Friday, 20 November 2026
লগইন
ব্ৰেকিং

জেনছেন হুৱাঙক পুনৰ পদত নিযুক্তি নিদিয়াৰ সিদ্ধান্ত Nvidia পৰিচালনা ব’ৰ্ডৰ। অধ্যক্ষ হাৰ্ভে জ’নছৰ স্পষ্টীকৰণ

পুনৰ নিযুক্তি দিয়া নহয় জেনছেন হুৱাঙক!

নিউজ ডেস্ক : মঙলবাৰে Nvidia জেনচেন হুৱাঙৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে ঘূৰি অহাৰ প্ৰস্তাৱ নাকচ কৰে। চিলিকন ভেলীৰ হেঁচা আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থন থকা সত্ত্বেও, এই সিদ্ধান্তই জনপ্ৰিয় কৃত্ৰিম বুদ্ধিমত্তা (AI) জগতৰ কোটিপতি তথা উদ্যোগটোৰ পথপ্ৰদৰ্শকগৰাকীক পুনৰ নিযুক্তি দিয়াৰ সকলো সম্ভাৱনা বৰ্তমানৰ বাবে অন্ত পেলাইছে।

সমস্যাগ্ৰস্ত কোম্পানীটোৰ সঞ্চালক মণ্ডলীয়ে "সৰ্বসন্মতিক্ৰমে তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে আৰু জেনচেনক পুনৰ CEO হিচাপে নিযুক্তি দিয়াৰ কোনো পৰিকল্পনা নাই," বুলি এনভিডিয়াৰ অধ্যক্ষ হাৰ্ভে জোনছে এনভিডিয়াৰ ত্ৰিমাসিক উপাৰ্জন বৈঠকৰ আৰম্ভণিতে উল্লেখ কৰে। ইয়াৰ পিছতে তেওঁ মুখ্য বিত্তীয় বিষয়া কোলেট ক্ৰেছক দায়িত্ব অৰ্পণ কৰে, যিয়ে বৰ্তমান স্থায়ী বিকল্প বিচাৰি নোপোৱালৈকে কোম্পানীটো পৰিচালনা কৰি আছে।

শেহতীয়াকৈ এই নাকচকৰণে কেইটামান উত্তাল দিনৰ অন্ত পেলাইছে, যাৰ সূত্ৰপাত হৈছিল হুৱাঙৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ স্বীকাৰোক্তিৰ জৰিয়তে—য'ত এগৰাকী চীনা ব্যৱসায়ী মহিলা তথা দেশখনৰ এগৰাকী সন্দেহযুক্ত চোৰাংচোৱাৰ সৈতে থকা সম্পৰ্কও অন্তৰ্ভুক্ত আছিল—লগতে তেওঁৰ আকস্মিক বৰ্খাস্ত আৰু এই কলংকিত ব্যৱসায়িক নেতাজনৰ ভাগ্যক লৈ ট্ৰাম্প প্ৰশাসনৰ মাজত দেখা দিয়া এক আচৰিত বিভাজনে ইয়াক অধিক তীব্ৰতৰ কৰি তুলিছিল।

দেওবাৰে কোষাগাৰ সচিব স্কট বেচেণ্টে Nvidiaত ব্যাপক পৰিৱৰ্তন বা শুধৰণিৰ আহ্বান জনাইছিল, কিন্তু ইয়াৰ পিছদিনাই ট্ৰাম্পে হুৱাঙৰ প্ৰত্যাৱৰ্তনৰ সমৰ্থনত মত প্ৰকাশ কৰে; যদিও এই বিতৰ্কৰ কেন্দ্ৰবিন্দুত থকা অভিযুক্ত চোৰাংচোৱাজনৰ বাবে চীনত নিষিদ্ধ কৰা এআই (AI) চিপসমূহ এনভিডিয়াই গোপনে সৰবৰাহ হ’বলৈ দিছিল নেকি সেই সন্দৰ্ভত তদন্ত চলি আছে।

