নিউজ ডেস্ক : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰৰ মলাখোৱাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। মলাখোৱা গাঁৱৰ বাসিন্দা সহিদুৰ ইছলামৰ বাসগৃহৰ এটা বিল্ডিঙৰ ওপৰত হঠাৎ জুইৰ সূত্ৰপাত হয়।
তথ্য অনুসৰি, অগ্নিকাণ্ডৰ ফলত বিল্ডিঙৰ ওপৰত মজুত কৰি ৰখা প্ৰায় ২০০ মোন মৰাপাট সম্পূৰ্ণৰূপে জুইত জাহ যায়। ইয়াৰ উপৰি কাঠ, বাঁহকে ধৰি বিভিন্ন সামগ্ৰী আৰু আচবাবো ভস্মীভূত হয়। এই অগ্নিকাণ্ডত প্ৰায় ১৫ লক্ষাধিক টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন হোৱা বুলি জানিব পৰা গৈছে।
পিছত হাটশিঙিমাৰীত থকা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ বহু তৎপৰতাৰে জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাৰ ফলতে সহিদুৰ ইছলামৰ বিল্ডিঙৰ তলৰ মহলাটো অগ্নিকাণ্ডৰ কবলৰ পৰা ৰক্ষা পৰে।
প্ৰাথমিকভাৱে বিদ্যুতৰ বিসংগতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।

মন্তব্য (0)
লগইন কৰি মন্তব্য লিখক।