সংবাদ মাধ্যমসমূহত প্ৰকাশ পোৱা বাতিৰ অনুসৰি, হিমন্ত চৰকাৰে ১,০০০ কোটি ঋণ ল'ব ৷ উল্লেখ্য যে, ২৭ অক্টোবৰত অসম চৰকাৰে এহেজাৰ কোটিৰ ঋণ লৈছিল আৰু ১২ দিন পাছত পুনৰ এহাজাৰ কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে ।
তথ্য অনুসৰি, ছেপ্টেম্বৰলৈ অসম চৰকাৰে লোৱা মুঠ ঋণৰ পৰিমাণ আছিল ২,১১,৬৭৪.৩৭ কোটি বুলি জানিব পৰা গৈছে ৷ অহা ৯ নৱেম্বৰত এহেজাৰ কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰৰ মুঠ ঋণৰ পৰিমাণ ২,১৪,৬৭৪.৩৭ কোটি হ'ব ৷
হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালত যদিহে চোৱা যায় তেতিয়া ২৬ মে'ত ৭৫০ কোটি টকা, ১৬ জুনত ১,০০০ কোটি টকা, ৩০ জুনত ১,০০০ কোটি টকা, ১ ছেপ্টেম্বৰত ১,০০০ কোটি টকা, ১৫ ছেপ্টেম্বৰত ১,৩০০ কোটি টকা, ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকা, ১০ অক্টোবৰত ১,০০০ কোটি টকা আৰু যোৱা ২৭ অক্টোবৰত ১,০০০ কোটি টকাৰ ঋণ লৈছিল । ছেপ্টেম্বৰত চৰকাৰখনে সৰ্বাধিক ৩১০০ কোটি টকাৰ ঋণ লৈছিল ।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।