মঙলবাৰে ইয়াৰ পূৰ্বে হুৱাঙে এটা ছ’চিয়েল মিডিয়া পোষ্টত কয় যে, যদি ব’ৰ্ডে তেওঁৰ প্ৰত্যাৱৰ্তন অংশীদাৰ, কৰ্মচাৰী, কোম্পানী আৰু দেশৰ সৰ্বোত্তম স্বাৰ্থত বুলি সিদ্ধান্ত লয়, তেন্তে তেওঁ "এই আহ্বানসমূহৰ প্ৰতি সঁহাৰি জনাবলৈ সন্মানিত অনুভৱ কৰিব।" তেওঁ নিজৰ ব্যক্তিগত জীৱনত "গুৰুতৰ ভুল" কৰা বুলি স্বীকাৰ কৰে।

উল্লেখ্য যে, ছান্টা ক্লাৰা, কেলিফৰ্ণিয়া-ভিত্তিক Nvidia হুৱাঙৰ বিবৃতি সন্দৰ্ভত এছ’চিয়েটেড প্ৰেছৰ পূৰ্বৰ মন্তব্যৰ অনুৰোধৰ প্ৰতি কোনো সঁহাৰি নিদিলে।

অস্থিৰতা সত্ত্বেও Nvidia তৃতীয় ত্ৰৈমাসিকত ৱাল ষ্ট্ৰীটৰ সকলো প্ৰত্যাশা অতিক্ৰম কৰি ১১৬ বিলিয়ন ডলাৰৰ ৰাজহ সংগ্ৰহ কৰে, যি যোৱা বছৰৰ তুলনাত দুগুণ। কোম্পানীটোৱে প্ৰতি শ্বেয়াৰত ২.৪৮ ডলাৰৰ অনুমানক অতিক্ৰম কৰি ২.৭০ ডলাৰৰ নিট আয় লাভ কৰা বুলিও ঘোষণা কৰে। 

তথ্য অনুসৰি, আফটাৰ-আৱাৰ্ছ ট্ৰেডিঙত Nvidia শ্বেয়াৰৰ মূল্য ৫.২% বৃদ্ধি পাইছে।

হুৱাঙৰ উত্তৰাধিকাৰীৰ সন্দৰ্ভত জ’ন্সে কয়, 'আমি যিমান সোনকালে সম্ভৱ স্থায়ী চি ই অ’ (CEO) নিযুক্তি দিব বিচাৰোঁ, কিন্তু সঠিক ব্যক্তিজনক বিচাৰি নোপোৱালৈকে আমি এই ক্ষেত্ৰত খৰখেদা নকৰোঁ।’

SpaceX আৰু Tesla ৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্ককে ধৰি প্ৰযুক্তি উদ্যোগৰ কিছুমান বিশিষ্ট ব্যক্তিয়ে হুৱাঙক পুনৰ নিযুক্তি দিয়াৰ বাবে আহ্বান জনাইছিল। হুৱাং হৈছে এআই (AI) উদ্যোগৰ এগৰাকী উচ্চ-পৰ্যায়ৰ সমৰ্থক, যিয়ে উন্নত এআই মডেলসমূহ পৰিচালনা কৰা চিপৰ মুখ্য যোগানকাৰী হিচাপে Nvidiaৰ বিকাশৰ তদাৰক কৰিছিল। হুৱাঙৰ এগৰাকী মিত্ৰ তথা তেওঁৰ সৈতে সঘনাই কথা-বতৰা হোৱা ট্ৰাম্পেও তেওঁৰ এই প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টাক সমৰ্থন জনাইছিল।

হুৱাঙে কৈছিল যে, তেওঁৰ প্ৰত্যাৱৰ্তনৰ বাবে কৰ্মচাৰী, বিনিয়োগকাৰী, ব্যৱসায়িক অংশীদাৰ আৰু গ্ৰাহকসকলৰ পৰা তেওঁ 'অভূতপূৰ্ব' (বা প্ৰচুৰ) সমৰ্থন লাভ কৰিছে।

