Thursday, 05 November 2026
লগইন
ব্ৰেকিং

কৰণ জোহাৰৰ আগত 'ভাইজান' খ্যাত ছলমান খানে ক'লে বিয়া নপতাৰ কাৰণ!

কিয় বিয়া পতা নাই ছলমান খানে?

নিউজ ডেস্ক: এইবাৰ শেষবাৰৰ বাবে কৰণ জোহৰ পুনৰ তেওঁৰ চিগনেচাৰ কফি কাপ আৰু মনোৰঞ্জন জগতৰ বহুতো গৰম খবৰৰ সৈতে উভতি আহিছে। কফি উইথ কৰণ ছিজন ৯-ৰ (Koffee With Karan Season 9) প্ৰথমটো খণ্ডত ছলমান খান আৰু কৰিশ্মা কাপুৰে এই বিখ্যাত চকীখনৰ সৌন্দৰ্য বৃদ্ধি কৰে।

আৰম্ভণিতে, ছলমান খান আৰু কৰণে অতীতৰ স্মৃতি ৰোমন্থন কৰি আলোচনা কৰে যে, কেনেকৈ তাৰকাগৰাকীয়ে 'মেইনে প্যাৰ কিয়া','কুচ কুচ হোতা হ্যে' চলচ্চিত্ৰখনত এটা অতিথি চৰিত্ৰত অভিনয় কৰিবলৈ মান্তি হৈছিল। কৰণ জোহৰৰ পৰিচালক হিচাপে প্ৰথমখন ছবিত, ছলমানে চিত্ৰনাট্যৰ দ্বিতীয় অংশটো নুশুনাকৈয়ে আৰু অতিথি চৰিত্ৰটোৰ বাবে কোনো পাৰিশ্ৰমিক নোলোৱাকৈয়ে কাম কৰিবলৈ মান্তি হৈছিল, যাক অনুৰাগীসকলে অতিকে আদৰি লৈছিল।

'কফি উইথ কৰণ ছীজন ৯' ৰ প্ৰথম খণ্ডত যেতিয়া সঞ্চালক কৰণ জোহৰ আৰু তেওঁৰ অতিথি চালমান খানে কথা-বতৰাৰ মাজতে বিভিন্ন গোপন কথা বা 'চাহ' মেল মাৰিবলৈ আৰম্ভ কৰে, তেতিয়া তেওঁলোকৰ আলোচনা একক জীৱন বা চিংগলহুডৰ বিষয়টোলৈ আহে। দুয়ো কিয় এতিয়াও অবিবাহিত হৈ আছে, সেই সম্পৰ্কে আলোচনা চলি থকাৰ মাজতে 'দবং' তাৰকা ছলমান খানে তেওঁ কিয় চিংগল হৈ আছে তাৰ এক স্পষ্ট উত্তৰ দিয়ে। 

বলীউডৰ চুপাৰষ্টাৰ ছলমান খানে কিয় আজিলৈকে বিবাহপাশত আবদ্ধ হোৱা নাই?

আৰ্কাইভৰ পুৰণি সাক্ষাৎকাৰসমূহ পুনৰ মনত পেলাই কৰণে উল্লেখ কৰে যে, আমিৰ খানে কৈছিল, "মই চলমানৰ হাত-ভৰি বান্ধি হ'লেও তেওঁক বিয়া কৰাই দিম।" ইয়াৰ প্ৰত্যুত্তৰত আন এটা সাক্ষাৎকাৰত চলমানে কৈছিল, "মই তেওঁৰ (আমিৰৰ) হাত-ভৰি বান্ধি থ’ম যাতে তেওঁ জীৱনত কেতিয়াও আৰু দ্বিতীয়বাৰ বিয়া কৰাব নোৱাৰে।"

কভি খুছি কভি গামৰ পৰিচালকগৰাকীয়ে আঙুলিয়াই দিয়ে যে, লগানৰ তাৰকাগৰাকীয়ে তৃতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছে, আনহাতে ছলমান এতিয়াও অবিবাহিত। চুলতানৰ অভিনেতাগৰাকীয়ে কয় যে, তেওঁ তেওঁৰ মৰমৰ বন্ধুজনৰ বাবে সুখী আৰু কৈছিল, "মই ঠিকেই আছোঁ।"

