৰাকীও শিল্পীয়ে অংশগ্ৰহণ কৰিব। তথ্য অনুসৰি, অনুষ্ঠানত উপস্থিত থাকিব কুনাল গাঞ্জাৱালা আৰু জিৎ গাংগুলী। তাৰোপৰি জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
নতুন শিল্পীক পৰিচয় কৰাব বিশেষ কমিটিয়ে
জন্মদিন উদযাপনৰ লগত সংগতি ৰাখি নতুন শিল্পীকো সুযোগ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে। চেলিম মাৰ্চেণ্ট, কুনাল গাঞ্জাৱালা, পাপন আৰু অনুৰাগ শইকীয়াক লৈ গঠন কৰা এখন কমিটিয়ে তিনিগৰাকীকৈ নতুন শিল্পীক এই অনুষ্ঠানৰ জৰিয়তে চিনাকী কৰাই দিব।
অনুষ্ঠানত অসমৰ বহু শিল্পীৰ অংশগ্ৰহণ
ডিব্ৰুগড়ত আয়োজন কৰা এই অনুষ্ঠানত অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব। উল্লেখ্য যে, অনুষ্ঠানত জয়ন্ত কাকতি, নীল আকাশ, নীলাক্ষী নেওগ, কুসুম কৈলাস, আচুৰ্য বৰপাত্ৰসহ অসমৰ বহু শিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে সদৰী কৰিছে। ইয়াৰ লগতে বিভিন্ন বেণ্ডে সংগীত পৰিৱেশন কৰিব বুলি জানিব পৰা গৈছে।
পুৱাৰ পৰা দিনজোৰা অনুষ্ঠান আৰম্ভ
‘সৃষ্টিৰ দিন’ কেৱল সংগীতানুষ্ঠানতে সীমাবদ্ধ নাথাকে। আয়োজকসকলে পৰিকল্পনা কৰা অনুসৰি, ১৮ নৱেম্বৰৰ পুৱাৰ পৰাই ডিব্ৰুগড়ত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। দিনজোৰা কাৰ্যসূচীৰ শেষত নিশা মূল সংগীতানুষ্ঠান আৰম্ভ হ’ব। জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত তেওঁৰ সংগীত আৰু সৃষ্টিক স্মৰণ কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰজন্মৰ শিল্পী আৰু অনুৰাগীক একেখন মঞ্চতে একত্ৰিত কৰাৰ পৰিকল্পনা কৰা হৈছে।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।