Friday, 20 November 2026
লগইন
ব্ৰেকিং

অশান্ত বাংলাদেশৰ গোপালগঞ্জ ! আৰক্ষীক আক্ৰমণ, অস্ত্ৰ-শস্ত্ৰ লৈ হাছিনাৰ দলৰ সমৰ্থকৰ সমদল

অশান্ত বাংলাদেশ!

নিউজ ডেস্ক : আওামী লীগৰ ‘শক্তিশালী দুৰ্গ’ হিচাপে পৰিচিত বাংলাদেশৰ গোপালগঞ্জত শক্তি প্ৰদৰ্শন কৰিলে শেখ হাছিনাৰ দলে। দেওবাৰে দলটোৰ কৰ্মী-সমৰ্থকসকলে দা, কুঠাৰৰ দৰে চোকা অস্ত্ৰ হাতত লৈ সমদল উলিয়ায়। সমদলৰ সময়ত আৰক্ষীৰ এখন বাহন ভাঙি-ছিঙি লণ্ডভণ্ড কৰা হয়। টুংগীপাড়াত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি এজন আৰক্ষী কৰ্মীকো গুৰুতৰভাৱে আহত কৰা হয়।

সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে, সন্ধিয়া টুংগীপাড়াৰ এজন বিএনপি নেতাৰ ঘৰত অগ্নিসংযোগ কৰা বুলিও অভিযোগ উত্থাপন হৈছে । তখ্য অনুসৰি, গোপালগঞ্জৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ পিছতে প্ৰশাসনে অঞ্চলটোত সেনা মোতায়েনৰ সিদ্ধান্ত লয়। একে সময়তে গোপালগঞ্জৰ আৰক্ষী অধীক্ষক মহম্মদ হাবিবুল্লাহকো বদলি কৰা হয়।

বাংলাদেশৰ এখন সংবাদপত্ৰৰ প্ৰতিবেদন অনুসৰি, স্থানীয় সময় অনুসৰি দেওবাৰে পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বাজি ৪৫ মিনিটলৈকে গোপালগঞ্জৰ বিভিন্ন পথত আওয়ামী লীগৰ কৰ্মী-সমৰ্থকসকলে সমদল উলিয়ায়। বহুতকে মূৰত হেলমেট পিন্ধি আৰু হাতত অস্ত্ৰ লৈ সমদলত অংশগ্ৰহণ কৰা দেখা যায়।

গোপালগঞ্জ লঞ্চঘাট এলেকাত এটা স্মৃতিসৌধ ভাঙি পেলোৱাৰ অভিযোগো তেওঁলোকৰ বিৰুদ্ধে উত্থাপন হৈছে। ইয়াৰ উপৰি গোপালগঞ্জ চৰকাৰী মহাবিদ্যালয়ৰ নামফলক আঁতৰাই তাৰ ঠাইত ‘চৰকাৰী বঙ্গবন্ধু কলেজ’ লিখা এখন বেনাৰ আঁৰি দিয়া হয় বুলিও অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ গোপালগঞ্জৰ টুংগীপাড়াত এজন আৰক্ষী কৰ্মীৰ ওপৰতো আক্ৰমণ সংঘটিত হয়। তেওঁ টুংগীপাড়া চৰকাৰী মহাবিদ্যালয় ৰোড এলেকাত কৰ্তব্যৰত অৱস্থাত আছিল। ‘প্ৰথম আলো’ৰ প্ৰতিবেদন অনুসৰি, দুপৰীয়া সেই স্থানত এদল দুৰ্বৃত্তই হাতত অস্ত্ৰ লৈ তেওঁৰ ওপৰত আক্ৰমণ চলায়। আৰক্ষী কৰ্মীজনক চোকা অস্ত্ৰৰে ঘপিয়াই আহত কৰি আক্ৰমণকাৰীসকলে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। আহত অৱস্থাত তেওঁক গোপালগঞ্জ মেডিকেল কলেজ এণ্ড হাস্পতালত ভৰ্তি কৰোৱা হয়।

