পৰিয়ালটোৰ মতে, ৰাধাই মুম্বাইলৈ যোৱাৰ প্ৰকৃত উদ্দেশ্য ববিতাৰ আগত প্ৰকাশ কৰা নাছিল। ববিতাৰ হাতিয়াৰ বা গুলীচালনাৰ পৰিকল্পনাৰ বিষয়ে কোনো ধাৰণাই নাছিল।
ববিতাৰ পিতৃ ৰামজনম ৰামে কয় যে ন্যায়িক ব্যৱস্থাৰ ওপৰত পূৰ্ণ বিশ্বাস আছে। অৱশ্যে তেওঁ এইটোও স্পষ্ট কৰি দিয়ে যে যদি তেওঁৰ কন্যা দোষী সাব্যস্ত হয়, তেন্তে তেওঁ শাস্তি পোৱা উচিত । ২৩ বছৰীয়া ববিতা উত্তৰ প্ৰদেশৰ আজমগড়ৰ বাসিন্দা । তেওঁ হাৰিয়ানাৰ কৰ্ম ক্ৰমসূত্ৰে আছিল ।
উল্লেখ্য যে অভিনেতা টাইগাৰ শ্ৰফক দেওবাৰে সন্ধিয়া মুম্বাইৰ জুহুত ফুটবল খেলিবলৈ যাওঁতে গুলীওৱা হৈছিল। গুলীচালনা কৰা বিহাৰৰ হৃতিক ওৰফে ৰোচন (২২), ৰেহান (১৮), আৰু হাৰিয়ানাৰ ফুল সিং (১৮)ক ৰাজস্থানৰ কোটাত গ্ৰেপ্তাৰ কৰা হয় । সূত্ৰ অনুসৰি, এই তিনিজনৰ লৰেন্স বিষ্ণৈ গেঙৰ সৈতে সম্পৰ্ক আছিল ।
তেওঁলোকে নেপাললৈ পলাই যোৱাৰ পৰিকল্পনা কৰিছিল । ইয়াৰ পিছতে নতুন দিল্লী ৰেল ষ্টেচনত ৰাধা আৰু ববিতাক গ্ৰেপ্তাৰ কৰা হয় । হাৰিয়ানাৰ চোনীপটৰ পৰা কুশল (২১) আৰু সুমিত (১৯) নামৰ আন দুজন অভিযুক্তকো গ্ৰেপ্তাৰ কৰা হয় ।
সূত্ৰৰঅনুসৰি, অলপতে জামিনত মুক্তি পোৱা কুশলে এজন বন্ধুৰ জৰিয়তে লৰেন্স বিষ্ণৈ গেঙৰ গুণ্ডা অনিল পণ্ডিতক লগ পাইছিল, যিয়ে শ্ৰফৰ ওপৰত আক্ৰমণ কৰাৰ নিৰ্দেশ দিছিল বুলি অভিযোগ উঠিছে । কুশলে অমৃতসৰৰ পৰা এটা পিষ্টল আৰু ২০ জাঁই কাৰ্টিজ সংগ্ৰহ কৰিছিল ।
তাৰ পিছত তেওঁ ৰাধাক লগ পায় আৰু বন্দুকটো মুম্বাইলৈ লৈ যাবলৈ মান্তি কৰায় । ১৫ অক্টোবৰত কুশলে ৰাধা আৰু ববিতাক মুম্বাই যাত্ৰাৰ বাবে নতুন দিল্লী ৰেল ষ্টেচনলৈ লৈ আহে । তেওঁলোকে এটা এনক্ৰিপ্ট কৰা ম’বাইল এপৰ জৰিয়তে যোগাযোগ বজাই ৰাখিছিল আৰু কুশলে অনিল পণ্ডিতৰ নিৰ্দেশনাসমূহ তেওঁলোকক জনাই গৈছিল । দুদিন পিছত তেওঁলোকে মুম্বাইৰ দাদৰ ৰেল ষ্টেচনত নামি এখন হোটেলত আছিল, আন এজন অভিযুক্তই ৰাধাৰ পৰা অস্ত্ৰ থকা বেগটো লৈ যায় । তাৰ পিছদিনা তিনিজন ব্যক্তিয়ে শ্ৰফৰ ওপৰত আক্ৰমণ চলায়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।