Thursday, 05 November 2026
লগইন

৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ বলীউডৰ চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় গুপ্তাৰ

বলীউডত শোকৰ ছাঁ!

নিউজ ডেস্ক : শুক্ৰবাৰে নিশা ৫৯ বছৰ বয়সত মুম্বাইৰ ভাৰ্ছোভাস্থিত নিজ বাসগৃহত দেহাৱসান ঘটে ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় গুপ্তাৰ। ঘটনাৰ বিৱৰণী অনুসৰি, ঘৰৰ ভিতৰতে পৰাৰ ফলত তেওঁ মূৰত গুৰুতৰভাৱে আঘাত পোৱাৰ বাবেই মৃত্যু হয়। এই ঘটনাৰ সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে এটা আকস্মিক মৃত্যুৰ গোচৰ পঞ্জীয়ন কৰে।

চলচ্চিত্ৰ নিৰ্মাতা অশোক পণ্ডিতে সামাজিক মাধ্যমত এই খবৰটো নিশ্চিত কৰে। তেওঁ লিখে, "এয়া সঁচাকৈয়ে অতি আচৰিত আৰু দুখজনক খবৰ। আমাৰ মৰমৰ বন্ধু তথা প্ৰসিদ্ধ পৰিচালক @_sanjaygupta আৰু আমাৰ মাজত নাই বুলি এইমাত্ৰ খবৰ পালোঁ। ঘৰতে মূৰত আঘাত পোৱাৰ বাবে তেওঁৰ মৃত্যু হয়। আকৌ এজন প্ৰতিভাশালী ব্যক্তি অকালতে গুচি গ’ল। তেওঁ এজন সুন্দৰ কাহিনীকাৰ, প্ৰাণচঞ্চল ব্যক্তিত্ব আৰু এজন উৎসাহী চলচ্চিত্ৰ নিৰ্মাতা আছিল। আমাৰ উদ্যোগটোৰ বাবে ই এক ডাঙৰ ক্ষতি। তোমাক মিছ কৰিম বন্ধু। তেওঁৰ পৰিয়াল আৰু আপোনজনলৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি। অন্ত্যেষ্টিক্ৰিয়াৰ সবিশেষ অতি সোনকালে জনোৱা হ’ব।"

তথ্য অনুসৰি, পৰিচালকগৰাকীৰ শেষকৃত্য মুম্বাইৰ য়াৰী ৰোড জাংচনৰ ওচৰৰ ভাৰ্ছোভা শ্মশান ভূমিত সম্পন্ন কৰা হয়। তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত পৰিয়াল, বন্ধু-বৰ্গ আৰু চলচ্চিত্ৰ জগতৰ কেইবাজনো সদস্য উপস্থিত থাকে। 

অভিনেতা অভিষেক বচ্চন, মনোজ বাজপায়ী আৰু ৰাজপাল যাদৱ, চলচ্চিত্ৰ নিৰ্মাতা ৰাকেশ ৰোশন, কাষ্টিং পৰিচালক মুকেশ ছাব্ৰা, প্ৰযোজক ভূষণ কুমাৰ, ৰতন জৈন আৰু গণেশ জৈন, আৰু পৰিচালক বিবেক অগ্নিহোত্ৰী আদি ব্যক্তিসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উল্লেখ্য যে, সঞ্জয় গুপ্তক অমিতাভ বচ্চনৰ 'Kaante' ৰ দৰে চলচ্চিত্ৰৰ বাবে আটাইতকৈ বেছি জনা যায়, য'ত চঞ্জয় দত্ত আৰু সুনীল শেট্টীয়েও অভিনয় কৰিছিল। তেওঁ 'Shootout at Lokhandwala' কে ধৰি কেইবাখনো চলচ্চিত্ৰ প্ৰযোজনাও কৰিছিল। 

২০১৭ চনত হৃতিক ৰোশন আৰু যামী গৌতম অভিনীত 'Kaabil' তেওঁৰ আটাইতকৈ সফল চলচ্চিত্ৰ হিচাপে পৰিগণিত হয়। তেওঁৰ অন্তিম কামসমূহ আছিল ২০২১ চনৰ 'Mumbai Saga' আৰু হৰ্ষবৰ্ধন ৰাণে অভিনীত ২০২৪ চনৰ বোলছবি 'The Miranda Brothers'।
##bigupdate #newsupdate #bollywood #sanjaygupta #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।