নিউজ ডেস্ক : আমেৰিকাৰ ৰাজধানী ৱাশ্বিংটন ডি চিত ৰাসায়নিক অস্ত্ৰৰে ইৰাণে ভয়ংকৰ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে বুলি সতৰ্কতা জাৰি কৰিছে আমেৰিকাৰ চোৰাংচোৱা সংস্থাই ।
সাতজন আমেৰিকান বিষয়াৰ তথ্য অনুসৰি, ইৰাণে ৱাশ্বিংটন ডি চিত ৰাসায়নিক অস্ত্ৰৰ বিস্ফোৰণ ঘটাই ট্ৰাম্প প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকলক হত্যাৰ পৰিকল্পনা কৰিছে । অৱশ্যে ইৰাণে এনে ষড়যন্ত্ৰ কাৰ্যকৰী কৰিব পাৰিব নে নাই বা কৰিব নে নকৰে সেই সন্দৰ্ভত বিষয়াসকলৰ মাজত এতিয়াও বিতৰ্ক অব্যাহত আছে ।
ইৰাণৰ ষড়যন্ত্ৰৰ তথ্য পোৱাৰ পাছতে নিৰ্দিষ্ট আৰু ইয়াত আক্ৰমণৰ স্থান তথা সাম্ভাব্য আক্ৰমণ লক্ষ্য লোৱা স্থানত প্ৰতি লক্ষ্য কৰি আমেৰিকাত জৰুৰীকালীন পৰিকল্পনাৰ তৎপৰতা বৃদ্ধি পাইছে ।
এক বিবৃতিত হোৱাইট হাউছৰ মুখপাত্ৰ লৰেন বিছে কয় যে আমেৰিকাই “যিকোনো সম্ভাব্য ভাবুকিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে, কিন্তু বৰ্তমান সময়ত দেশখনৰ প্ৰতি কোনো বিশ্বাসযোগ্য ভাবুকি নাই।”
কিন্তু আমেৰিকান বিষয়াসকলে এই চোৰাংচোৱা তথ্যক ইৰাণৰ দ্বাৰা পৰিস্থিতি অধিক অৱনতি ঘটোৱাৰ এক উদ্বেগজনক ইচ্ছাৰ সংকেত হিচাপে গণ্য কৰিছে । উল্লেখ্য যে বৰ্তমান ইৰাণে আমেৰিকাৰ নিৰন্তৰ সামৰিক আক্ৰমণ আৰু এক কঠোৰ অৰ্থনৈতিক অৱৰোধৰ তীব্ৰ হেঁচাৰ সন্মুখীন হৈছে । যাক প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলে দেশখনক “ধ্বংস কৰি পেলোৱা” বুলি অভিহিত কৰিছে।
উক্ত সূত্ৰসমূহৰ মতে, ইয়াৰ দ্বাৰা এইটোৱেই প্ৰমাণ হয় যে তেহৰানে এতিয়া আমেৰিকাৰ ভূখণ্ডৰ ভিতৰতেই সম্ভাব্য আক্ৰমণৰ বাবে সক্ৰিয়ভাৱে পৰিকল্পনা কৰি আছে । যদিও তেওঁলোকে এই দিশত আগবাঢ়িবলৈ সিদ্ধান্ত লোৱাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা নাই।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।