Monday, 09 November 2026
লগইন
ব্ৰেকিং

মণিপুৰত সেনা -আৰক্ষীৰ অভিযান, অস্ত্ৰ-শস্ত্ৰ, ড্ৰাগছসহ গ্ৰেপ্তাৰ কেইবাজনকো

ড্ৰাগছ বিৰোধী অভিযান

নিউজ ডেস্ক : মণিপুৰত অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষী আৰু আইন-শৃংখলা বাহিনীৰ অভিযান অধিক তীব্ৰতৰ হৈ পৰিছে। ৰাজ্যখনৰ বিভিন্ন স্থানত পৃথক পৃথক অভিযান চলাই কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী, অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ।

মণিপুৰৰ সেনাপতি জিলাত সেনাপতি আৰক্ষী আৰু CRPF এটা যুটীয়া দলে বাহন তালাচী চলোৱাৰ সময়তে এটা আন্তঃজিলা ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ সম্ভেদ লাভ কৰে।

অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে থৌবাল জিলাৰ এজন বাসিন্দাক আটক কৰে। তেওঁৰ বাহনৰ পৰা লুকুৱাই ৰখা অৱস্থাত ৫৯০ গ্ৰাম ব্ৰাউন ছুগাৰ উদ্ধাৰ কৰা হয় বুলি জানিব পৰা গৈছে। পৰৱৰ্তী তদন্তত আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আন এজন লোকৰ পৰিচয় লাভ কৰে আৰু সেনাপতি মিনি ষ্টেডিয়াম খেলপথাৰৰ সমীপৰ পৰা তেওঁকো গ্ৰেপ্তাৰ কৰে।

ইতিমধ্যে জব্দ কৰা হৈছে নিচাজাতীয় সামগ্ৰীখিনিৰ লগতে বাহনখন। সমগ্ৰ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ তদন্ত অব্যাহত আছে।

আনহাতে, ইম্ফল পশ্চিম জিলাতো ড্ৰাগছবিৰোধী অভিযান চলায় মণিপুৰ আৰক্ষীৰ স্পেচিয়েল কমাণ্ডো ইউনিটে। বাহন খেদি গৈ চলোৱা অভিযানত ৩৫৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন পাউদাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে।

প্ৰাপ্ত তথ্য অনুসৰি, ইলাণ্ড হাস্পতালৰ সমীপৰ এটা তালাচী চকীত নিৰাপত্তাৰক্ষীয়ে সংকেত দিয়াৰ পিছতো এগৰাকী বাহন চালকে নিৰ্দেশ অমান্য কৰি দ্ৰুতবেগেৰে কাঁচিপুৰৰ দিশে পলায়ন কৰে। পৰৱৰ্তী সময়ত চালকজনে বাহনখন এৰি থৈ খোজকাঢ়ি সমীপৰ অঞ্চললৈ পলায়ন কৰে।

ইয়াৰ পিছতে এটা মোবাইল ফৰেনছিক দলে বাহনখন পৰীক্ষা কৰি গীয়েৰবক্সৰ ভিতৰত লুকুৱাই ৰখা অৱস্থাত সন্দেহযুক্ত নিচাজাতীয় সামগ্ৰীখিনি উদ্ধাৰ কৰে। ফৰেনছিক পৰীক্ষাত সামগ্ৰীখিনি হেৰ’ইন বুলি নিশ্চিত হয়। পৰৱৰ্তী আইনী ব্যৱস্থাৰ বাবে জব্দ কৰা সামগ্ৰীখিনি ছিংজামেই আৰক্ষী থানাৰ জিম্মাত দিয়া হয়।

ইফালে, ইম্ফল পূব জিলাতো আন এক যুটীয়া অভিযান চলায় ইম্ফল ইষ্ট কমাণ্ডো আৰু ৩১ অসম ৰাইফলছে। খুৰাই ছালানথং দলঙৰ সমীপৰ পৰা কাংলেইপাক য়াওল কানবা লুপ (KYKL)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ বিৰুদ্ধে স্থানীয় ব্যৱসায়ী আৰু সাধাৰণ নাগৰিকক ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

আন এক ঘটনাত, মণিপুৰ ৰাইফলছৰ সপ্তম বেটেলিয়নৰ জোৱানে নিয়মীয়া টহলৰ সময়ত মেইখাং পোষ্টৰ সমীপত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলী-বাৰুদ উদ্ধাৰ কৰে। পশ্চিম মেইখাঙৰ পাহাৰৰ নামনি অংশত এই সামগ্ৰীসমূহ উদ্ধাৰ কৰা হয়।

উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত কেইবাটাও আগ্নেয়াস্ত্ৰ, কেইবা ডজন হেণ্ড গ্ৰেনেড, ডিটনেটৰ আৰু সজীৱ গুলী-বাৰুদ আছে।
##bigupdate #newsupdate #antidrugoperation #manipur #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।