Thursday, 05 November 2026
লগইন

জুবিনকাণ্ডৰ ক্ষীপ্ৰ বিচাৰৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপ আহ্বান পৰিয়ালৰ

জুবিনকাণ্ডৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী

নিউজ ডেস্ক: বুধবাৰে জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্যসকলে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত ফলপ্ৰসূভাৱে গোচৰ চলোৱাৰ ব্যৱস্থা কৰিবলৈ, অভিযুক্তসকলৰ জামিনৰ আবেদনৰ বিৰোধিতা কৰিবলৈ আৰু বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়।

শিল্পীগৰাকীৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পল্মী বৰঠাকুৰে লোকভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁৰ হস্তক্ষেপ বিচাৰি এখন স্মাৰক-পত্ৰ দাখিল কৰে।

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত সাগৰত সাঁতুৰি থকাৰ সময়তে ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যুক সাবটি লয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। উত্তৰ-পূব ভাৰত মহোৎসৱৰ (NEIF) চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁ দক্ষিণ-পূব এছিয়াৰ দেশখনলৈ গৈছিল।

স্মাৰক-পত্ৰখনত পৰিয়ালটোৱে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে ইতিমধ্যে এটা বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিছে আৰু তদন্তকাৰী সংস্থাই অভিযোগনামাও দাখিল কৰিছে। কিন্তু গোচৰটোৱে এতিয়া ন্যায়িক প্ৰক্ৰিয়াৰ এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ কৰিছে, য’ত নিৰন্তৰ প্ৰতিশ্ৰুতিবদ্ধতা আৰু ক্ষিপ্ৰ আইনী পদক্ষেপৰ প্ৰয়োজন।

শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দুই অভিযুক্তক জামিন প্ৰদান কৰাত পৰিয়ালটোৰ মাজত “যথেষ্ট মানসিক কষ্ট আৰু আশংকাৰ” সৃষ্টি হৈছে বুলি স্মাৰক-পত্ৰখনত উল্লেখ কৰা হৈছে।
##assam #bigupdate #newsupdate #justiceforzubeengarg #garimasaikiagarg #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।