Thursday, 05 November 2026
লগইন
ব্ৰেকিং

অন্তৰ দিশে ৪ বছৰীয়া বৈবাহিক সম্পৰ্ক ! জনপ্ৰিয় কণ্ঠশিল্পী কনিকা কাপুৰৰ বৃহৎ ঘোষণা

৪ বছৰীয়া সম্পৰ্কৰ সমাপ্তি !

নিউজ ডেস্ক: জনপ্ৰিয় কণ্ঠশিল্পী কণিকা কাপুৰে বিবাহৰ চাৰি বছৰৰ পাছত তেওঁৰ স্বামী গৌতম হাতিৰামানীৰ পৰা পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াযোগে তেওঁ এই কথা ঘোষণা কৰে।

এই খবৰটো এটা ইনষ্টাগ্ৰাম ষ্ট’ৰীত শ্বেয়াৰ কৰি কনিকায়ে লিখে, "প্ৰিয় বন্ধু-বান্ধৱ আৰু পৰিয়ালবৰ্গ, বহু চিন্তা-চৰ্চা কৰাৰ পিছত, মোৰ স্বামী আৰু মই নিজৰ নিজৰ পথত আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছোঁ। আমি একেলগে কটোৱা সময়খিনিৰ বাবে মই কৃতজ্ঞ আৰু তেওঁৰ ভৱিষ্যতৰ বাবে মংগল কামনা কৰিছো । আমি আগবাঢ়ি যোৱাৰ সময়ত মই আন্তৰিকতাৰে আমাৰ গোপনীয়তাৰ প্ৰতি দয়া আৰু সন্মান প্ৰদৰ্শন কৰিবলৈ অনুৰোধ জনাইছো।"

তথ্য অনুসৰি, কণ্ঠশিল্পীগৰাকী পূৰ্বতে ব্যৱসায়ী ৰাজ চাণ্ডোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ তিনিটা সন্তান আছে— দুগৰাকী কন্যা আয়না আৰু সমৰা, আৰু এজন পুত্ৰ যুৱৰাজ।

১৯৯৮ চনত মাত্ৰ ১৮ বছৰ বয়সতে কনিকা ৰাজৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বুলি জানিব পৰা গৈছে। বিবাহৰ পিছত তেওঁ লণ্ডনলৈ স্থানান্তৰিত হয়, য'ত তেওঁ কেইবাবছৰো ধৰি বসবাস কৰিছিল আৰু নিজৰ সন্তানক ডাঙৰ-দীঘল কৰিছিল। তেওঁলোকে ২০১২ চনত সম্পৰ্ক ছেদ কৰে। কনিকাই সংগীতত নিজৰ কেৰিয়াৰ গঢ়িবলৈ ভাৰতলৈ ঘূৰি আহে।

কণিকাই পূৰ্বতে প্ৰকাশ কৰিছিল যে তেওঁ গৌতমক প্ৰায় ১৫ বছৰ ধৰি চিনি পাইছিল আৰু তেওঁলোকৰ সম্পৰ্কটো প্ৰেমলৈ ৰূপান্তৰিত হোৱাৰ আগতে তেওঁলোক অন্তৰংগ বন্ধু আছিল। তেওঁ এইটোও প্ৰকাশ কৰে যে তেওঁ গৌতমক দুবাৰকৈ বিয়াৰ প্ৰস্তাৱ দিছিল—প্ৰথমবাৰ ২০১৪ চনত আৰু তাৰ পিছত পুনৰ ২০২০ চনত। অৱশেষত গৌতমে ২০২১ চনৰ আগষ্ট মাহত তেওঁক বিয়াৰ প্ৰস্তাৱ দিয়ে আৰু ২০২২ চনৰ ২০ মে'ত লণ্ডনত এক অন্তৰংগ অথচ আড়ম্বৰপূৰ্ণ অনুষ্ঠানত তেওঁলোক বিবাহপাশত আৱদ্ধ হয়।

কণিকা কাপুৰে ২০১৪ চনত চানী লিয়ন অভিনীত ‘Ragini MMS 2' বোলছবিখনৰ তেওঁৰ সৰ্বশ্ৰেষ্ঠ গান ‘Baby Doll' ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰে। Meet Bros ৰ দ্বাৰা সুৰাৰোপিত এই গীতটো ক্ষন্তেকতে অতি হিট হৈ পৰে, যাৰ ফলত কণিকা এগৰাকী জনপ্ৰিয় প্লেবেক গায়িকা হিচাপে প্ৰতিষ্ঠিত হয়। একে বছৰতে শ্বাহৰুখ খান আৰু দীপিকা পাদুকন অভিনীত ‘Happy New Year' ছবিখনৰ ‘Lovely' গীতটোও তেওঁৰ জনপ্ৰিয় হিট গীতৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে।

উল্লেখ্য যে, তেওঁ কেইবাটাও জনপ্ৰিয় গানৰ বাবে সুৰকাৰ Meet Bros আৰু Dr Zeus ৰ সৈতে একেলগে কাম কৰিছিল। ইয়াৰ ভিতৰত 'Roy' বোলছবিৰ "Chittiyaan Kalaiyaan", 'Ek Paheli Leela' বোলছবিৰ "Desi Look", 'All Is Well' বোলছবিৰ "Nachan Farrate", 'Udta Punjab' বোলছবিৰ "Da Da Dasse' গীতসমূহ উল্লেখযোগ্য।
##kanikakapoordivorce #singerkanikakapoor #Bollywood #kanikakapoor

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।