উল্লেখ্য যে, অসমৰ মহানায়ক তথা চিৰন্তন কিংবদন্তী জুবিন গাৰ্গ নোহোৱা হোৱাৰ ১টা বছৰ সম্পূৰ্ণ হ’ল কিন্তু আজিও ন্যায়ৰ অপেক্ষাত ৰৈ আছে অসমবাসী। ছিংগাপুৰত অনুষ্ঠান কৰিবলৈ গৈ কৰুণ মৃত্যুক আকোৱালি লৈছিল শিল্পী জুবিন গাৰ্গে। যি চিৰন্তন সত্য মানি লোৱাটো প্ৰতিগৰাকী অসমীয়াৰ বাবে অসম্ভৱ আছিল। ছিংগাপুৰত য়ট পাৰ্টিৰ সময়ত শিল্পীগৰাকীৰ সৈতে উপস্থিত থকা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী, সন্দীপন গাৰ্গ, অমৃতপ্ৰভা মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে জুবিন হত্যাৰ অভিযোগ উত্থাপিত হৈছিল। সেই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল জুবিন গাৰ্গৰ দুই PSO পৰেশ বৈশ্য , নন্দেশ্বৰ বৰাসহ ৫ অভিযুক্তক। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও বিধানসভাৰ মজিয়াত এয়া পৰিকল্পিত হত্যাকাণ্ড আছিল বুলি উল্লেখ কৰিছিল। ন্যায়ালয়ে অপৰাধীক উচিত শাস্তি দিব বুলি আশা কৰি থকাৰ মাজতে কিছুদিন পূৰ্বে জামিন লাভ কৰে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই। এই ঘটনাৰ সমালোচনা মাৰ নাযাওতেই বৰ্তমান অভিযুক্ত অমৃতপ্ৰভা মহন্তই জামিন লাভ কৰা ঘটনাই অসমবাসীৰ লগতে শিল্পীগৰাকীৰ পৰিয়ালৰ বিশ্বাসতো চেঁচা পানী ঢলাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। সকলোৰে মনত এতিয়া প্ৰশ্ন হৈছে এটা এটাকৈ কাৰাগাৰৰ পৰা ওলাই আহিব নেকি জুবিন গাৰ্গৰ আটাইকেইজন অভিযুক্ত।
শেহতীয়াকৈ এই সকলোবোৰ প্ৰত্যক্ষ কৰি জুবিনৰ ভগ্নী পাল্মী বৰঠাকুৰে সামাজিক মাধ্যমত ক্ষোভ উজাৰিছে। এটা পোষ্টৰ জৰিয়তে তেওঁ লিখিছে- “এজনে হত্যা কৰিছে আৰু বাকীকেইজনে সহায় কৰিছে- এই কথা বিধানসভাৰ মজিয়াত টেবুল ঢকিয়াই স্বয়ং অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু আমি সম্পূৰ্ণ বিশ্বাস কৰিছিলো! কাৰণ মন্ত্ৰী মহোদয়ে এনেই কথা নকয়, নিশ্চয় Strong Evidence আছে। সেই সহায় কৰা কেইজনৰ এজনে হঠাতে কেনেকৈ Bail পালে?? কি loophole আছিল chargesheet ত যে ইমান sensitive case টোৰ অভিযুক্তই bail পালে?? SIT investigation lead কৰা ৰজি কলিতাই accountability ল’বনে এতিয়া? এই সকলো প্ৰশ্নৰ উত্তৰ লাগে। আমি ন্যায়ৰ বাবে সদায় ন্যায় ব্যৱস্থাত বিশ্বাস কৰি আহিছোঁ আৰু কৰি যাম, কোনোধৰণৰ আইনী loophole এ যাতে জুবিন দাৰ ন্যায়ত বাধাৰ সৃষ্টি নকৰে।”

জয় জুবিন দা!
জয় আই অসম!
এতিয়া সকলোবোৰ প্ৰশ্নৰ উত্তৰৰ অপেক্ষাত আছে জুবিন গাৰ্গৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমবাসী।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।