দেওবাৰে সন্ধিয়া টুংগীপাড়াৰ পাটগাতী বজাৰ এলেকাত বিএনপিৰ এজন নেতাৰ ঘৰতো আক্ৰমণ সংঘটিত হয়। দুৰ্বৃত্তই তেওঁৰ ঘৰত অগ্নিসংযোগ কৰে। বিএনপি নেতাজনৰ ঘৰৰ তলৰ মহলাত এখন দোকানো আছিল। সেই দোকানৰ পৰা সামগ্ৰী লুটপাত কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

গোপালগঞ্জৰ আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ ছয় প্লাটুন বাংলাদেশ সীমান্তৰক্ষী বাহিনী (বিজিবি) মোতায়েন কৰা হয়। ফেনীৰ আৰক্ষী অধীক্ষকক গোপালগঞ্জলৈ পঠিয়াই শীঘ্ৰে দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হয়।

শেখ মুজিবুৰ ৰহমানৰ জন্মস্থান তথা শ্বেখ হাছিনাৰ সংসদীয় সমষ্টি গোপালগঞ্জ দীৰ্ঘদিন ধৰি আওয়ামী লীগৰ শক্তিশালী দুৰ্গ হিচাপে পৰিচিত। বৰ্তমান বাংলাদেশত আওয়ামী লীগৰ সকলো কাৰ্যসূচী নিষিদ্ধ কৰা হৈছে। তাৰ মাজতে হাছিনাৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনাক লৈ বাংলাদেশত ক্ৰমাৎ চৰ্চা বৃদ্ধি পাইছে। ঢাকা-সহ বাংলাদেশৰ বিভিন্ন প্ৰান্তত আওয়ামী লীগৰ কৰ্মী-সমৰ্থকসকল সক্ৰিয় হৈ উঠাৰ খবৰো পোহৰলৈ আহিছে।

উল্লেখ্য যে, শ্বেখ হাছিনাই শেহতীয়াকৈ বিভিন্ন সাক্ষাৎকাৰ আৰু আলোচনাত দাবী কৰিছে যে তেওঁ ডিচেম্বৰ মাহতে বাংলাদেশলৈ উভতি যাব বিচাৰে। অৱশ্যে, তেওঁ এতিয়ালৈকে উভতি অহাৰ কোনো নিৰ্দিষ্ট তাৰিখ ঘোষণা কৰা নাই। ভাৰত বা বাংলাদেশ চৰকাৰেও তেওঁৰ প্ৰত্যাৱৰ্তনৰ দিন-তাৰিখ সন্দৰ্ভত নিৰ্দিষ্টকৈ একো জনোৱা নাই।

কিন্তু হাছিনাই বাংলাদেশ এৰি যোৱাৰ পিছত তেওঁৰ অনুপস্থিতিতেই দেশখনত তেওঁৰ বিৰুদ্ধে ‘মানৱতাবিৰোধী অপৰাধ’ৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পন্ন হয়। সেই বিচাৰত তেওঁক দোষী সাব্যস্ত কৰি মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা হয়। এনে পৰিস্থিতিত হাছিনা অৱশেষত বাংলাদেশলৈ উভতি আহিলে তেওঁৰ মৃত্যুদণ্ডৰ ৰায় কাৰ্যকৰী হোৱাৰো সম্ভাৱনা আছে। অৱশ্যে হাছিনাৰ দাবী, মৃত্যুদণ্ডৰ ভয়েও তেওঁক বাংলাদেশলৈ উভতি অহাৰ পৰা বাধা দিব নোৱাৰিব।
##bangladesh #tensions #sheikhhasina #returntohome

মন্তব্য (0)

লগইন কৰি মন্তব্য লিখক।

NEWSLETTER

গুৰুত্বপূৰ্ণ সংবাদ আপোনাৰ ইমেইলত

নির্বাচিত শেহতীয়া সংবাদ পোনপটীয়াকৈ লাভ কৰক।