নিউজ ডেস্ক : পুনৰ অভিনেতা অমিতাভ বচ্চন আৰু অভিষেক বচ্চনক হত্যাৰ ভাবুকি । গেংষ্টাৰ গল্ডি ধিলনে দুই অভিনেতা তথা পিতা-পুত্ৰক দিছে এই ভাবুকি । লগতে ধিলনে দাবী কৰিছে যে শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে তেওঁৰ দুজন সহযোগীক গ্ৰেপ্তাৰ কৰিলেও মুম্বাইত বৰ্ষীয়ান অভিনেতাগৰাকীক লক্ষ্য কৰি লোৱাৰ পৰিকল্পনাত কোনো ব্যাঘাত জন্মা নাই।
এক ছ’চিয়েল মিডিয়া পোষ্টত গেংষ্টাৰজনে সকীয়াই দি কয় যে বিকাশ ঠাকুৰ আৰু দীপক সিঙৰ গ্ৰেপ্তাৰে এই পৰিকল্পনাত কোনো প্ৰভাৱ নেপেলায় । তেওঁ লগতে দাবী কৰে যে মুম্বাইত তেওঁৰ প্ৰায় ২০০ জন সহযোগী সক্ৰিয় আৰু সাজু হৈ আছে ।
পোষ্টটোত শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে কথা কোৱা লোকসকলকো ভাবুকি দিয়া হৈছে আৰু বিশেষকৈ অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিষেকৰ নাম উল্লেখ কৰি বুলেটপ্ৰুফ গ্লাছেও তেওঁলোকক ৰক্ষা কৰিব নোৱাৰিব বুলি সকীয়াই দিয়া হৈছে।
এই ছ’চিয়েল মিডিয়া পোষ্টটোৰ সত্যতা আৰু ইয়াত কৰা দাবীসমূহ স্বতন্ত্ৰভাৱে নিশ্চিত কৰা হোৱা নাই । দিল্লী আৰক্ষীৰ বিশেষ কোষে (Special Cell) লৰেন্স বিষ্ণৈ গেঙৰ সৈতে জড়িত দুজন সন্দেহযুক্ত শ্বুটাৰক গ্ৰেপ্তাৰ কৰাৰ কেইদিনমান পিছতেই এই ভাবুকি আহিছে।
তদন্তকাৰীসকলে সন্দেহ কৰিছে যে এই দুজন লোক মুম্বাইস্থিত অমিতাভ বচ্চনৰ বাসগৃহ 'জলছা'ৰ বাহিৰত গুলীচালনা কৰাৰ ষড়যন্ত্ৰত জড়িত আছিল । লগতে, এই গ্ৰেপ্তাৰৰ জৰিয়তে ধন দাবীৰ উদ্দেশ্যে দিল্লীৰ এজন ব্যৱসায়ীক গুলীওৱাৰ আন এক পৃথক পৰিকল্পনাও তদন্তকাৰীয়ে পোহৰলৈ আনিবলৈ সক্ষম হোৱা বুলি বিশ্বাস কৰা হৈছে।
ছ’চিয়েল মিডিয়া পোষ্টটোত ধিলনে ১৯৮৪ চনৰ শিখ বিৰোধী সংঘৰ্ষৰ কথা উল্লেখ কৰি কয় যে এই হিংসাৰ বাবে দায়ী লোকসকলক কেতিয়াও ক্ষমা কৰা নহ’ব। তেওঁ লগতে দাবী কৰে যে বিশ্বৰ যিকোনো ঠাইতে থাকিলেও শিখ সম্প্ৰদায়ৰ বিৰুদ্ধে মন্তব্য কৰা লোকসকলক ইয়াৰ বাবে জবাবদিহি কৰা হ’ব।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।