Monday, 09 November 2026
লগইন

টেঙাখাতৰ বিস্ফোৰণৰ ঘটনাত নিহতৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

সৰ্বানন্দ সোণোৱালৰ উদ্বেগ প্ৰকাশ

নিউজ ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৭ নৱেম্বৰত ডিব্ৰুগড় জিলাৰ টেঙাখাতত অইল ইণ্ডিয়া লিমিটেডৰ (OIL) টেংক ফাৰ্মত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই ঘটনাত এতিয়ালৈকে তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন চাৰিজন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, শুক্ৰবাৰে সংঘটিত এই ঘটনাত সাতজন লোক গুৰুতৰভাৱে আহত হৈছিল। তেওঁলোকৰ ভিতৰত তিনিজনে আঘাতৰ ফলত মৃত্যুক সাবটি লৈছে। আন চাৰিজন লোক সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।

এই ঘটনাক অত্যন্ত শোকাৱহ আখ্যা দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অইল ইণ্ডিয়া লিমিটেডক বিষয়টোক যথোচিত গুৰুত্ব প্ৰদান কৰাৰ লগতে প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

আহতসকলৰ উন্নত চিকিৎসা নিশ্চিত কৰিবলৈও তেওঁ কোম্পানীটোক আহ্বান জনায়। বিশেষকৈ সংকটজনক অৱস্থাত থকা লোকসকলে যাতে সম্ভৱপৰ সৰ্বোত্তম চিকিৎসা লাভ কৰে, সেই বিষয়ত গুৰুত্ব আৰোপ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, টেঙাখাতৰ প্ৰকল্পস্থলীত সংঘটিত বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ আঁৰৰ পৰিস্থিতি তথা কাৰণসমূহ নিৰ্ধাৰণ কৰিবলৈ সৰ্বানন্দ সোণোৱালে এক বিস্তৃত তদন্তৰো দাবী জনায়।
##assam #bigupdate #newsupdate #oilindialimited #sarbanandasonowal #dibrugarh #latestupdate

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।