যোৱা সপ্তাহত আৰম্ভ কৰা "ষ্টেণ্ড উইথ জেনছেন" নামৰ আবেদনখনে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে, য'ত Nvidiaৰ বৰ্তমান আৰু প্ৰাক্তন কৰ্মচাৰী, বিনিয়োগকাৰী তথা ছিলিকন ভেলীৰ অন্যান্য সমৰ্থকসকলৰ স্বাক্ষৰ সংগ্ৰহ হৈছে।

সোমবাৰে দিয়া এক মন্তব্যত ট্ৰাম্পে প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়াগৰাকী ঘূৰি আহিব পাৰে বুলি ইংগিত দি কয় যে,' হুৱাঙে এক ডাঙৰ শিক্ষা লাভ কৰিলে আৰু তেওঁক পুনৰ নিযুক্তি দিলে তেওঁৰ ‘নিশ্চিতভাৱে কোনো আপত্তি নাথাকিব।'

তথ্য অনুসৰি, হুৱাঙে যিগৰাকী চীনা ব্যৱসায়ী মহিলাৰ সৈতে সম্পৰ্ক ৰাখিছিল আৰু যাৰ চীনা চোৰাংচোৱা সংস্থাৰ সৈতে জড়িত থকাৰ খবৰ পোৱা গৈছিল, তেওঁ ছিংগাপুৰস্থিত ক্লাউড কম্পিউটিং প্ৰতিষ্ঠান 'মেগাস্পীড ইণ্টাৰনেশ্যনেল' ৰ এগৰাকী কাৰ্যবাহী বিষয়া আছিল; এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে চীনা কোম্পানীসমূহলৈ উন্নত মানৰ Nvidia এআই চিপ অবৈধভাৱে সৰবৰাহ কৰি আমেৰিকাৰ ৰপ্তানি নিয়ন্ত্ৰণ আইন উলংঘা কৰাৰ অভিযোগত আমেৰিকাই তদন্ত চলাই আছে।

লগতে মঙলবাৰে হাউছৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ আইন প্ৰণেতাই কয় যে উন্নত কম্পিউটাৰ চিপৰ বিক্ৰীক লৈ কোম্পানীটোৱে তীব্ৰতৰ ৰাষ্ট্ৰীয় নিৰীক্ষণৰ সন্মুখীন হোৱাৰ সময়তে হুৱাঙে স্বেচ্ছাই নথিভুক্ত সাক্ষাৎকাৰৰ বাবে উপস্থিত হ’বলৈ সন্মত হৈছে।

১ ডিচেম্বৰত হুৱাঙে কংগ্ৰেছৰ সমিতিসমূহৰ সন্মুখত হাজিৰ হ’ব, আৰু তাৰ পিছত ২ ডিচেম্বৰত কোম্পানীটোৰ জেনেৰেল কাউন্সেল টিম টেটাৰ হাজিৰ হ’ব। 

"আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উলংঘনৰ সম্ভাৱ্য ঘটনাত জেনচেন হুৱাং আৰু টিম টেটাৰৰ ভূমিকা সম্পৰ্কে তেওঁলোকৰ বক্তব্য শুনিবলৈ আমি আগ্ৰহেৰে বাট চাই আছোঁ," চীন আৰু চোৰাংচোৱা বিষয়সমূহ চোৱাচিতা কৰা হাউছৰ তিনিখন সমিতিৰ অধ্যক্ষসকলে এক বিবৃতিত এইদৰে উল্লেখ কৰে।

