তথ্য অনুসৰি, বিগত এসপ্তাহ ধৰি ‘কেবিচি’ৰ শ্বুটিং বন্ধ হৈ আছে। দীৰ্ঘদিন ধৰি অনুষ্ঠানটোৰ আঁত ধৰি আহিছে অমিতাভ বচ্চনে। কিন্তু তেওঁৰ শাৰীৰিক অৱস্থা বিশেষ ভাল নথকাৰ বাবে বৰ্তমানৰ বাবে নতুন খণ্ডৰ শ্বুটিং স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে নিৰ্মাতাসকলে। তাৰ পৰিৱৰ্তে কেইসপ্তাহমান পূৰ্বে শ্বুটিং কৰা তাৰকাসকলৰ পুৰণি খণ্ড সম্প্ৰচাৰ কৰিছে চেনেলটোৱে। দীপাৱলী উপলক্ষে বিশেষ খণ্ড হিচাপেই সেইসমূহ সম্প্ৰচাৰ কৰা হৈছে। এনে ধৰণৰ খবৰেই পোহৰলৈ আহিছে।
জানিব পৰা মতে ‘কৌন বনেগা ক্ৰোড়পতি ১৮’ৰ ডাঙৰ তাৰকাসকলক লৈ নিৰ্মাণ কৰা অন্তিমটো বিশেষ খণ্ডত উপস্থিত আছিল ৰণবীৰ কাপুৰ, ছাই পল্লৱী আৰু ৰবি ডুবে। ‘ৰামায়ণ’ ছবিখন মুক্তি পোৱাৰ পূৰ্বে ছবিখনৰ প্ৰচাৰৰ বাবে অনুষ্ঠানটোলৈ আহিছিল তেওঁলোক। প্ৰথমে ছবিখনৰ মুক্তিৰ সময়ৰ সৈতে সংগতি ৰাখি এই বিশেষ খণ্ডটো সম্প্ৰচাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। কিন্তু অমিতাভৰ শাৰীৰিক অসুস্থতাৰ বাবে সেই পৰিকল্পনাত পৰিৱৰ্তন কৰিবলগীয়া হয়। অৱশেষত দীপাৱলীৰ বিশেষ সপ্তাহৰ আৰম্ভণিতে ‘ৰামায়ণ’ৰ অভিনেতাসকলক লৈ নিৰ্মাণ কৰা খণ্ডটো সম্প্ৰচাৰ কৰা হয়।
অৱশ্যে অমিতাভৰ শাৰীৰিক অৱস্থাক লৈ আশাৰ খবৰো পোৱা গৈছে। সকলো ঠিকে থাকিলে অহা সপ্তাহৰ পৰাই পুনৰ আৰম্ভ হ’ব পাৰে শ্বুটিং। অৱশ্যে সেয়া সম্পূৰ্ণৰূপে অভিনেতাগৰাকীৰ শাৰীৰিক অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব।
ইফালে, শনিবাৰে নিজৰ ব্লগতো লাহে লাহে কামলৈ উভতি অহাৰ কথা সদৰী কৰে জ্যেষ্ঠ অভিনেতাগৰাকীয়ে। অনুৰাগীসকলৰ সৈতে তেওঁৰ সম্পৰ্কৰ কথাও উল্লেখ কৰে লিখনিটোত। অমিতাভে লিখিছে যে লাহে লাহে পুনৰ পুৰণি দৈনন্দিন ৰুটিনলৈ তেওঁ উভতি আহিছে। অৱশ্যে এই উভতি অহাৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰিত আৰু কিছু পৰিমাণে লেহেমীয়া। নিয়মিত কামৰ অভ্যাসৰ পৰা আঁতৰি থাকিলে চিনাকি অভ্যাসবোৰো যেন কিছু সলনি হৈ পৰে বুলি জনায় অভিনেতাগৰাকীয়ে।
‘কেবিচি ১৮’ৰ এটা খণ্ডত নিজৰ আঘাত পোৱাৰ কথা জনাইছিল অমিতাভে। শ্বুটিং চলি থকাৰ সময়তে পিছলি পৰি বাওঁ আঁঠুত আঘাত পাইছিল তেওঁ। সেই কাৰণতে অনুষ্ঠানটোৰ আৰম্ভণিতে থিয় হৈ কথা কোৱাৰ পৰিৱৰ্তে তেওঁক বহিয়েই আঁত ধৰিবলগীয়া হৈছিল। অৱশ্যে সেই সময়ত আঘাত গুৰুতৰ নহয় বুলি দৰ্শকসকলক আশ্বস্ত কৰিছিল অভিনেতাগৰাকীয়ে। পৰৱৰ্তী সময়ত চিকিৎসকৰ পৰামৰ্শ অনুসৰি কেইদিনমান জিৰণি লোৱাৰ কথাও তেওঁ জনায়।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।