Friday, 06 November 2026
লগইন
ব্ৰেকিং

বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ ঘৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি

টাইগৰৰ পাছত অমিতাভ

নিউজ ডেস্ক : বলীউডৰ অভিনেতা অমিতাভ বচ্চনৰ মুম্বাইস্থিত ঘৰ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দুৰ্বৃত্তৰ । ই-মেইলৰ জৰিয়তে দুৰ্বৃত্তই ভাবুকি প্ৰদান কৰিছে অভিনেতাগৰাকীক । শুকুৰবাৰে এই ভাবুকিৰ বিষয়ে মুম্বাই আৰক্ষীক অৱগত কৰা হয়।

প্ৰাপ্ত তথ্য অনুসৰি, মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্স (BKC) অঞ্চলৰ এখন বিদ্যালয়লৈ এই ভাবুকিপূৰ্ণ ই-মেইল প্ৰেৰণ কৰা হৈছিল । ই-মেইলটোত অভিনেতা অমিতাভ বচ্চনৰ ঘৰ লক্ষ্য কৰি ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

অৱশ্যে, অভিনেতাগৰাকীৰ মুম্বাইস্থিত ‘জলছা’ নে ‘প্ৰতীক্ষা’ বাংলোক লক্ষ্য কৰি এই ভাবুকি দিয়া হৈছিল, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

ইয়াৰ পূৰ্বেও মুম্বাইৰ বৃহন্মুম্বাই পৌৰ নিগমৰ (BMC) কাৰ্যালয়লৈ ভাবুকিপূৰ্ণ ই-মেইল অহাৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰ পিছতে কাৰ্যালয়টোত নিৰাপত্তাৰক্ষীয়ে তালাচী চলায়। অৱশ্যে, তালাচীৰ সময়ত কোনো সন্দেহজনক বস্তু বা সামগ্ৰী উদ্ধাৰ হোৱা নাছিল বুলি মুম্বাই আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০ মাৰ্চতো মুম্বাই প্ৰেছ ক্লাবলৈ একেধৰণৰ ভাবুকিপূৰ্ণ ই-মেইল প্ৰেৰণ কৰা হৈছিল। এগৰাকী বিষয়াই জনোৱা অনুসৰি, প্ৰেছ ক্লাবৰ ভৱনৰ ভিতৰত বিষাক্ত গেছভৰ্তি কেইবাটাও সৰু বোমা স্থাপন কৰা হৈছে আৰু সেইবোৰ দিনৰ ১ বজাত বিস্ফোৰিত হ’ব বুলি ই-মেইলটোত দাবী কৰা হৈছিল।

প্ৰাথমিক তথ্য অনুসৰি, ‘নীৰজা আজমল খান’ নাম ব্যৱহাৰ কৰা এগৰাকী ব্যক্তিয়ে এই ই-মেইলটো প্ৰেৰণ কৰাৰ অভিযোগ উঠিছিল। ই-মেইলটোত প্ৰেছ ক্লাবৰ ভৱনৰ ভিতৰত ৪২টা ‘বিষাক্ত গেছৰ’ যন্ত্ৰ স্থাপন কৰা হৈছে বুলিও দাবী কৰা হৈছিল।

ই-মেইলটোত দাবী কৰা হৈছিল যে, তামিলনাডুৰ ৰাজনৈতিক পৰিস্থিতি আৰু ডিএমকেৰ সৈতে জড়িত একাংশ নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণক কেন্দ্ৰ কৰি প্ৰেৰণকাৰীসকল ক্ষুব্ধ হৈ পৰিছিল। লগতে, তেওঁলোকৰ অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ কৰাত বাধা দিয়া বুলিও ই-মেইলটোত উল্লেখ কৰা হৈছিল।

##bigupdate #newsupdate #celebritynews #amitabhbachchan #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।