আমেৰিকান জনসাধাৰণক মিষ্টাৰ হুয়াং আৰু আমাৰ আটাইতকৈ উন্নত চিপসমূহ বিপজ্জনক PRC কাৰ্যকৰ্তাসকলৰ হাতত পৰিবলৈ দিয়াত Nvidiaৰ ভূমিকা, লগতে এই কেলেংকাৰীত এজন সম্ভাৱ্য চীনা চোৰাংচোৱা এজেন্টৰ ভূমিকাৰ বিষয়ে উত্তৰৰ প্ৰয়োজন," গণপ্ৰজাতন্ত্ৰী চীনৰ কথা উল্লেখ কৰি আইন প্ৰণেতাসকলে এইদৰে কয়।

ইফালে Nvidia-এ কয় যে হুৱাঙৰ বিষয়ে হোৱা তথ্য ফাদিলৰ পাছত ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু বিশ্ব বাণিজ্যিক নীতি-নিয়ম মানি চলাৰ দিশটো নিৰীক্ষণ কৰিবলৈ কোম্পানীটোৱে এখন নতুন ব’ৰ্ড কমিটী গঠন কৰিছে।

আগষ্টৰ পৰা অক্টোবৰ মাহলৈকে হোৱা ফলাফলৰ সবিশেষ উল্লেখ কৰা বিবৃতিটোত Nvidia-এ কয় যে, ইয়াৰ এটা মূল ব্যৱসায়িক খণ্ড — ডাটা চেণ্টাৰৰ ৰাজহ দুগুণতকৈও অধিক বৃদ্ধি পাই ১০৭.৬ বিলিয়ন ডলাৰ হৈছে। লগতে জানুৱাৰী মাহলৈকে চলিবলগীয়া চলিত ত্ৰৈমাসিকত ৰাজহ ১৩০ বিলিয়ন ডলাৰ স্পৰ্শ কৰিব বুলিও অনুমান কৰা হৈছে, যিটো ৱাল ষ্ট্ৰীটৰ প্ৰত্যাশাতকৈ অধিক।

ক্লাউড কম্পিউটিং আৰু ডাটা চেণ্টাৰৰ বাবে অতি প্ৰয়োজনীয় হোৱাৰ বাবে Nvidiaৰ উন্নত চিপসমূহৰ চাহিদা যথেষ্ট বেছি, যিয়ে বৰ্তমানৰ কৃত্ৰিম বুদ্ধিমত্তা (AI) বিপ্লৱক মূলতঃ আগবঢ়াই নিছে। কিন্তু চীনলৈ এই চিপসমূহ বিক্ৰী কৰাৰ ক্ষেত্ৰত বৰ্তমান কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এনভিডিয়াই নতুনকৈ গঠন কৰা তদাৰকী সমিতিখন এক "ভাল" পদক্ষেপ বুলি ট্ৰাম্পে মন্তব্য কৰে।

"হয় সেইটো এটা ভাল ধাৰণা। এইটো এটা মহান কোম্পানী," মঙলবাৰে সন্ধিয়া ফিলিপাইনছৰ ৰাজধানী মেনিলাত উপস্থিত হোৱাৰ কিছু সময়ৰ পাছতে ট্ৰাম্পে এইদৰে কয়, য'ত তেওঁ অষ্ট্ৰেলিয়া, ভাৰত আৰু জাপানৰ নেতাসকলৰ সৈতে এক ফটো অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। "এইটো এটা বৰ ভাল ধাৰণা।"

কিন্তু এনভিডিয়াই মঙলবাৰে ইংগিত দিয়ে যে ই ইতিমধ্যে হুৱাঙক অবিহনেই আগবাঢ়ি গৈছে। অন্তৰ্ৱৰ্তীকালীন চিইঅ’ ক্ৰেছে বিনিয়োগকাৰীসকলৰ সৈতে হোৱা তিনিমহীয়া কনফাৰেন্স কলৰ শেষত কয়, "আমাৰ গতি সঁচা। আমাৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে। আমি এইটো কৰিব পাৰিম।"
##bigupdate #newsupdate #nvidia #jensenhuang #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।