নিউজ ডেস্ক : দক্ষিণৰ ছবিত কাম কৰিবলৈ গৈ তিক্ত অভিজ্ঞতাৰ সন্মুখীন হৈছিল অভিনেত্ৰী ৰাধিকা আপ্টে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত সেই অভিজ্ঞতাৰ কথা প্ৰকাশ কৰাৰ পিছতেই ছচিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈছে। অভিনেত্ৰীগৰাকীৰ মন্তব্যক লৈ তেলেগু তাৰকা নন্দমুৰি বালকৃষ্ণৰ অনুৰাগীসকলৰ একাংশই ক্ষোভ প্ৰকাশ কৰে। তেওঁলোকৰ দাবী, ৰাধিকাই আচলতে ২০১৪ চনত মুক্তি পোৱা ‘লেজেণ্ড’ ছবিখনৰ কথাহে কৈছে।
শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰাধিকা আপ্টেই সদৰী কৰে যে, এখন তেলুগু ছবিত তেওঁ এনে এটা চৰিত্ৰত অভিনয় কৰিবলগীয়া হৈছিল য'ত তেওঁৰ চৰিত্ৰটোৱে নিজৰ মোমায়েকক বিয়া কৰাইছিল। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে ছবিখনৰ নাম প্ৰকাশ কৰা নাই। ৰাধিকাৰ ভাষাত, “মই এখন তেলুগু ছবিত অভিনয় কৰিছিলোঁ। তাত মোৰ চৰিত্ৰটোৱে নিজৰ মোমায়েকক বিয়া কৰাব লগা হৈছিল। ছবিখনত অভিনয় কৰাটো মোৰ বাবে অতি কঠিন আছিল। সেই ছবিখনৰ কোনো কথাই মোৰ ভাল লগা নাছিল।”
সাক্ষাৎকাৰত অভিনেত্ৰী কীৰ্তি সুৰেশো উপস্থিত আছিল। তেওঁ জনায় যে, তামিল আৰু তেলুগু সংস্কৃতিত মোমায়েকক বিয়া কৰাৰ নিয়ম আছে। অৱশ্যে ৰাধিকাৰ আপত্তি কেৱল সেই বিষয়টোতে সীমাবদ্ধ নাছিল। তেওঁৰ ভাষাত, "মই মোৰতকৈ বহুত বেছি বয়সৰ এজন অভিনেতাৰ সৈতে প্ৰেমৰ দৃশ্যত অভিনয় কৰিবলগীয়া হৈছিল। সমগ্ৰ বিষয়টোৰ মাজত এটা পুৰুষতান্ত্ৰিক মানসিকতাই কাম কৰি আছিল। তেনে এটা পৰিৱেশত কাম কৰাটোৱেই আছিল মোৰ বাবে আটাইতকৈ কঠিন।"
ৰাধিকাৰ এই মন্তব্যৰ পিছতেই বহুতে অনুমান কৰিবলৈ আৰম্ভ কৰে যে, তেওঁ সম্ভৱতঃ বালকৃষ্ণ অভিনীত ‘লেজেণ্ড’ ছবিখনৰ কথাই কৈছে। ২০১৪ চনত মুক্তি পোৱা সেই ছবিখনত নন্দমুৰি বালকৃষ্ণৰ বিপৰীতে অভিনয় কৰিছিল ৰাধিকাই। যাৰ ফলত অভিনেত্ৰীগৰাকীৰ মন্তব্যক লৈ বালকৃষ্ণৰ অনুৰাগীসকলৰ এটা অংশ ক্ষুব্ধ হৈ পৰে।
সমাজিক মাধ্যমত এজন নেটিজেনে লিখে, "যিখন ছবিৰ কথা কোৱা হৈছে, সেইখন ২০১৪ চনৰ 'লেজেণ্ড' (Legend)। ছবিখনত অভিনয় কৰিছিল নন্দমুৰি বালকৃষ্ণই। অৱশ্যে চিত্ৰনাট্য বা নায়কৰ বয়সক লৈ কিবা সমস্যা থাকিলে, ছবিখন কৰাৰ আগতেই সেইটো কোৱা উচিত আছিল।"
সমান্তৰালভাৱে আন এগৰাকী নেটিজেনে ৰাধিকাৰ মন্তব্যক সমালোচনা কৰি লিখে, “অভিনেত্ৰীগৰাকীয়ে আদিল হুছেইনৰ সৈতে ‘পাৰ্চড’ (Parched) ছবিত ঘনিষ্ঠ দৃশ্যত অভিনয় কৰিছিল। তাতো দেখোন বয়সৰ ব্যৱধানক লৈ প্ৰশ্ন উঠিব পাৰে। তেওঁ কেৱল দাক্ষিণাত্যৰ ছবিৰ বালকৃষ্ণ বা ৰজনীকান্তৰ দৰে অভিনেতাৰ বয়সক লৈহে আপত্তি দৰ্শাইছে।”

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।