কৰণে প্ৰশ্ন কৰাৰ পৰা নিজকে বিৰত ৰাখিব নোৱাৰিলে, "আপুনি এতিয়াও কুমাৰ নেকি?" প্ৰশ্নটো অতি চতুৰতাৰে এৰাই চলি ছলমান খানে তেওঁৰ দেউতাক চেলিম খানে দিয়া এটা উপদেশ শ্বেয়াৰ কৰিলে। তেওঁ ক’লে যে, এজন ব্যক্তিৰ ব্যক্তিগত জীৱনটো এটা শোৱা কোঠাৰ দৰে, আনহাতে বহা কোঠাটোৱে সমগ্ৰ দেশখনক প্ৰতিনিধিত্ব কৰে। বহা কোঠাত যি ক’ব পাৰি, তাক সমগ্ৰ দেশবাসীকো ক’ব পাৰি। লগতে তেওঁ কয় যে, "শোৱা কোঠাৰ বাবে যিটো কথা নিৰ্দিষ্ট, তাক কেতিয়াও বহা কোঠালৈ আনিব নালাগে।"

অভিনেতাজনে এইটোও উল্লেখ কৰে যে, তেওঁ তেওঁৰ ব্যক্তিগত জীৱন বা তেওঁ কাৰ সৈতে ডেটিং কৰি আছে সেই বিষয়ে একো প্ৰকাশ কৰিব নিবিচাৰে। তেওঁ কয়, "মই এই বিষয়ে কথা পাতিব নিবিচাৰোঁ কাৰণ আপুনি কেতিয়াও নাজানে যে এইজন ব্যক্তি আপোনাৰ জীৱনত বাকী থকা সময়খিনিৰ বাবে থাকিব নে নাই। আৰু সেইজন ব্যক্তিয়ে হয়তো ভৱিষ্যতে গৈ আন কাৰোবাৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব পাৰে।"

কৰণ জোহাৰে তেওঁক সুধিছিল যে, তেওঁ কেতিয়াবা জীৱনসংগীৰ অভাৱত অকলশৰীয়া অনুভৱ কৰে নেকি?, যেনেকৈ কৰণে নিজেই কেতিয়াবা কৰে। ছলমানে তেওঁক কৈছিল যে, তেওঁৰ জীৱনত দুটিকৈ সন্তান আৰু তেওঁৰ মাতৃ আছে, গতিকে তেওঁ তেনেকুৱা অনুভৱ কৰা উচিত নহয়। লগতে তেওঁ কৈছিল, "মইও কোনোবা এক সময়ত সন্তান লাভ কৰিম।"

পৰিচালকজনক পৰামৰ্শ দি অভিনেতাগৰাকীয়ে কয়, "আপোনাক কোনেও বাধা দিয়া নাছিল। মোকো কোনেও বাধা দিয়া নাছিল। কথাটো হ’ল আপুনি নিজেই নিজক থমকাই ৰাখিছিল, আৰু মই নিজেই নিজক থমকাই ৰাখিছিলোঁ। গতিকে আপুনি এইবুলি ওজৰ-আপত্তি কৰিব নোৱাৰে যে মই এইটো বিচাৰিছিলোঁ আৰু গোটেই পৃথিৱীখনে মোৰ বিৰোধিতা কৰিছিল আৰু সেই বাবেই মই এজন সংগীৰ সৈতে থাকিব নোৱাৰিলোঁ।"

লগতে তেওঁ কয় যে, অবিবাহিত হৈ থকা আৰু বিয়া নপতাটো তেওঁৰ নিজৰে সিদ্ধান্ত আছিল। "মই কাকো দোষ দিব নোৱাৰোঁ। এয়া মোৰ সিদ্ধান্ত, আৰু মই এই সিদ্ধান্তত সুখী। শেষত তেওঁ কয়, কিন্তু হয়, সন্তান আহিব।"
##bigupdate #newsupdate #celebritynews #bollywoodactor #salmankhan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।