সোমবাৰে পুৱতি নিশা স্থানীয় সময় অনুসৰি ৩ বজাৰ কিছু পিছতে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। সেই দোকানঘৰটোত গাড়ী ভাড়াত দিয়াৰ ব্যৱসায় চলিছিল। আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতি দি এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানে জনোৱা অনুসৰি, সেই দোকানখনৰ পৰাই জুই ওচৰ-পাজৰৰ অট্টালিকাসমূহলৈ বিয়পি পৰে। অৱশেষত প্ৰায় দুঘণ্টাৰ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনী।
ফুকেতৰ স্থানীয় পৌৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, সেই দোকানখনৰ তলৰ মহলাত কমেও ১০০খন বাইক পাৰ্কিং কৰি ৰখা হৈছিল। বাইকসমূহৰ লগতে সেইবোৰৰ ৰবৰৰ টায়াৰ আৰু প্লাষ্টিকৰ যন্ত্ৰাংশতো জুই লাগে। এই সামগ্ৰীসমূহ অতি দাহ্য হোৱাৰ বাবে অতি কম সময়ৰ ভিতৰতে জুই ওচৰ-পাজৰৰ অঞ্চললৈ বিয়পি পৰে।
স্থানীয় সূত্ৰৰ খবৰ অনুসৰি, এই অগ্নিকাণ্ডৰ ফলত অঞ্চলটোৰ কমেও পাঁচখন দোকান ক্ষতিগ্ৰস্ত হৈছে। জুইত ভস্মীভূত হৈছে কেইবাখনো বাইক। প্ৰাথমিক তদন্তত অনুমান কৰা হৈছে যে, ধোঁৱাত শ্বাসৰুদ্ধ হৈয়েই অধিকাংশ লোকৰ মৃত্যু হৈছে। অসুস্থ অৱস্থাত উদ্ধাৰ কৰা ১৬ জন লোকৰ ভিতৰত ১৫ জনেই থাইলেণ্ডৰ নাগৰিক। আনজন বিদেশী নাগৰিক, তেওঁ ম্যানমাৰৰ বাসিন্দা।
কি কাৰণত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰাথমিকভাৱে অনুমান কৰা হৈছে যে, শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে। ‘বেংকক পোষ্ট’ৰ প্ৰতিবেদন অনুসৰি, ফুকেতৰ গভৰ্ণৰ চোটেনাৰিন কেৰ্ডছামে জনোৱা মতে, প্ৰাথমিক অনুসন্ধানত দেখা গৈছে যে দোকানখনৰ সন্মুখত থকা এটা বিদ্যুতৰ খুঁটিত সম্ভৱতঃ শ্বৰ্ট চাৰ্কিট হৈছিল। অৱশ্যে, বিষয়টো এতিয়াও তদন্তাধীন বুলি তেওঁ জানিবলৈ দিয়ে।
উল্লেখ্য যে, চাৰি মাহ পূৰ্বে বেংককৰ এখন পানশালাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। সেই দুৰ্ঘটনাত কমেও ২৭ জন লোকৰ মৃত্যু হৈছিল।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।