Thursday, 05 November 2026
লগইন
ব্ৰেকিং

ভয়ংকৰ বিস্ফোৰণ, জীৱন্তে অগ্নিদগ্ধ ৯ জন!




বুধবাৰে নিশা পৰ্যটকক কঢিয়াই নিয়া এখন শ্লীপাৰ বাছত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয়। য'ত বাছখনত থকা মুঠ ৩৫ গৰাকী যাত্ৰীৰ ভিতৰত মহিলাসহ ৯ জনকৈ লোকে মৃত্যুক আকোৱালি লয়। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি বাছখনক এয়াৰ কণ্ডিচনিং চিষ্টেমৰ পৰা এটা বিস্ফোৰণ সংঘটিত হৈছিল যাৰ বাৰে ইঞ্জিনৰ তেল অত্যধিক গতিৰে বিস্তাৰিত হোৱাৰ ফলত এই দুৰ্ঘটনাতো সংঘটিত হয়। 

তথ্য অনুসৰি, দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ মহোৱা অভিমুখে গৈ থকা অৱস্থাত উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত যমুনা এক্সপ্ৰেছৱে নামৰ বাছখনত এই দুৰ্ঘটনাতো সংঘটিত হয়। উল্লেখ্য যে, দুৰ্ঘটনাতো সংঘটিত হোৱাৰ সময়ত বেছিভাগ যাত্ৰীয়ে গভীৰ নিদ্ৰাত আছিল। বাছখনত জুইৰ সুত্ৰপাত হোৱাৰ লগে লগে কেইবাগৰাকীও যাত্ৰীয়ে খিৰকীৰে জাপ মাৰি প্ৰাণ ৰক্ষাৰ চেষ্টা কৰে। 

হঠাৎ ৰাজপথৰ ওপৰত জুইৰ লেলিহান শিখাই সম্পূৰ্ণ বাছখনক বেৰি ধৰে। উল্লেখ্য যে, ঘটনাৰ খবৰ পোৱাৰ লগে লগে অগ্নিনিৰ্বাপন বাহিনী আৰু আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰাৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে। 

এই ঘটনাৰ পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে দুৰ্ঘটনাগ্ৰস্তসকলৰ ক্ষতিপূৰণৰ ঘোষণা কৰে। এই ঘটনাটোক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰাৰ লগতে আহত সকলক উপযুক্ত চিকিৎসা প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে। লগতে ঘটনাত নিহতৰ পৰিয়াললৈ ২ লাখ টকাৰ সাহায্যৰ লগতে আহতৰ পৰিয়াললৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰে। 

ঘটনাৰ বিৱৰণ দি এগৰাকী যাত্ৰীয়ে কয়, "মই গভীৰ টোপনিত থকা অৱস্থাত এক হূলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল মই সাৰ পাই উঠি বহুত মানুহৰ ভিৰ দেখা পালোঁ। মই মোৰ বয়-বস্তু একো নিব নোৱাৰিলোঁ। মাত্ৰ মোৰ মোবাইলটো লগত আছিল। মোক ভিৰৰ মাজৰ পৰা কোনোবাই হাতখন টানি নি প্ৰাণ ৰক্ষা কৰিলে।
তাৰ পিছত মোৰ একোৱেই মনত নাই। সকলোবোৰ ধোৱাঁ ধোৱাঁ হৈ আছিল।"
##Explosion #Fire #FireAccident #Blast #BreakingNews #TragicIncident #BurnInjuries #AccidentNews #LatestNews #BreakingUpdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।